SVN Class 6 Assamese Chapter 19 Answer সন্ধিয়া

সন্ধিয়া

Chapter 18

১। শব্দ-অৰ্থ

ঘৰমুৱা – ঘৰৰ ফালে

ছাটি – এবাৰত সিঁচি দিয়া

জেউতি – পোহৰ

মৃণাল – পদুমৰ আলু

ভুঞ্জা – ভোগ কৰা, ভোজন কৰা

২। কবিতাটোৰ আধাৰত সন্ধিয়াৰ সময়ৰ বৰ্ণনা দিয়া (পাঁচটা বাক্যত)

উত্তৰঃ সন্ধিয়া ৰঙা বেলি পশ্চিম আকাশত মাৰ যায়। সন্ধিয়া ৰাজঁহাঁহবোৰ বিল এৰি পদুমৰ আলু খাবলৈ যায়। সন্ধিয়া হোৱাৰ লগে লগে বোৱাৰী জীয়ৰী সকলো নদীৰ ঘাটঁ এৰি ঘৰত চাঁকি জ্বলাবলৈ গোছি যায়। সন্ধিয়া হোৱাৰ লগে লগে হাটৰুৱা বাটৰুৱাসকলো নিজৰ ঘৰ চাপে আৰু সন্ধিয়াৰ সময়ত শেৱালি ফুলৰ সুবাস চাৰিওদিশত বিয়পি পৰে। সন্ধিয়া হোৱাৰ লগে লগে নাৱৰীয়াসকলেও নাওংবোৰ বান্ধি নিজৰ ঘৰলৈ যায়। সন্ধিয়াৰ সময়ত দৌলত পূজাৰীয়ে ডবা-শংখ বজায়।

৩। এটা শব্দত প্ৰকাশ কৰাঃ

(ক) যিজনে নাও বায়

উত্তৰঃ নাৱৰীয়া।

(খ) পূবৰ ফালে মুখ কৰি

উত্তৰঃ পূৱৰীয়া।

(গ) পথেৰে গৈ থকা মানুহ

উত্তৰঃ বাটৰুৱা।

(ঘ) ভাগৰত অৱশ হৈ পৰা মানুহ

উত্তৰঃ ভাগৰুৱা।

(ঙ) গৰু চৰোৱা লোক

উত্তৰঃ গৰখীয়া।

৪। চমু উত্তৰ দিয়াঃ

(ক) বিলৰ পৰা সন্ধিয়া ৰাজহাঁহবোৰে কি খাবলৈ এৰি দিহা-দিহি গ’ল?

উত্তৰঃ বিলৰ পৰা সন্ধিয়া ৰাজহাঁহবোৰে পদুমৰ আলু খাবলৈ এৰি দিহা-দিহি গ’ল।

(খ) সন্ধিয়া নাৱৰীয়াবোৰে ক’ত নাও বান্ধিলে?

উত্তৰঃ সন্ধিয়া নাৱৰীয়াবোৰে লুইতৰ পাৰে পাৰে নাও বান্ধিলে।

(গ) সন্ধিয়া পূব আকাশত কি দেখা যায়?

উত্তৰঃ সন্ধিয়া পূব আকাশত ৰঙচুৱা বেলি দেখা যায়।

(ঘ) সন্ধিয়া ডবা-শংধৰ ধ্বনি ক’ৰ পৰা বিয়পে?

উত্তৰঃ সন্ধিয়া ডবা-শংধৰ ধ্বনি দৌলৰ পৰা বিয়পে।

৫। বাক্য ৰচনা কৰাঃ-

বিভোল – জুবিনৰ গীতত সকলো লোক বিভোল হৈ যায়।

দিহা-দিহি – বিদ্যালয় ছুটি দিয়াৰ পাছত সকলো ছাত্ৰ-ছাত্ৰী দিহা-দিহি ঘৰলৈ যায়।

আভাস – শিক্ষকজনে শ্ৰেণী কোঠাত বহি ছাত্ৰ-ছাত্ৰীসকলক জতুঁৱা-ঠাচৰ বিষয়ে আভাস দিছিল।

ৰাও – সন্ধিয়া নামঘৰত ডবা-শংখৰ ৰাও বিয়পে।

দৌল – শিৱসাগৰত শিৱ দৌল আছে।

মন কৰিছানে?। হিম: আলয় :: হিমালয়। দুটা শব্দ লগলগাই এটা শব্দৰূপে প্ৰকাশ কৰা হৈছে । ইয়াক সন্ধি বোলে। 

সন্ধি কৰাঃ

উত্তৰ : আয়ন

উত্তৰঃ উত্তৰায়ন

বিৰাট : আকাৰ

উত্তৰঃ বিৰাকাৰ

ভয় : আতুৰ

উত্তৰঃ ভয়াতুৰ

ব্যায়াম : আগাৰ

উত্তৰঃ ব্যামগাৰ।

মহা : আলয়

উত্তৰঃ মহালয়

সিংহ : আসন

উত্তৰঃ সিংহাসন

জল : আধাৰ

উত্তৰঃ জলাধাৰ

সম : আলোচক

উত্তৰঃ সমালোচক

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top