Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 7 Answer জননী

জননী

Chapter 7

১। শব্দ – অর্থঃ

পৰাণঃ প্রাণ ( কাব্যিক ৰূপ )

ইহঃ এই ( কাব্যিক ৰূপ )

সততেঃ সদায়, সাধাৰণতে ।

অযাচিতঃ নােখােজাকৈ পােৱা ।

২। চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে এই সময়ত কাৰ ধাৰ শুজিব নােৱাৰোঁ বুলি কৈছে?

উত্তৰঃ- কবিয়ে এই সময়ত আইৰ ধাৰ শুজিব নােৱাৰোঁ বুলি কৈছে।

(খ) কবিয়ে জননীক কাৰ সৈতে তুলনা কৰিছে?

উত্তৰঃ- কবিয়ে জননীক দেৱী মহামায়াৰ সৈতে তুলনা কৰিছে।

(গ) জননীৰ নামত কবিৰ মন পুলকিত হয় কিয়?

উত্তৰঃ- জননীৰ নামত কবিৰ মন পুলকিত হয় কাৰণ কবিৰ বাবে আই হ’ল প্ৰকৃত ঈশ্বৰ।

(ঘ) কবিয়ে জননীক স্বৰ্গৰ মহামায়াৰূপে কল্পনা কৰিছে কিয়?

উত্তৰঃ- কবিয়ে জননীক স্বৰ্গৰ মহামায়াৰূপে কল্পনা কৰিছে কাৰণ তেওঁ মৰম পায় কবিয়ে অসীম সুখ লাভ কৰিছিল, হিয়া শাঁত পেলাইছিল।

(ঙ) নােৱাৰো ফুটাব মাত অশেষ স্নেহৰ’– ইয়াৰ দ্বাৰা কবিয়ে কি বুজাইছে?

উত্তৰঃ- নােৱাৰো ফুটাব মাত অশেষ স্নেহৰ’– ইয়াৰ দ্বাৰা কবিয়ে আইৰ মৰমৰ ধাৰাৰ কথা বুজাইছে।

৩। কবিতাটোৰ মূলভাব নিজৰ ভাষাত লিখা।

উত্তৰঃ কবিতাটিৰ জৰিয়তে কবিয়ে মাতৃৰ প্ৰতি অকৃত্ৰিম ভক্তি প্ৰকাশ কৰিছে। কাৰণ মাতৃয়ে তেওঁৰ অশেষ যত্ন লৈছিল, নিবিচৰাকৈয়ো তেওঁ বহুত মৰম দিছিল। মাতৃৰ মৰম পায় কবিয়ে অসীম সুখ লাভ কৰিছিল, হিয়া শাঁত পেলাইছিল। মাতৃৰ মৰমৰ ধাৰা এই জনমত শুজিব নোৱাৰি। সেইবাবে কবিৰ মনত মাতৃদেৱী হ’ল দেৱতাৰো দেৱতা, স্নেহৰ অৱতাৰ দেৱী মহামোয়ো আৰু প্ৰকৃত ঈশ্বৰী। সেইবাবেই মাতৃৰ চৰণ দুখনিত তেওঁ সেৱা জনায়।

৪। বাক্য ৰচনা কৰাঃ

অযাচিত – অযাচিতে পোৱা বস্তু সত নহবও পাৰে।

অশেষ – ৰাজুৱে অশেষ যত্ন কৰি নিজৰ লক্ষ্য উপনীত হ’ল।

আন্তৰিক – গাওঁৰ ৰাইজে লক্ষিমীক ভাল কৰ্মৰ বাবে আন্তৰিক অভিনন্দন জনাইছিল।

কায়-মনে –

পুলকিত – বসন্ত কালত ফুলি থকা ফুলবোৰে সকলোৰে মন-প্ৰাণ পুলকিত কৰে।

সততে – আমি সততে আমাৰ পাঠ্যপুথি অধ্যয়ন কৰিব লাগে।

৫। বুজি লােৱাঃ

দেৱী মহামায়া : আই দুর্গা, যিগৰাকী দেৱীয়ে দানৱৰূপী শত্রুক বিনাশ কৰে আৰু সজ্জনৰূপী মানুহক মৰমেৰে প্রতিপালন কৰে।

প্ৰকৃত ঈশ্বৰীঃ কাল্পনিক ঈশ্বৰী নহয়, বাস্তৱতে ঈশ্বৰীৰ দৰে, আচল, সঁচা ভগৱতী ।

স্নেহ -অৱতাৰ – চেনেহ বিলাবলৈ আৱিৰ্ভাৱ হােৱা দেৱী।

কায় – মনে বন্দো – শৰীৰ আৰু মনেৰে সেৱা কৰোঁ ।

নােৱাৰোঁ ফুটাব মাত অশেষ স্নেহৰ – সীমাহীন মৰম-চেনেহৰ কথাবােৰ ভাষাৰে প্ৰকাশ কৰিব নােৱাৰোঁ ।

পৰাণ সততেই তােমাত শীতল – তুমি ওচৰত থাকিলে অন্তৰ শাঁত পৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects