SVN Class 6 Assamese Chapter 2 Answer লংকাৰ সম্বাদ কি?

লংকাৰ সম্বাদ কি?

Chapter 2

১। শব্দ -অৰ্থঃ

অদহীয়া – আধা বয়স পাৰ হোৱা, মাজ বয়সীয়া, ডেকাও নহয়, বুঢ়াও নোহোৱা অৱস্থা

হেঙাৰ – বাধা

আগচি – বাট ভেটা দি, আগুৱাবলৈ বাধা দি

বাট এৰি দি – যাবলৈ এৰি দি, পথ মুকলি কৰি দি, বাধা আঁতৰাই গুচাই

কাণ কৰে – শুনে, মনোযোগ দিয়ে

এচপৰা – এডোখৰ

বাটৰ-সমল – বাটত যাত্ৰাপথত খাবৰ বাবে লাগতিয়াল বস্তু

ৰাওনা – যাত্ৰা, গমন

টাইলি – অহা যোৱা কৰি

আলহ-উলহকৈ – আদৰ-সাদৰকৈ, মৰমেৰে

নৰলোক – মানুহৰ দেশ, মানুহ থকা ঠাই

দুৰ্দশা – দুৰ্ভাগ্য

পো-নাতি – বংশধৰ, বংশৰ আন আন লোক

বাতৰি – খবৰ, সমাচাৰ

পিতামহ – ককা, আতা

প্ৰপিতামহ – আজোককা, পিতাকৰ ককাক, ককাকৰ পিতাক .

জঁয় পৰ – তলমূৰ কৰ, লাজ পোৱা, মুখ ক’লা পৰ, মৰহি যা

শিকলি – জিঁজিঁৰি, লো-ৰ ৰচী

এসাজ খাই এসাজ লঘোনে – অতি কষ্টে, খোৱা বস্তুত অভাৱত থকা

মন লাগ – পচন্দ হ

বাট ঘৰ -পদূলি মূখ বা পদূলিৰ ওচৰতে সাজি থোৱা ঘৰ

২। তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়াঃ

(ক) ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি আছিল?

উত্তৰঃ- ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম বেনাৰ গাওঁ আৰু কামুৰী গাওঁ আছিল।

(খ) কুমাৰী গাঁও ডেকাহঁতে দৰাঘৰীয়া মানুহক কি কৰিব বিচাৰিছিল?

উত্তৰঃ- কুমাৰী গাঁও ডেকাহঁতে দৰাঘৰীয়া মানুহক প্ৰশ্ন কৰিব বিচাৰিছিল।

(গ) ডেকাহঁতে দৰাঘৰীয়া মানুহবােৰক কিমানবাৰ ভেটিছিল?

উত্তৰঃ- ডেকাহঁতে দৰাঘৰীয়া মানুহবােৰক তিনিবাৰ ভেটিছিল।

(ঘ) তেওঁলােকৰ প্ৰশ্নটো কি আছিল?

উত্তৰঃ- তেওঁলােকৰ প্ৰশ্নটো হ’ল “লংকাৰ সংবাদ কি?”।

(ঙ) শেষত কাক আগচিলে?

উত্তৰঃ- শেষত ডেকাসকলক আগচিলে।

(চ) প্রশ্নৰ উত্তৰটো ক’ত দিয়া হ’ল?

উত্তৰঃ- প্রশ্নৰ উত্তৰটো কন্যাঘৰৰ সভাস্থলত দিয়া হ’ল।

(ছ) প্রশ্নৰ উত্তৰ শুনি কইনাঘৰীয়া ডেকাহঁতৰ অৱস্থা কেনে হ’ল?

উত্তৰঃ- প্রশ্নৰ উত্তৰ শুনি কইনাঘৰীয়া ডেকাহঁতে বেনাৰগঞাহঁতে হাহিঁবলৈ ধৰিলে।

(জ) উত্তৰটোত কি অর্থ কৰা হৈছিল?

উত্তৰঃ-

(ঝ) ডেকাজন কি কাৰণে লংকালৈ গৈছিল?

উত্তৰঃ- ডেকাজন বিয়াৰ কাৰণে লংকালৈ গৈছিল।

(ঞ) হনুমানক কি অৱস্থাত তেওঁ লগ পাইছিল?

উত্তৰঃ- হনুমানক ডিঙিত শিকলি লগোৱা অৱস্থাত তেওঁ লগ পাইছিল।

৩। বাক্য ৰচনা কৰাঃ

নিন্দা-কুৎসা –

দৰাঘৰীয়া – কুমাৰী গাওঁলৈ ছোৱালী নিব অহাত দৰাঘৰীয়াসকলক বহুত প্ৰশ্ন কৰা হৈছিল।

হেঙাৰ এৰি দে – ৰামে মোকক চিনেমা চাবৰ যাবৰ যাৱৰ বাবে হেঙাৰ এৰি দিবলৈ কৈছিল।

এসাজ খাই এসাজ লঘােনে – চিমাৰ ঘৰৰ অৱস্থা ইমানেই বেয়া যে সিহঁতে এসাজ খাই এসাজ লঘােনে থাকিব লাগে।

টহলি – ৰাজাই তেতিয়াৰে পৰাইটহলি দি আছে।

কাণ কৰ – আমি সদায় বিদ্যালয়ত শিক্ষকে পাঠদান কৰি থকাৰ সময়ত কাণ কৰি সকলো কথা শুনিব লাগে।

৪। বিপৰীত শব্দ লিখা?

মিল – অমিল।

বুঢ়া – ডেকা।

সােমােৱা – বাহিৰ হোৱা।

পােহনীয়া – বনৰিয়া।

উত্তৰ – প্ৰশ্ন।

জঁয় পৰ – গৌৰৱ কৰা।

৫। চমু টোকা লিখা?

লংকাপুৰীঃ লংকাপুৰি হ’ল ৰাৱণৰ ৰাজ্য। লংকাপুৰি ৰাৱণে নিৰ্মান কৰিছিল। লংকাপুৰি সোণেৰে নিৰ্মিত আছিল। লংকাপুৰীৰ বহলসীমা সোণেৰে মজবুত গড়েৰে নিৰ্মিত আছিল। সোণেৰে নিৰ্মিত হোৱাৰ বাবে লংকাপুৰীৰ আনএটা নাম হ’ল স্বৰ্ণনগৰ। ৰাতি এই লংকাপুৰী সোণৰ দ্বৰে জ্বলিকি থাকে। লংকাপুৰী বৰ্তমান ভাৰতৰ উপদ্বীপ শ্ৰীলংকাত অৱস্থিত।

হনুমানঃ হনুমান অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। হনুমান বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জলিৰ পুত্ৰ আছিল । তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল । ৰাম ৰাৱনৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্য়কৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত আৰু মুখত সদায় ৰাম বাস কৰিছিল ।

দৰা -আগচাঃ এই প্ৰথাটো পূৰ্বৰ পৰাই আমাৰ অসমত প্ৰচলিত হৈ আহিছে। প্ৰায় সকলো অসমীয়া বিয়াতে এই প্ৰথা কৰা দেখিবলৈ পোৱা যায়। এই প্ৰথাত কইনা ঘৰৰ ডেকা ল’ৰাসকলে দৰা ঘৰীয়া সকলক বাটভেটী ধৰে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে। যদি হে দৰা ঘৰীয়া লোকে কইনা ঘৰীয়া সকলে কৰা প্ৰশ্নৰ উত্তৰ দিব পাৰে তেন্তে দৰা ঘৰীয়া সকল জঁয় লাভ কৰে আৰু যদি উত্তৰ দিব নোৱাৰে তেন্তে হাৰে।