Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 14 Answer বৰুণৰ প্ৰাতঃভ্ৰমণ

বৰুণৰ প্ৰাতঃভ্ৰমণ

Chapter 14

১। শব্দ-অৰ্থঃ

ঘড়ী এলাৰ্ম – এটা নিদিষ্ঠ সময়ত শব্দ কৰি সংকেত দিয়াৰ ব্যৱস্থা।

উম-ঘাম – খা-খবৰ, অনুসন্ধান, ভূ-ভা।

আখৰে-আখৰে – অকনো ইফাল-সিফাল নোহোৱাকৈ

ঢলফাট – ৰাতিপুৱা বেলি ওলোৱাৰ আগতে আকাশত দেখা দিয়া পোহৰৰ ৰেঙনি।

চূড়া – আটাইতকৈ ওখ অংশ, টিঙ।

বিতত – বিচলিত বিবুদ্ধি

ধলপুৱা – ৰাতিপুৱা সূৰ্যোদয়ৰ আগতে পোহৰ হোৱা অৱস্থা।

পৰভাতে – ( প্ৰভাতৰ কাব্যিক ৰূপ ) ৰাতিপুৱাতে ।

শ্যামকানু – শ্যাম বৰণীয়া কানাই ( শ্ৰীকৃষ্ণ বাল্যকালৰ নাম )।

দোকমোকালি – ৰাতিপুৱা ঠিক আগৰ সময়খিনি, এন্ধাৰ পোহৰৰ দোমোজা।

খলকণি – খল খল শব্দ

ধেনু – গাইগৰু।

অণ্ঠ-কণ্ঠ – জিভাৰ মূলৰ পৰা নলীৰ বাট, ওঁঠৰ পৰা কণ্ঠলৈকে ঠাইখিনি, ডিঙি

অগা-দেৱা – সমুখেৰে জঁপিয়াই ফুৰা, আগে আগে জঁপিয়াই ফুৰা

চীঁ-চিয়াই – চীঁ চিঁ শব্দ কৰা ( ভোমোৰাৰ শব্দ )

আত্মৰক্ষা – নিজকে বিপদৰ পৰা ৰক্ষা কৰা

কিৰীলিয়াই – আনন্দতে ডাঙৰকৈ হাঁহি মাতি শব্দ কৰা।

একান্ত – আনফালে মন নিদি এটাইত মন লগোৱা, একমনে।

২। চমুকৈ উত্তৰ দিয়া —

(ক) সাধাৰণতে বৰুণ ৰাতিপুৱা কেইটা বজাত উঠে?

উত্তৰঃ- সাধাৰণতে বৰুণ ৰাতিপুৱা ছয় বজাৰ পাছত উঠে।

(খ ) প্রাতঃভ্রমণ মানে কি বুজা? প্রাতঃভ্রমণ কৰাটো কিয় দৰকাৰী?

উত্তৰঃ- প্রাতঃভ্রমণ মানে হ’ল ৰাতিপোৱা সোনকালে উঠি দেহ-মন ভালে থাকিবৰ বাবে কৰা ভ্ৰমণ।

(গ) মাকে বৰুণক কি উপদেশ দিছিল?

উত্তৰঃ- কোনো কামতে পলম কৰিব নালাগে, আনৰ বাবে ৰৈ থাকিব নালাগে। ভাল কাম কৰিবলৈ মনত সাহস একাগ্ৰতা লাগে। তেতিয়াহে সফল হ’ব পাৰি। মাকে বৰুণক এনেদৰে উপদেশ দিছিল।

(ঘ) প্রাতঃভ্রমণৰ বাবে দেউতাকে বৰুণক কি কৰিবলৈ কৈছিল? বৰুণৰ প্রাতঃভ্রমণ কৰা হ’লনে?

উত্তৰঃ- প্রাতঃভ্রমণৰ বাবে দেউতাকে বৰুণক ৰাতিপোৱা সোনকালে উঠিবৰ বাবে কৈছিল। বৰুণৰ প্রাতঃভ্রমণ কৰা নহ’ল।

(ঙ) পাহাৰৰ চূড়াত থকা আহল বহল ঠাইটুকুৰাত পকীঢাপ এটা কিয় সাজি দিয়া বুলি বৰুণে ভাবিছিল?

উত্তৰঃ- পাহাৰৰ চূড়াত থকা আহল বহল ঠাইটুকুৰাত পকীঢাপ এটা প্ৰাতঃভ্ৰমলৈ অহা মানুহবোৰ বহিবলৈ সাজি দিয়া বুলি বৰুণে ভাবিছিল।

(চ) কিহৰ শব্দত বৰুণৰ টোপনি ভাগিল? সাৰ পাই সি কি দেখিলে?

উত্তৰঃ- হাঁহিৰ খলকনিৰশব্দত বৰুণৰ টোপনি ভাগিল।

(ছ) কপালত হাত থৈ মাকে বৰুণক কি কৈছিল?

উত্তৰঃ- কপালত হাত থৈ মাকে বৰুণক কৈছিল যে “কি প্ৰাতঃভ্ৰমণৰ কথা বিৰ বিৰাই আছ? থই কিবা ভয় লগা সপোন দেখিছিলি নেকি? একেবাৰে জ্বৰ ঘমাদি ঘামিছ দেখোন?”

(জ) বৰুণে লতামাকৰি বাঘ ক’ত দেখিছিল?

উত্তৰঃ- বৰুণে লতামাকৰি বাঘ চিৰিয়াখানাত দেখিছিল।

(ঝ) ৰাতি নুপুৱাওঁতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হােৱা নাই’ এই কথাষাৰ সপােনত বৰুণক কোনে কৈছিল?

উত্তৰঃ- ৰাতি নুপুৱাওঁতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হােৱা নাই’ এই কথাষাৰ সপােনত বৰুণক লতামাকৰি বাঘটোৱে কৈছিল।

(ঞ) প্রাতঃভ্রমণলৈ যাওঁতে বৰুণে কি পিন্ধি যােৱাৰ কথা ভাবিছিল?

উত্তৰঃ- প্রাতঃভ্রমণলৈ যাওঁতে বৰুণে বগা হাফ পেণ্ট, নীলা স্পাটিং আৰু খেলিবলৈ যোৱা জোতাযোৰ পিন্ধি যােৱাৰ কথা ভাবিছিল।

৩। সপােনত বাঘটো দেখি বৰুণৰ অৱস্থা কেনে হৈছিল? পাঁচটা বাক্য লিখা।

উত্তৰঃ- সপােনত বাঘটো দেখি বৰুণ ভয়ত বিতত হৈছিল আৰু সি জ্বৰে-ঘামে ঘামিবলৈ ধৰিছিল।

৪। সপােনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে কি কি দেখিছিল আৰু কি কি শুনিছিল?

উত্তৰঃ- সপােনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে জোনাকৰ অপৰূপ সৌন্দৰ্য, প্ৰকৃতিৰ মনোমোহো ৰূপ, শহাপহু, লতামাকৰি বাঘ দেখিছিল আৰু চৰাইৰ কিৰীলি, পোৱালীবোৰৰ চী-চী শব্দ, খৰখৰণিৰ শব্দ শুনিছিল।

৫। বৰুণে টোপনিত জ্বৰ ঘামে ঘামিছিল কিয়?

উত্তৰঃ- বৰুণে সপোনত লতামাকৰি বাঘ দেখি টোপনিত জ্বৰ ঘামে ঘামিছিল।

৬। বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কিয়? দেউতাকে তাৰ ভয় দূৰ কৰিবলৈ কি কৈছিল ?

উত্তৰঃ- বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কাৰণ আজিকালি চহৰৰ মাজতে বাঘ ওলায়। দেউতাকে তাৰ ভয় দূৰ কৰিবলৈ তাক কৈছিল যে বাঘে আত্মৰক্ষাৰ বাবেহে আক্ৰমন কৰে।

৭। আজিকালি বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে কিয়?

উত্তৰঃ- মানুহে পাহাৰ আৰু বননিৰ গছ-লতা কাটি খাস্তাং কৰিছে, সেয়েহে বাঘৰ বাবে থকা ঠাইৰ অভাৱ, খাদ্য পাবলৈকো টান হৈছে। সেইবাবে আজিকালি বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে।

৮। বৰুণে সপােনত দেখা বাঘটো কি বাঘ আছিল? তিনিবিধ বাঘৰ নাম লিখা।

উত্তৰঃ- বৰুণে সপােনত দেখা বাঘটো লতামাকৰি বাঘ আছিল। তিনিবিধ বাঘৰ মান হ’ল নাহৰফুটুকি, ঢেঁকিয়াপটীয়া, লতামাকৰি।

৯। (১) বুজি লােৱা ।

(ক) গছ-বনৰ মাজেৰে বৈ অহা বতাহ শীতল হয়।

(খ) বাল্যকালত ৰাতিপুৱাতে শ্রীকৃষ্ণই গৰু চৰাবলৈ নিছিল। তাকে লৈ অনেক লােকগীতৰ সৃষ্টি হৈছে।

(গ) কালি আৰু কাইলৈৰ মাজৰ পার্থক্য দেখুৱাবলৈ দুটা বাক্য ৰচনা কৰা।

(ঘ) প্রাতঃভ্রমণ কৰিলে শৰীৰত ঘাম ওলাব পাৰে, সেইটো স্বাস্থ্যৰ বাবে ভাল।

(ঙ) পাঁচ বাজিছে – শুদ্ধ , পাঁচটা বাজিছে — অশুদ্ধ।

(২) (ক) যুৰীয়া শব্দঃ এটা শব্দৰ অৰ্থ স্পষ্টকৈ বুজাবলৈ কেতিয়াবা একে অর্থ থকা বা অর্থনথকা আন এটা একে শব্দ যােগ কৰা হয় । এই শব্দ দুটাক একেলগে যুৰীয়া শব্দ বােলে। যেনে — মানুহ – দুনুহ, দুখ- বেজাৰ, উলহ – মালহ

(খ) পাঠটোত থকা যুৰীয়া শব্দবােৰ বাচি উলিওৱা।

উত্তৰঃ অ’ত-ত’ত, এটা-দুটা, আহল-বহল, দেহ-মন, লৰা-লৰি, হাত-মুখ, উম-ঘাম, মনে-মনে, গাল-মুখ, লাহে-লাহে, মানুহ-দুনুহ, গছ-বন, অগা-ডেৱা, গঢ-লতা, ধীৰ-স্থিৰ, গুণ-গুণ, খৰ-খৰ, মনে-মনে, লৰ-চৰ, জ্বৰ-ঘাম, অণ্ঠ-কণ্ঠ,

১০। বাক্য ৰচনা কৰা ঃ

ঘাের্ঘোৰণি – ঘাের্ঘোৰণি ধৰি বতাহ জাক আহিছে।

আহল-বহল – খেলপথাৰখন বৰ আহল-বহল।

ধীৰ-স্থিৰ – ৰাম শ্ৰেণীটোৰ ভিতৰতে ধীৰ-স্থিৰ ল’ৰা।

দোকমােকালি – বাবু সদায় দোকমোকালি সময়তে উঠে আৰু প্ৰাতঃভ্ৰমনলৈ যায়।

উম-ঘাম – ল’ৰাজন ক’লৈ গ’ল কোনেও উম-ঘামেই নাপালে।

শেহাই-শেহাই – শিক্ষকজনে হৰেণক প্ৰশ্নটো সোধোতে সি শেহাই শেহাই উত্তৰ দিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects