কুলি
Chapter 5
১। শব্দ – অর্থ
হেঁপাহ – পাবলৈ বৰকৈ ইচ্ছা, হাবিয়াহ, হুতাহ
ভাও – অংগি – ভংগি
ভূমুকি – খন্তেকৰ বাবে দেখা দিয়া
সুঁৱদি – সােৱাদ থকা, শুনি ভাল লগা, মধুৰ
২। তলত দিয়া বাক্যবােৰ শুদ্ধ ৰূপত পাবলৈ উপযুক্ত শব্দত (✓) চিন দিয়া।
(ক) কুলিৰ বৰণ হালধীয়া ক’লা মুগা।
উত্তৰঃ- ক’লা।
(খ) কুলিয়ে বসন্ত শীত শৰৎ কালত গীত গায়।
উত্তৰঃ- বসন্ত।
(গ) কুলিৰ মধুৰ গীত শুনিবলৈ কবি নৈৰ পাৰলৈ পথাৰলৈ বনলৈ যায়।
উত্তৰঃ- বনলৈ।
৩। চমু উত্তৰ দিয়াঃ
(ক) কুলিৰ মাতত যাদু আছে বুলি কবিয়ে কিয় ভাবিছে?
উত্তৰঃ- কুলিৰ মাতত যাদু আছে বুলি কবিয়ে ভাবিছে কাৰণ কুলিৰ মাতটো শুনি থাকিলেও কবিৰ হেঁপাহ নপলাই, বাৰে বাৰে শুনি থাকিবই মন যায়।
(খ) বসন্ত কালত গছ-লতাৰ ৰূপ কেনে হয়?
উত্তৰঃ- বসন্ত কালত গছ-লতাৰ ৰূপ মনোমোহা হয়।
(গ) কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে?
উত্তৰঃ- কবিয়ে ঘৰৰ ফালে কুলিৰ মাত শুনিলে পাহৰে।
৪। বাক্য ৰচনা কৰাঃ
স্ৰজন – ঈশ্বৰে পৃথিৱীখনক বৰ সুন্দৰ কৰি স্ৰজন কৰিছে।
ভাও – ৰহিমে দেউতাকৰ পিতনৰ পৰা বাছিবলৈ মূৰ্চা যোৱাৰ ভাও জুৰিছিল।
সুঁৱদি – কুলিৰ মাতটো বৰ সুঁৱদি।
সাজি-কাচি – মামনি সাজি-কাচি বিয়ালৈ যাবলৈ উলাল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post