SVN Class 6 Computer Course Chapter 11 Answer ইণ্টাৰনেট

Chapter 11

ইণ্টাৰনেট

অনুশীলনীঃ

১। খালী ঠাই পূৰণ কৰাঃ

ক) MOSAIC হ’ল প্ৰথম ৱেব ব্ৰাউজাৰ।

খ) NCSA ৰ সম্পূৰ্ণ নাম হ’ল National Center for Computing Application ।

গ) জনপ্ৰিয় search engine হ’ল google।

ঘ) ৱেব চাইটৰ প্ৰথম পেজটোৰ নাম হ’ল হোম পেজ (Home page) ।

ঙ) যি নিয়মৰ সহায়ত ইণ্টাৰনেটত তথ্য আদাৰ প্ৰদান কৰা হয় তাক প্ৰট’কল (protocol) বোলে।

২| ইন্টাৰনেট বুলিলে কি বুজা ?
উত্তৰঃ ইণ্টাৰনেট বুলিলে এইটো বুজা যায় ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা।

৩| ইণ্টাৰনেটৰ লগত সংযোগ স্থাপন ব্যৱস্থা কোনে কৰি দিয়ে ?
উত্তৰঃ ইণ্টাৰনেটৰ লগত সংযোগ স্থাপন ব্যৱস্থা ডিপাৰটমেন্ট অফ ডিফেনচে কৰি দিয়ে।

৪| তিনিবিধ ৱেব ব্ৰাউজাৰৰ উদাহৰণ লিখা |
উত্তৰঃ ইন্টাৰনেট এক্সপ্লৰাৰ,মজিলা ফায়াৰফক্স, গুগলক্ৰম আদি।

৫| TCPৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ TCPৰ সম্পূৰ্ণ নাম Transmission Control Protocol

৬| IP ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ IP ৰ সম্পূৰ্ণ নাম Internet Protocal

৭| MOSAIC Web browser ক কোনে উলিয়াইছিল ?
উত্তৰঃ MOSAIC Web browser ক NCSA (National Center for Computing Application) উলিয়াইছিল।

৮| ইন্টাৰনেটত সংযোগ স্থাপনৰ প্ৰয়োজনীয় আহিলাসমূহ কি কি ?
উত্তৰঃ ইন্টাৰনেটত সংযোগ স্থাপনৰ প্ৰয়োজনীয় আহিলাসমূহ হ’ল
ক) কোনো ব্যক্তিৰ কম্পিউটাৰৰ লগত ইন্টাৰনেটৰ সংযোগ ব্যৱস্থা। এই ব্যৱস্থা ISP য়ে প্ৰদান কৰে | ISP ৰ সম্পূৰ্ণ নাম Internet Service Provider.
খ) এটা মডেম।
গ) ইন্টাৰনেট এচেচ হ’ল এটা ইন্টাৰনেট সংযোগ ব্যৱস্থাৰ পদ্ধতি যাৰ সহায়ত সংযোগ স্থাপন হয়।
ঘ) এটা চফটৱেৰ যিয়ে হাৰ্ডৱেৰ তথ্যসমূহৰ জৰিয়তে সংযোগ কৰি যোগাযোগ কৰিব পৰা কৰি তুলিব পাৰে।