Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Computer Course Chapter 12 answer এম-এচ-ৱৰ্ড

Chapter 12

এম-এচ-ৱৰ্ড

অনুশীলনীঃ

১| MS word কি ?
উত্তৰঃ MS word হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহাৰ word processing চফটৱেৰ।

২| MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?
উত্তৰঃ MS wordত কম্পিউটাৰ খোলাৰ স্তৰ চাৰিটা সেইকেইটা হ’ল
Start – All program – Ms-Office – Ms-Word.

৩| MS wordত কি কি কাম কৰিব পৰা যায় ?
উত্তৰঃ MS wordত চিঠি,তথ্য,দৰ্খাস্ত আদি টাইপ কৰিব পাৰি। জন্মদিনৰ কাৰ্ড, বিয়াৰ কাৰ্ড, শিক্ষক দিৱসৰ কাৰ্ড বনাব পাৰি।

৪| MS word ৰ File ৰ extension টো কি ?
উত্তৰঃ MS word ৰ File ৰ extension টো doc.

৫| Document এখন Print তুমি কনেদৰে কৰিবা ?
উত্তৰঃ Document এখন Print কৰিবলৈ হ’লে প্ৰথমে Office buttonত click কৰিব লাগিব। office buttonৰ ভিতৰত থকা print option ত click কৰিব লাগিব। এনে ক্ষেত্ৰত যিখন print window ওলাব তাত page range ৰ অধীনত page box ত print কৰিব লগা পৃষ্ঠাৰ নম্বৰ দিব লাগিব। যদি গোটেই file টো print কৰিব লগা হয় তেন্তে All ত click কৰিব লাগিব। যদি কাম কৰি থকা page টো print কৰিব লগা হয়, তেন্তে current page ত click কৰিব লাগিব। ইয়াৰ property লৈ গৈ paper size ত, পৃষ্ঠাপ আকাৰ A4, Legal নাইবা সুবিধা অনুসৰি জোখ দিব লাগিব। সকলো option প্ৰত্রোজন পূৰোৱাৰ পিছত OK button ত click কৰিলে print কৰিব খোজা পৃষ্ঠাকেইটা print হৈ ওলাই আহিব।

৬| MS wordত প্ৰথমবাৰৰ বাবে File save কৰাৰ পদ্ধতিটো লিখা |
উত্তৰঃ MS wordত প্ৰথমবাৰৰ বাবে File save কৰাৰ পদ্ধতিটো হ’ল এটা নতুন file বনোৱাৰ পাছত তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবলৈ save কৰি ৰাখিব লাগে। ইয়াৰ বাবে office button ত click কৰি save as option ত click কৰিব লাগে। লগে লগে save as dialog box খোল খাব আৰু file name box ত file ৰ নাম এটা টাইপ কৰিব লাগে আৰু save button ত click কৰিলে file টো উপযুক্ত স্থানত save হৈ থাকিব।

৭| MS word ত আখৰ style সলাবলৈ তুমি কি কৰিবা |
উত্তৰঃ MS word ত আখৰ style সলাবলৈ প্ৰথমে আখৰ সমূহ select কৰি লৈ style button ত click কৰি প্ৰয়োজনীয় আখৰৰ style দিলৈ হ’ল।

৮| MS word ৰ document ত ছবি insert কৰিব পাৰিনে ? যদি পাৰি কেনেদৰে কৰিবা ?
উত্তৰঃ MS word ৰ document ত ছবি insert কৰিব পাৰি । insert কৰিব হ’লে প্ৰথমে insert tap ত click কৰি picture ত গৈ clip art ত click কৰিলে লগে লগে task page ৰ স্থানত insert clip art window ত দেখা পোৱা যাব।

৯| আখৰৰ ৰং কেনেদৰে সলনি কৰিবা ?
উত্তৰঃ আখৰৰ ৰং সলনি কৰিব হ’লে প্ৰথমে আখৰ সমূহ select কৰি লৈ text color button ত click কৰিলে এখন color pallet ওলাব। এই colour palette ৰ যিকোনো এটা ৰং select কৰিলে select কৰি থোৱা আখৰসমূহ ৰঙীন হৈ পৰিব।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects