পাৰ্থ-সাৰথি শ্ৰীকৃষ্ণ
Chapter 10
অনুশীলনীঃ
১। শব্দ-অৰ্থ ঃ
উপনীত – উপস্থিত, আহি পোৱা
ওলোটা দূত – একেজনে দূতকে পক্ষয়ো দূতৰূপে কামত লগোৱা
বৰণ কৰা – অভ্যৰ্থনা কৰা কাৰ্য, মনোনয়ন কৰা
সমাচাৰ – খবৰ, বাৰ্তা, বাতৰি
সন্ধি স্থাপন – দুটা বিৰোধী পক্ষৰ লগত মিল ঘটোৱা
বাঞ্জা – ইচ্ছা, কামনা
অবাবতে – অকাৰণতে, প্ৰয়োজনহীনভাৱে, বিনা কাৰণত, অযথা
উলটি – উভতি, ঘূৰি
পুনৰপি – আকৌ
অনতি পলমে – সোনকালে, শীঘ্ৰে
চৰাচৰ – জগত, পৃথিৱী
ছেগতে – সুযোগ, সুবিধা
কৃষ্ণাগ্ৰজ – কৃষ্ণৰ ককায়েক
গুপত – আনে নজনা, লুকোৱা, অইনৰ আৰ কৰি কৰা
কালহৰণ – সময় নষ্ট, কালক্ষয়
দিহা – পৰামৰ্শ, নিৰ্দেশ, বুজাই থোৱা
অভিভূত – লালকাল, বিগলিত, বিহ্বল, পৰভূত, বিতত
জাগৰণ – সাৰপোৱা, জাগি উঠা
অগ্ৰগণ্য – প্ৰধান, প্ৰথমে উল্লেখযোগ্য, আগ্ৰাধিকাৰ যোগ্য
ঠাৱৰ – স্থিৰ, ঠিক
দিঠক – সাৰে থকা অৱস্থা, বাস্তৱ
ম্লান – মলিন, বিৰ্মৰ্ষ, নিষ্প্ৰভ
ভৰি পথান – বিছনাৰ যিফালে থাকে
পাশকাটি – ঘূৰি, মুখ ঘূৰাই চাই
হেলেন বৈঠক – আউজি বহা
সমিধান – উত্তৰ
শিতান – বিছনাত মূৰ ৰখা ফাল
আথেবেথে – ব্যস্তভাৱে
সন্দিহান – সন্দেহভৰা, বিশ্বাস-অবিশ্বাসৰ মাজত
চিত – মন
সৌহৃদ্য – আন্তৰিকতা, সু-সম্পৰ্ক
বিচলিত – অস্থিৰ, লৰচৰ হোৱা।
প্ৰত্যুৎপন্নমতি – উপস্থিত বুদ্ধি থকা, ততালিকে বুদ্ধি উলিয়াই কাম কৰিব বা কথা ক’ব পৰা
চম্ভালি – সংযত কৰি, দমন কৰি, বশ কৰি, সমাধা কৰি
ধনিষ্ঠামানো – অকণমানো, অলপমানো
অৰ্বুদ – দহকোটি
প্ৰতিশ্ৰুত – প্ৰতিজ্ঞাবদ্ধ, কথা দি থোৱা, দিম বুলি স্বীকাৰ কৰা
ততালিকে – তৎক্ষণাৎ, পলম নকৰাকৈ
আতিথ্যমন্দিৰ – অতিথিশালা
সাৰথ্য – সাৰথি হিচাপে সংগ দিয়া, ৰথৰ লগৰীয়া হোৱা
অক্ষয় কীৰ্তি – চিৰযুগমীয়া সুখ্যাতি
বাসনা – কামনা, ইচ্ছা
অন্তৰ্যামী – জীৱৰ মনক যিয়ে পৰিচালনা কৰিব পাৰে; আত্মাৰ নিয়ামক, জগতৰ সকলো বস্তুকে নিয়ন্ত্ৰণ কৰিব পৰা শক্তিধাৰী
সুকীয়া – বেলেগ
পোনেই – পোনতে প্ৰথমতে
সমিচাৰ – মুখে মুখে দিয়া উত্তৰ, লিখিতভাৱে দিয়া সমাচাৰ
হৃষ্টচিত্তে – হৰিষমনে, আনন্দিত হৈ, প্ৰফুল্লমনে
২। চমু প্ৰশ্নোত্তৰঃ(ক) শ্ৰীকৃষ্ণনৰ দুৰ্যোধনৰ দূতক কি কামৰ কাৰণে পাচিলে?
উত্তৰঃ- শ্ৰীকৃষ্ণনৰ দুৰ্যোধনৰ দূতক ওলোতাই দূত বৰণ কৰি কৌৰৱৰ ৰাজ্যলৈ সমাচাৰ পঠিয়ালে।
(খ) দুৰ্যোধন কৃষ্ণৰ ওচৰলৈ কি উদ্দেশ্যে আহিছিল?
উত্তৰঃ- দুৰ্যোধন কৃষ্ণৰ ওচৰলৈ কৃষ্ণক কৌৰৱৰ সেনাপতি ৰূপে বৰণ-কৰণ কৰাৰ উদ্দেশ্যে আহিছিল।
(গ) অৰ্জুন কি প্ৰস্তাৱ লৈ দ্বাৰকালৈ গৈছিল?
উত্তৰঃ- অৰ্জুন শ্ৰীকৃষ্ণক কুৰু-পাণ্ডৱৰ ৰণলৈ নিমন্ত্ৰণ কৰিব লৈ দ্বাৰকালৈ গৈছিল।
(ঘ) দুৰ্যোধনে আগতে গৈয়ো কি কাৰণে মনতে ভাবি যোৱা প্ৰস্তাৱ কৃষ্ণক দিব নোৱাৰিলে?
উত্তৰঃ- দুৰ্যোধনে আগতে গৈয়ো মনতে ভাবি যোৱা প্ৰস্তাৱ কৃষ্ণক দিব নোৱাৰিলে কাৰণ শ্ৰীকৃষ্ণৰ শয়ন কক্ষত অৰ্জুনক দেখা পািছিল।
৩। তলত দিয়া শব্দলৈ চোৱাঃ
‘অগ্ৰজ’- পোনপটীয়া সংস্কৃত শব্দ; ইয়াকে অসমীয়া ভাষাত ‘তৎসম’ শব্দ বোলে। এনে শব্দ পাঠটোত কিমান আছে বাছি উলিওৱা।
৪। তলৰ শব্দবোৰ বাক্যত ব্যৱহাৰ কৰাঃ
হৰ্ষচিত্তে – ৰামে সদায় হৰ্ষচিত্তে বিদ্যালয়লৈ যায়।
আগধৰি – ৰিমা বিদ্যালয়লৈ যোৱাৰ সময়ত বাটতে তাইৰ লগৰ ভানুৰ মাকে আগধৰি প্ৰশ্ন কৰিছিল।
প্ৰত্যুৎপন্নমতি – প্ৰত্যুৎপন্নমতি হ’লে সকলো বিপদৰ পৰা হাত সাৰিব পাৰি।
চম্ভালি লৈ – সময় থাকোতেই ডক্টৰে সকলো চম্ভালি ল’লে।
বাছনি মত – কুইজ খেলৰ বাছনি মতে ‘ক’ দলটো জয়ী হ’ল।
ধীৰে ধীৰে – ধীৰে ধীৰে বেলি পশ্চিম দিশত মাৰ গ’ল।
৫। চমুটোকা লিখা।
অৰ্জুনঃ-অৰ্জুন হ’ল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ। পঞ্চ-পাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্জুনৰ পিতৃৰ নাম পাণ্ডু আৰু মাতৃৰ নাম কুন্তী। মহাভাৰতীয় সাহিত্যত অৰ্জুনক অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধা হিচাপে দাঙি ধৰা হৈছে। শ্ৰী কৃষ্ণক ৰথৰ সাৰথি হিচাপে লৈ তেওঁ কৌৰৱৰ বিৰুদ্ধে মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ জয়ত মুখ্য ভূমিকা লৈছিল। অৰ্জুন আছিল দেৱৰাজ ইন্দ্ৰৰ মানস সন্তান। গুৰু দ্ৰোণাচাৰ্য্যৰ তত্ত্বাৱধানত অৰ্জুনে বিশেষভাৱে শিক্ষাগ্ৰহণৰ সুবিধা পাইছিল আচাৰ্য্যপুত্ৰ অশ্বত্থামাৰ লগত। সেয়েহে তেওঁ আন ৰাজকুমাৰ সকলোতকৈ বেছি আগুৱাই যোৱাৰ পথ প্ৰশস্ত হৈছিল। পৰৱৰ্তী সময়ত এই বিদ্যাৰ সদ্ব্যৱহাৰ কৰি অৰ্জুনে নিজকে বিশ্বপ্ৰসিদ্ধ ধনুৰ্দ্ধৰ যোদ্ধা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। অৰ্জুন এজন অতিমহাৰথী আছিল যি অকলে ১২জন মহাৰথীৰ সমান।
নাৰায়ণীসেনাঃ- শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা সেনা। পিতৃ শ্ৰদ্ধাক কাৰণে বৰাহ চিকাৰ কৰিবলৈ যাওঁতে যেতিয়া তেওঁৰ চিৰশত্ৰু জৰাসন্ধ ৰজাৰ সৈন্যই তেওঁক অকলে পাই বেঢ়ি ধৰিছিল তেতিয়া নাৰায়ণী সেনা নামৰ এই এক অযুত সৈন্য শ্ৰীকৃষ্ণৰ দেহৰ পৰা বাহিৰ হৈছিল। কুৰুক্ষেত্ৰৰ কৌৰৱ পাণ্ডৱৰ মাজত লগা যুদ্ধৰ পাৰম্ভত শ্ৰীকৃষ্ণক কাৰ ফলীয়া কৰিব পৰা হয় তাৰ কাৰণে কৌৰৱ পাণ্ডৱ উভয় পক্ষৰে অৰিয়া অৰি লাগিছিল। শেষত শ্ৰীকৃষ্ণই নিজে পাণ্ডৱৰ ফলীয়া হ’ল আৰু দুৰ্যোধনক এক অযুত নাৰায়ণী সেনা দি সন্তুষ্ট কৰিছিল।
দুৰ্যোধনঃ- মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জেষ্ঠ্য। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
শ্ৰীকৃষ্ণঃ- হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ “আন্ধাৰ, ক’লা, ঘন নীলা”। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক ‘স্বয়ং ভগবান‘ বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে।