Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 6 Answer বাঘ খোৱা শিয়াল

বাঘ খোৱা শিয়াল

Chapter 16

১। শব্দ-অৰ্থঃ

তাল-ফাল – অসহ্য শব্দ, হুলস্থূল

নোদোকা – শকত-আৱত

এমা-ডিমা – নিচেই সৰু

সতৰ্ক – সাৱধান

থেন থেন মেন মেন – সৰুকৈ কন্দা পেনপেনাই সৰু সৰুকৈ কান্দি থকা

ফুটুকা -এভিধ বনৰীয়া সৰু গছ

ভেকাহি – খঙেৰে ডাবি দিয়া

ছলাহি – ধূৰ্ত

তলকা – মনে মনে থকা

গঁৰাল – জন্তু থবলৈ বেৰি লোৱা ঠাই

এসেকা – এক চোটোকা, শাস্তি

সতকাই – সহজে

২। সাধুটো নিজৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ- সৰু সৰু পোৱালীকেইতাক বাপেকৰ সৈতে থৈ শিয়ালী গাতঁৰ পৰা ওলাই গৈছিল। গধূলিৰ সময় আছিল বাকী শিয়ালবোৰ একগোচ হৈ গুৱা দিয়াৰ সময় হৈছিল। এনেতেই শিয়ালৰ পোৱালী কেইতাই কিবা এটা খাবলৈ বিছাৰিছিল। শিয়ালে ওচৰতে কিবা পহু চহু পায় নেকি চাইছিল। তেতিয়াই শিয়ালে দেখিলে বাঘ এটা শিয়ালৰ গাতৰ ফালে আহি আছিলে। বাঘটোক দেখি শিয়াল গাতৰ ভিতৰলৈ সোমাই গৈছিল আৰু বাঘটোক চলনা কৰি ভয় খোৱায় পঠায় দিছিল। তেতিয়া এটা বান্দৰে বাঘটোক ল’গ পাইছিল আৰু বাঘটোক কৈছিল যে শিয়ালে তাক চলনা কৰিছে আৰু সি নিজেই বাঘক শিয়ালৰৈ গাতলৈ লৈ যাব আৰু শিয়ালৰ নোদোকা পোৱালীকেইতাক বাঘৰ চিকাৰ বনাব। এই কথা শুনি বাঘ বৰ আনন্দিত হৈ গৈছিল আৰু বানন্দৰক পিঠিত উঠায় লৈ শিয়ালৰ গাতৰ ফালে গতি কৰিছিল। বাঘটো আৰু বানন্দৰটো অহা দেখি শিয়ালে আকৌ চলনা কৰি কৈছিল যে শিয়ালৰ পোৱালী কেইটাৰ কাৰণে বাঘ আনিবৰ বাবে শিয়ালে বানন্দৰ এটাক পঠায় দিছে। এই কথা বাঘে শুনিছিল আৰু খংত গুজৰি মাৰি পিঠিটো জোকাৰি আচাৰ মাৰি বানন্দৰটোক পিঠিৰ পৰা পেলায় দিছিল আৰু বানন্দৰটো মুখ থেকেচা খায় পৰি গৈছিল। তাৰ পাছত শিয়ালী উভতি আহোতে গাঁৱৰ এঘৰ মানুহৰ গৰালৰ পৰা হাঁহ এটা লৈ আহিছিল কিন্তু বাটত মুখ থেকেচা খায় পৰি থকা বানন্দৰটোত উজতি কায় হাঁহটো শিয়ালীৰ মুখৰ পৰা পৰি গৈছিল।

৩। সাধুটোত থকা বৰ্ণনাৰ ভিত্তিত শিয়ালে ‘হুৱা দিয়াৰ বিষয়ে ছয়টা বাক্য লিখা।

উত্তৰঃ- ১) হাবিৰ মুকলি ঠাইত শিয়ালবোৰ একগোট হৈ হুৱা দিয়ে।

২) ‘হুক্কা-হুৱা’ বুলি আকাশলৈ চাই শিয়ালীয়ে লগাই দিয়ে।

৩) জোনাক হ’লেই জোনটোলৈ চাই শিয়ালে হুৱা দিয়ে।

৪) লগে লগে বাকীবোৰে ৰাগ টানে।

৫) শিয়ালে হুৱা দি গোটেই অঞ্চটোতে তালফাল লগায় দিয়ে।

৬) হুৱা দিওতে ‘ছুঃছুঃ’ বুলি চিঞৰ একোটা মাৰে।

৪। গাঁফালে বাঘটো অহা দেখি শিয়ালে বাঘক ভয় খুৱাবলৈ কি বুধি কৰিলে?

উত্তৰঃ- গাঁফালে বাঘটো অহা দেখি শিয়ালে বাঘক ভয় খুৱাবলৈ মাতটো যিমান পাৰে ডাঙৰ কৰি লৈ ক’লে – “বোলো ঐ ৰাক্ষসহঁত। বাঘৰ মঙহ নহ’লে নহয় তহঁতক। মই কৈছিলোৱেই নহয়, মই ঠিক ঠাইতে ফান্দ পাতি থৈছোঁ। এইফালে বাঘ এটা আহিলেই হয়। লগে লগে পৰিব। তেতিয়া আৰু তহঁতক পায় কোনে?

৫। বাঘৰ পিঠিত বান্দৰটো উঠি অহা দেখি শিয়ালে সিহঁতক ভয় খুৱাবলৈ কি বুদ্ধি কৰিলে?

উত্তৰঃ- বাঘৰ পিঠিত বান্দৰটো উঠি অহা দেখি শিয়ালে সিহঁতক ভয় খুৱাবলৈ আকৌ এবাৰ টেঁটু ফালি চিঞৰিলে – “ঐ খকুৱা কেইটা। অলপ তলকা মাৰি ৰ’ব নোৱাৰ’ তহঁত। মই কৈছোঁৱেই নহয়, তহঁতৰ বাবে বাঘ এটা নিজেই আহিব। মই বান্দৰ এটাক বুদ্ধি দি পঠাইছোঁ, বাঘ আটা ফুচুলাই আমাৰ গাঁতৰ ফালে লৈ আহকগৈ। ৰছোন, আহি পাবই লাগে।”

৬। ধৰি অনা হাঁহজনী শিয়ালীয়ে পােৱালি কেইটাক খুৱাব নােৱাৰিলে কিয়?

উত্তৰঃ- হাঁহজনী ধৰি শিয়ালীয়ে গাঁৱৰ ওচৰ পাওঁ পাওঁ হওতেই অথন্তৰ ঘটিল। শিয়ালী লৰি আহোঁতে থেকেচা খায় পৰি থকা বান্দৰটোত উজুতি খায় শিয়ালী মাটিত পৰি গ’ল আৰু হাঁহজনী মুখৰ পৰা এৰাই গ’ল। সেইবাবে ধৰি অনা হাঁহজনী শিয়ালীয়ে পােৱালি কেইটাক খুৱাব নােৱাৰিলে।

৭। বাঘটোৱে বান্দৰটোক কিয় পিঠিত তুলি লৈছিল?

উত্তৰঃ- বাঘটোৱে বান্দৰটোক পিঠিত তুলি লৈছিল কাৰণ বান্দটোৱে বাঘটোক কৈছিল যে শিয়ালীয়ে মিছা মাতিছে আৰু বান্দৰটোৱে বাঘটোক শিয়ালীৰ গাতত থকা নোদোকা পোৱালীকেইটাৰ ওচৰত লৈ যাব।

৮। বাঘটোৱে কি ভাবি শিয়ালৰ গাঁতৰ ওচৰৰ পৰা দৌৰি পলাল?

উত্তৰঃ- বাঘটোৱে শিয়ালে তাৰ বাবে ফান্দ পাতি থোৱা বুলি ভাবি শিয়ালৰ গাঁতৰ ওচৰৰ পৰা দৌৰি পলাল।

৯। ব্যাকৰণঃ

(ক) কিছুমান পশু – পক্ষীৰ মতা – মাইকী বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। বিপৰীত লিঙ্গ লিখা।

হৰিণ – হৰিণী

কুকুৰ – কুকুৰণী কুকুৰী

বাঘ – বাঘিনী

গাধ – গাধী

সিংহ – সিংহিনী

ঘোঁৰা – ঘুঁৰী

বান্দৰ – বান্দৰী

মখনা – মাখুন্দী

দমৰা – চেউৰী

হস্তী – হস্তিনী

ষাঁড় বলধ – গাই

শিয়াল – শিয়ালী

পঠা – পাঠী

শালিকা -শালিকা

ফেঁচা – ফেঁচী

চিলা – চিলনী

(খ) এইবােৰ ধ্বনিসূচক শব্দলৈ মন কৰা —

থেন থেন – মেন মেন, জিৰ জিৰ-জিৰ জিৰ , গুৰ গুৰ , হুৰ হুৰ , থল্ – থল্ , পেন পেন – পেন পেন, কুন কুন – কুন কুন

(গ) বিশেষণৰপৰা বিশেষ্যলৈ নিয়াৰ উদাহৰণ

মুৰ্খ – মুৰ্খামি

কাপুৰুষ – কাপুৰুষালি

ধূৰ্ত – ধূৰ্তালি

সাহসী – সাহসিকতা

প্ৰতি – প্ৰতিযোগিতা

মনোযোগ – মনোযোগিতা

সহযোগী – সহযোগিতা

উৎকৃষ্ট – উৎকৃষ্টতা

বীৰ – বীৰত্ব

সুন্দৰ – সুন্দৰতা, সৌন্দৰ্য

১০। বাক্য ৰচনা কৰাঃ

এমা – ডিমা – ৰাম ঘৰৰ এমা-ডিমা ল’ৰা।

ভেকাহি – ৰাজুৱে সৰু সৰু কথাতে সকলোকে ভেকাহি মাৰি কথা কয়।

তলকা – ল’ৰাজনে ভয়তে তলকা মাৰি আছিল।

ফান্দ – চিকাৰীজনে হাবিত চৰাইবোৰৰ বাবে ফান্দ পাতি থৈছে।

সাউতকৈ – নিহাই মোক সাউতকৈ ঘৰৰ পৰা আহিম বুলি কয় এতিয়ালৈ আহি পোৱা নাই।

নােদোকা – ৰহিমৰ ঘৰত থকা মেকুৰিৰ পোৱালী কেইটা বৰ নোদোকা।

সতর্ক – আমি সদায় সতৰ্ক হৈ থাকিব লাগে।

আধামৰা – সাপটো মানুহবোৰে লগলাগি আধামৰাকৈ মাৰিলে।

চটফটনি – মানুহজনে টকাৰ বাবে চটফটনি কৰি আছে।

এসেকা দিয়া – তাইক এদিন এসেকা দিহে এৰিম।

চোচা লােৱা – বাঘটোৱে হৰিণটোক ধৰিবৰ বাবে চোচা ললে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects