SVN Class 6 Computer Course Chapter 10 Answer কম্পিউটাৰৰ বৈশিষ্ট্য আৰু সুবিধা, অসুবিধাসমূহ

Chapter 10

কম্পিউটাৰৰ বৈশিষ্ট্য আৰু সুবিধা, অসুবিধাসমূহ

অনুশীলনীঃ

১। কম্পিউটাৰৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা ?
উত্তৰঃ কম্পিউচাৰৰ কেইটামান বৈশিষ্ট্য হ’লঃ
(ক) কম্পিউটাৰে অতি ক্ষীপ্ৰভাৱে কাৰ্য সম্পাদন কৰিব পাৰে। বৰ্তমানৰ কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধান কৰিব পাৰে।
(খ) কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফল নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য হয়। তথ্য যোগান ধৰা জনে ভুল নকৰিলে, ই কেতিয়াও ভুল নকৰে।
(গ) ই অতি বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে ই তৎমূহুৰ্তে প্ৰদৰ্শন কৰিব পাৰে।
(ঘ) ই একে সময়তে কেইবা ধৰণৰো কাম সম্পাদন কৰিব পাৰে।
(ঙ) ই এটা বাধ্য আৰু নিৰ্বোধ যন্ত্ৰ | ইয়াৰ নিজস্ব কোনো বুদ্ধিমত্তা নাই।

২। কম্পিউটাৰৰ কেইটামান অসুবিধা লিখা ?
উত্তৰঃ কম্পিউটাৰৰ কেইটামান অসুবিধা হ’লঃ
(ক) বিদ্যৎ শক্তি অবিহনে ই বিকল হৈ পৰে।
(খ) কম্পিউটাৰ এটা ব্যয়বহুল যন্ত্ৰ।
(গ) দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত আৰু নিত্য নতুন উদ্ভাৱনে কম্পিউটাৰৰ মেৰামতিত জটিলতা আনিছে।
(ঘ) কম্পিউটাৰৰ কোনো জ্ঞান নাথাকে। আন কথাত ই এক নিৰ্বোধ যন্ত্ৰ। ই নিজাকৈ কোনো কাম সমাধা কৰিব নোৱাৰে।
(ঙ) এক শ্ৰেণীৰ কম্পিউটাৰৰ বাবে প্ৰস্তুত কৰা চফটৱেৰ আন শ্ৰেণীৰ কম্পিউটাৰত কাম নকৰিবও পাৰে।

৩। কম্পিউটাৰৰ কেইটামান সুবিধা উল্লেখ কৰা ?
উত্তৰঃ কম্পিউটাৰৰ কেইটামান সুবিধা হ’লঃ
(ক) কম্পিউটাৰে যিকোনো গণনাৰ কাম খৰতকীয়াকৈ কৰিব পাৰে।
(খ) কম্পিউটাৰে একেৰাহে কাম বহু সময় কাম কৰিলেও ইয়াৰ ভাগৰ নালাগে।
(গ) কম্পিউটাৰে একেসয়তে কেইবাধৰণৰ কামো সম্পাদন কৰিব পাৰে।
(ঘ) শিক্ষা, চিকিৎসা, যোগাযোগ ব্যৱস্থা আদি বিভিন্ন ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা যায়।
(ঙ) কম্পিউচাৰে ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ তৎক্ষণাক পালন কৰে আৰু ফলাফল প্ৰদৰ্শন কৰে।

৪। খালী ঠাই পূৰ কৰাঃ

(ক) কম্পিউটাৰে যিকোনাে গণনা কাম খৰতকীয়াকৈ কৰিব পাৰে ।

(খ) কম্পিউটাৰ এটা বাধ্য আৰু নিৰ্বোধ যন্ত্র।

(গ) বিদ্যুৎ শক্তি অবিহনে কম্পিউটাৰ বিকল হৈ পৰে।

(ঘ) কম্পিউটাৰ এটা ব্যৱবহুল যন্ত্র।

(ঙ) কম্পিউটাৰৰ জৰিয়তে পােৱা গণনা ফল নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য ।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top