Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 4 Answer

সময়

অনুশীলনীঃ

১। শব্দ – অর্থ 

ধনৰ কাকত – ধন -সম্পত্তিৰ হিচাব লিখি থােৱা কাগজ 

দৈনিক কাকত –  দিনটোত কৰা কামবোৰ লিখি ৰখা কাগজ। দিন লিপি 

সময়ৰ কাকত – সময়ৰ হিচাব লিখি থােৱা কাগজ।

যাৱজ্জীৱন – গােটেই জীৱন জুৰি।

আত্ম – জীৱন – চৰিত্র – নিজৰ জীৱন কালৰ কথা। 

দুর্ঘট – অসাধ্য, কৰিবলৈ উজু নােহােৱা। 

বুদ্ধি – বেজী – বেজীৰ দৰে চোকা বুদ্ধি। বেজীৰ দৰে জোঙা তীক্ষ্ণ চোক বুদ্ধি।

সংশােধন – বেয়া গুণ আঁতৰাই ভাল কৰা, শুদ্ধকৰণ 

ল’ৰা -কাল – বাল্যকাল, ল’ৰালি, শৈশৱ। 

মন্দ – বেয়া।

যুগুত – উচিত, প্রয়ােজনীয়, দৰ্কাৰ। 

নিমিত্তে – বাবে, কাৰণে।

ক্রোধ – খং, ৰাগ। 

ৰিপু – শত্রু, অনিষ্টকাৰী ইচ্ছা।

দুর্দান্ত – শান্ত কৰি ৰাখিব নােৱৰা, দমাব নােৱৰা, নিয়ন্ত্রণ সংযত কৰিব নােৱৰা।

২। চমু উত্তৰ লিখা।

(ক) যি ল’ৰাকালৰ সদ্ব্যৱহাৰ নকৰে সি পাছত কিয় অনুতাপ কৰিবলগীয়া হয়?

উত্তৰঃ- যি ল’ৰাকালৰ সদ্ব্যৱহাৰ নকৰে সি পাছত অনুতাপ কৰিবলগীয়া হয় কাৰণ পাৰ হৈ যোৱা সময় আৰু পুনৰাই ঘূৰি নাহে।

(খ) কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক কি উপদেশ দিয়ে? সেই উপদেশ কামত আহেনে?

উত্তৰঃ-  কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক উপদেশ দি যায়, ” ধনৰ কাকতখন ভালকৈ চাবি, তাতে হে সকলো কথা।”

(গ) সময় আৰু নদীৰ মাজত থকা তিনিটা সাদৃশ্য লিখা। 

উত্তৰঃ- সময় আৰু নদীৰ মাজত থকা তিনিটা সাদৃশ্য হ’ল – 

১) নদী সদায় চলিয়েই থাকে, এক মুহূৰ্তও নৰয়। সময়ো সদায় চলিয়েই থাকে, অলপো নৰয়।

২) নদীয়ে কালৈকো বাট নেচায়। সময়েও কালৈকো বাট নেচায়।

৩) নদী এবাৰ গ’লে নোভতে। সময়ো এবাৰ গ’লে নোভতে।

(ঘ) সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ হ’লে কি কৰিব লাগে?

উত্তৰঃ- সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ হ’লে তাক ভাগ কৰি ল’ব লাগে, আৰু যি ভাগত যি কাম কৰা সুবিধা হয়, সেই ভাগত সেই কাম কৰিব লাগে।

(ঙ) একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে । বিৰক্তি নালাগিবলৈ কি কৰা উচিত?

উত্তৰঃ- একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে। বিৰক্তি নালাগিবলৈ উত্তম ৰূপে সময়-বিভাগ কৰি ল’ব লাগে।

(চ) দৈনিক কাকতত কি কি লিখিব লাগে?

উত্তৰঃ-  দৈনিক কাকতত আমি প্ৰতিমাহৰ প্ৰতিদিনে কোন সময়ত আমি কি কৰোঁ, কি পঢ়োঁ, ক’লৈ যাওঁ কেনেকৈ থাকোঁ – বৰ সৰু ভাল বেয়া সকলো কামৰ কথা লিখিব লাগে।

(ছ) মানুহৰ স্বভাৱতে কেইটা কাল আছে? কোনটো কালত কোনবােৰ কাম কৰা সহজ হয়? 

উত্তৰঃ- মানুহৰ স্বভাৱতে তিনিটা কাল আছে। ল’ৰা কাল বিদ্যা-শিক্ষাৰ উপযুক্ত সময়, গতিকে এই সময়ত সাংসাৰিক কামত লিপ্ত নহৈ পঢ়া-শুনা কৰিব লাগে। ডেকা কালত বল-বুদ্ধি বেছি হয়, গতিকে ডেকা কালত ধন উপাৰ্জন কৰিব লাগে। 

৩। এটা বা দুটা বাক্য লিখি উত্তৰ লিখা। 

(ক) আমি শুবৰ বাবে কিমান সময় খৰচ কৰা উচিত?

উত্তৰঃ- আমি শুবৰ বাবে দিনে সাত-আঠ ঘণ্টা সময় খৰচ কৰা উচিত।

(খ) আমি ব্যায়াম বা ধেমালি কৰি কিমান সময় কটোৱা উচিত?

উত্তৰঃ- আমি ব্যায়াম বা ধেমালি কৰি দুই-তিনি ঘণ্টা সময় কটোৱা উচিত।

(গ) স্বাস্থ্যৰ বাবে উপকাৰী কথাবােৰ কি কি?

উত্তৰঃ- স্বাস্থ্যৰ বাবে উপকাৰী কথাবােৰ হ’ল বিশ্ৰাম, ব্যাম আৰু ধেমালি।

(ঘ) শাৰীৰিক কামৰ পাচত কি কাম কৰিব লাগে?

উত্তৰঃ-  শাৰীৰিক কামৰ পাছত মানসিক কাম কৰিব লাগে।

(ঙ) পঢ়া-শুনাৰ পাচত কি কাম কৰিব লাগে?

উত্তৰঃ- পঢ়া-শুনাৰ পাচত ধন উপাৰ্জন কৰিব লাগে।

(চ) গণনাৰ পাচত কি পঢ়িলে ভাল হয়?

উত্তৰঃ- গণনাৰ পাচত  পঢ়িলে ভাল হয়

(ছ) কোন কালত ধন উপার্জন কৰা সহজ হয়?

উত্তৰঃ- ডেকা কালত ধন উপার্জন কৰা সহজ হয়।

(জ) ল’ৰা কালত কি কাম কৰা উচিত?

উত্তৰঃ- ল’ৰা কালত পঢ়া-শুনা কৰা উচিত।

(ঝ) নিত্য-কর্ম কি?

উত্তৰঃ- দৈনিক কৰা কাম।

 ৪। বাক্য ৰচনা কৰাঃ

ভোতা – ল’ৰাজন পঢ়াত বৰ ভোতা। 

অপব্যয় – আমি সময়ৰ অপব্যয়কৰিব নালাগে। 

সদব্যৱহাৰ – আমি সদায় সময়ৰ সদব্যৱহাৰ কৰিব লাগে। 

সংশােধন – আমি আমাৰ বেয়া গুণবোৰ সংশোধন কৰিব লাগে।

৫। খালী ঠাই পূৰ কৰাঃ ( কৃপণ , বাধা , বুঢ়াকালত , সদব্যৱহাৰ , উভতি , উপযুক্ত )

(ক) সময়ৰ সদব্যৱহাৰ কৰিলে সকলাে উন্নতি হয়।

(খ) সময়ৰ নিমিত্তে যিমান কৃপণ হ’ব লগে ধনৰ নিমিত্তে সিমান হ’ব নালাগে। 

(গ) ডেকাকালত যি ধন উপার্জন নকৰে, বা কৰিলেও সাঁচি নথয়, সি   বুঢ়াকালতবৰ দুখ পায়।

(ঘ) ৰিপুবিলাক দুর্দান্ত হােৱাত শিক্ষাত বৰ বাধা হয় ।

(ঙ) ল’ৰাকাল এবাৰ গ’লে উভতি নাহে।

(চ) ল’ৰাকাল বিদ্যাশিক্ষাৰ উপযুক্ত সময় ।

৬। ল’ৰা কালৰেপৰা উভতি আহে ।

 ব্যাখ্যাঃ বুদ্ধিক এটা বেজীৰ সৈতে তুলনা কৰা হৈছে । বেজীটো ভোঁতা হ’লে সহজ বস্তুকো বিন্ধিব নােৱাৰে, একেদৰে বুদ্ধি ভোঁতা হলে সহজ কথাও বুজিব নােৱানে সেয়েহে, বুদ্ধি চোকা কৰিবলৈ ল’ৰা কালতে নানান অভ্যাস কৰিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects