কুলি
Chapter 5
১। শব্দ – অর্থ
হেঁপাহ – পাবলৈ বৰকৈ ইচ্ছা, হাবিয়াহ, হুতাহ
ভাও – অংগি – ভংগি
ভূমুকি – খন্তেকৰ বাবে দেখা দিয়া
সুঁৱদি – সােৱাদ থকা, শুনি ভাল লগা, মধুৰ
২। তলত দিয়া বাক্যবােৰ শুদ্ধ ৰূপত পাবলৈ উপযুক্ত শব্দত (✓) চিন দিয়া।
(ক) কুলিৰ বৰণ হালধীয়া ক’লা মুগা।
উত্তৰঃ- ক’লা।
(খ) কুলিয়ে বসন্ত শীত শৰৎ কালত গীত গায়।
উত্তৰঃ- বসন্ত।
(গ) কুলিৰ মধুৰ গীত শুনিবলৈ কবি নৈৰ পাৰলৈ পথাৰলৈ বনলৈ যায়।
উত্তৰঃ- বনলৈ।
৩। চমু উত্তৰ দিয়াঃ
(ক) কুলিৰ মাতত যাদু আছে বুলি কবিয়ে কিয় ভাবিছে?
উত্তৰঃ- কুলিৰ মাতত যাদু আছে বুলি কবিয়ে ভাবিছে কাৰণ কুলিৰ মাতটো শুনি থাকিলেও কবিৰ হেঁপাহ নপলাই, বাৰে বাৰে শুনি থাকিবই মন যায়।
(খ) বসন্ত কালত গছ-লতাৰ ৰূপ কেনে হয়?
উত্তৰঃ- বসন্ত কালত গছ-লতাৰ ৰূপ মনোমোহা হয়।
(গ) কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে?
উত্তৰঃ- কবিয়ে ঘৰৰ ফালে কুলিৰ মাত শুনিলে পাহৰে।
৪। বাক্য ৰচনা কৰাঃ
স্ৰজন – ঈশ্বৰে পৃথিৱীখনক বৰ সুন্দৰ কৰি স্ৰজন কৰিছে।
ভাও – ৰহিমে দেউতাকৰ পিতনৰ পৰা বাছিবলৈ মূৰ্চা যোৱাৰ ভাও জুৰিছিল।
সুঁৱদি – কুলিৰ মাতটো বৰ সুঁৱদি।
সাজি-কাচি – মামনি সাজি-কাচি বিয়ালৈ যাবলৈ উলাল।