Might Learn Logo Might Learn Shop Might Learn

SVN Class 6 Computer Course Chapter 4 Answer মাডাৰ বৰ্ড

Chapter 4

মাডাৰ বৰ্ড

অনুশীলনীঃ

১। মাদাৰ বোৰ্ড (Mother Board) বুলিলে কি বুজা ?
উত্তৰঃ মাদাৰ বোৰ্ড (Mother Board) বুলিলে কম্পিউটাৰ চি.পি ইউৰ ভিতৰত যি খন বোৰ্ড থাকে তাকে মাদাৰ বোৰ্ড (Mother Board) বুলে।

২। মাদাৰ বোৰ্ড (Mother Board) ৰ লগত সংলগ্ন হৈ থকা অংশকেইটা কি কি ?
উত্তৰঃ মাদাৰ বোৰ্ড (Mother Board)ৰ লগত সংলগ্ন হৈ থকা অংশকেইটা হ’ল প্ৰচেছৰ, ৰেম, বেটাৰী, জাম্পাৰ,বিভিন্ন কাৰ্ড।

৩। মাদাৰ বোৰ্ডৰ (Mother Board) কোনটো অংশই তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰে ?
উত্তৰঃ মাদাৰ বোৰ্ড (Mother Board) মেমৰী অংশই তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰে।

৪। মনিটৰ (Monitor) আৰু চি. পি. ইউ. (CPU) ৰ মাজত কি অংশৰ জৰিয়তে সংযোজন ঘটোৱা হয়।
উত্তৰঃ মনিটৰ (Monitor) আৰু চি.পি.ইউ. (CPU)ৰ মাজত ভি.জি.এ কাৰ্ডৰ সহায়ত সংযোজন ঘটোৱা হয়।

৫। ‘ৰেম’ (RAM) ৰ সম্পূৰ্ণ নামটো লিখা।
উত্তৰঃ ‘ৰেম'(RAM)ৰ সম্পূৰ্ণ নাম ”ৰেণ্ডম এচেট মেমৰী” (Random Access Memory)।

৬। মাদাৰ বোৰ্ডৰ কোন অংশৰ জৰিয়তে শব্দ শুনিবলৈ পোৱা যায়।
উত্তৰঃ মাদাৰ বোৰ্ডৰ চাউণ্ড কাৰ্ডৰ অংশৰ জৰিয়তে শব্দ শুনিবলৈ পোৱা যায়।

৭। খালী ঠাই পূৰ কৰাঃ

(ক) প্ৰচেছৰ আৰু ৰেমৰ ওপৰত নিৰ্ভৰ কৰি মাদাৰ বোৰ্ড এখন বাছনি কৰা হয়।

(খ) চাউণ্ড কাৰ্ডৰ জৰিয়তে কম্পিউটাৰত শব্দ সংযোজন কৰিব পাৰি।

(গ) সাময়িকভাৱে তথ্য সংৰক্ষণ কৰিব পৰা মেমৰীক প্ৰাইমেৰী ষ্টোৰেজ নামেৰে জনা যায়।

(ঘ) ভি.জি.এ. কাৰ্ডৰ সহায়ত গ্ৰাফিক্সসমূহ স্পষ্টভাৱে মনিটৰত দেখা পোৱা যায়।

৮। সত্য/অসত্য লিখাঃ

(ক) গ্ৰাফিক্স কাৰ্ডৰ সহায়ত তথ্য় সংৰক্ষণ কৰিব পাৰি।
উত্তৰঃ অসত্য ।

(খ) ভি. জি. এ. (VGA) কাৰ্ডৰ সহায়ত মনিটৰ আৰু চি.পি. ইউ. (CPU) ৰ মাজত সংযোজন ঘটোৱা হয়।
উত্তৰঃ সত্য ।

(গ) চাউণ্ড কাৰ্ড (Sound card) ৰ সহায়ত কম্পিউটাৰত শব্দ সংযোজন কৰিব পাৰি ।
উত্তৰঃ সত্য।

(ঘ) মেমৰীয়ে তথ্য সাময়িকভাৱে সংৰক্ষণ নকৰে।
উত্তৰঃ অসত্য।

(ঙ) মাদাৰ বৰ্ডত (Mother Board) প্ৰচেছৰ, ৰেম, জাম্পাৰ আদি সংলগ্ন হৈ নাথাকে।
উত্তৰঃ অসত্য।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects