Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 12 Answer আঘোনৰ পূৰ্ণিমা

আঘোনৰ পূৰ্ণিমা

Chapter 12

অনুশীলনী

১। শব্দ – অর্থ

কাজেলি ( কথিত ) – কজলা

নুন ( কথিত ) – লোণ

টেপােল ( কথিত ) – টেপৰ ( টেঙা )

হক ( কথিত ) – হওঁক

এনথােৰ ( কথিত ) – এওঁলােকৰ

বেটাই ( কথিত ) – পাে

মহােৰ ( কথিত ) – মহৰ

বাঁহোৰ – ( কথিত) – বাঁহৰ

ভাল-ভোলকা – যিজনে মহোহোত ভালুকৰ ভাও দিয়ে

দিবাক লাগি – দিবলৈ

নাঙাল – নাঙল

খালু – খালো

নেদি – নিদি

দিলাক – দিলে

ল’ৰা চ’ৰি – লৰচৰ কৰে

ৰেহ-ৰূপ – গয়-গতি, গতিগ্ৰোত্ৰ, আলেখলেখ

পিৰালি – ঘৰৰ ভেটিৰ বাহিৰৰ অংশ

জোলোঙা – মোনা

আঁতি-গুৰি – পৰিচয়, আদি কথা, মূল কথা

বিনোদন – আমোদ দিয়া কাৰ্য

খু-দুৱনি – উগুল-থুগুল

আচহুৱা – নজনা-নুশুনা

(টোকাঃ বুঢ়াদিয়া এখন নদীৰ নাম; আধেলি = ৫০ পইচাৰ মুদ্রা; সিকি = ২৫ পইচাৰ মুদ্রা। )

২। বুজি লােৱাঃ

লােক সংস্কৃতিঃ বিভিন্ন অঞ্চলত চলি থকা নৃত্য, গীত সাজ – পােছাক, খােৱা বােৱা আদিৰ সুকীয়া – সুকীয়া বৈশিষ্ট্য আছে। এইবােৰেই লােক-সংস্কৃতি। লােক সংস্কৃতি হ’ল পৰম্পৰাৰ পৰা অহা। পৰম্পৰাৰ অর্থ, ‘যি আগৰে পৰা চলি আহিছে।

৩। চমু উত্তৰ দিয়াঃ

(ক) মহখেদা উৎসৱটো অসমৰ কোন কোন অঞ্চলত পালন কৰা হয়।

উত্তৰঃ- মহখেদা উৎসৱটো অসমৰ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং আৰু বাক্সা অঞ্চলত পালন কৰা হয়।

(খ) মহােহাে শব্দটোৰ উৎপত্তি কেনেকৈ হ’ল?

উত্তৰঃ- মহােহাে শব্দটোৰ উৎপত্তি হ’ল প্ৰাচীন কালত।

(গ) মহােহাে উৎসৱ কোন মাহৰ কোনটো সন্ধিয়াত পালন কৰা হয়?

উত্তৰঃ- মহােহাে উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ সন্ধিয়াত পালন কৰা হয়।

(ঘ) মহােহাে গােৱা দলটোৱে গৃহস্থক কি আশীর্বাদ দিলে?

উত্তৰঃ- মহােহাে গােৱা দলটোৱে গৃহস্থক “গৃহস্থৰ কুশল হ’ক” বুলি আশীর্বাদ দিলে।

৪। মহখেদা উৎসৱ পালন কৰোঁতে দলটোৱে কি কি কৰে তাৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ- মহখেদা উৎসৱ গাৱঁৰ সাত-আঠজন মান ল’ৰা লগ হয়, তাৰে এজনে ভালুকৰ ভেশ ধৰে। সি গাঁত শুকান কলপাত মেৰিয়াই লয় আৰু হাতত বাঁহৰ শুকান ঢকুৱাক খাৰু, বাজু আৰু শিৰত মুকুট পিন্ধে। তেওঁলোকে গৃহস্থৰ ঘৰে-ঘৰে যায় আৰু

‘আঘোণৰ পূৰ্ণিমা হ’ল

 মহ খেদিবৰ হুকুম হ’ল’

এনেদৰে কয় আৰু তাৰ পাছত মহোহো গীত গায় আৰু গৃহস্থৰ ঘৰৰ পৰা অহাৰ সময়ত গৃহস্থক “গৃহস্থৰ কুশল হ’ক” বুলি আশীর্বাদ দিয়ে।

৫। পকাধান খাবলৈ অহা বটা চৰাইক হুৰাই দিবলৈ কি গীত গােৱা হয়?

উত্তৰঃ- পকাধান খাবলৈ অহা বটা চৰাইক হুৰাই দিবলৈ গোৱা গীতটো হ’ল-

‘হুৰ হুৰ বটাচৰাই

মোৰ ধান নেখাবি

তোক দিম গোটে কড়াই’।

৬।বাক্য ৰচনা কৰাঃ

আঁতি – গুৰি, খু – দুৱনি, জোলােঙা, পিৰালি, আচহুৱা

৭। কাহিনীটো পঢ়ি চমুকৈ উত্তৰ দিয়াঃ

(ক) পাপৰিৰ দেউতাক কোন?

উত্তৰঃ- পাপৰিৰ দেউতাক মহীধৰ পণ্ডিত।

(খ) পণ্ডিতনীৰ নাতি – নাতিনীহালৰ নাম কি?

উত্তৰঃ- পণ্ডিতনীৰ নাতি – নাতিনীহালৰ নাম কনমইনা আৰু মাজনী।

(গ) মহীধৰ পণ্ডিতে ছােৱালীজনীক ক’লৈ বিয়া দিছে?

উত্তৰঃ- মহীধৰ পণ্ডিতে ছােৱালীজনীক শিৱসাগৰত বিয়া দিছে।

(ঘ) মাজনীয়ে কোন শ্রেণীৰ পৰীক্ষা দি আহিছে ?

উত্তৰঃ- মাজনীয়ে অষ্টম শ্রেণীৰ পৰীক্ষা দি আহিছে।

(ঙ) মাজনীৰ ককাকৰ নাম কি ?

উত্তৰঃ- মাজনীৰ ককাকৰ নাম মহীধৰ পণ্ডিত।

(চ) সােণমইনা আৰু মাজনী প্রতিবছৰে এবাৰ গাঁৱৰ ঘৰলৈ আহে কিয়?

উত্তৰঃ– সােণমইনা আৰু মাজনী প্রতিবছৰে এবাৰ নামনি অসমৰ ৰেহ-ৰূপ চাবৰ বাবে গাঁৱৰ ঘৰলৈ আহে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects