Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Niti Mallika Chapter 10 Answer ত্যাগৰ প্ৰতীক গুৰু নানক

ত্যাগৰ প্ৰতীক গুৰু নানক

Chapter 10

১। দুলীচান্দে ঘৰৰ মূধচত কি আঁৰিছিল আৰি কিয় আঁৰিছিল?

উত্তৰঃ তেওঁ মূধচত বিশখন পতাকা লগাই ৰাখিছিল। কিয়নো তেওঁ প্ৰায় বিশ কোটি টকাৰ মালিক মালিক আছিল।

২। গুৰু নানকদেৱে দুলীচান্দক বেজীটো কিয় দিছিল আৰু দিয়াৰ পাছত কি কৈছিল?

উত্তৰঃ গুৰু নানকদেৱে দৰ্শন লাভৰ বাবে দুলীচান্দক বেজীটো দিছিল আৰু বেজীটো দি কলে যে অহা জনমত মোক এইটো ওভোতাই দিবা।

৩। দুলীচান্দে বেজীটো কিয় গুৰু নানকদেৱৰ ওচৰলৈ লৈ গৈছিল?

উত্তৰঃ তেওঁ ভাবিলে যে নানকদেৱে মোক এই বেজীটো অহা জনমত তেওঁ কিয় দিব দিছে। নিশ্চয় ইয়াত কিবা ৰহস্য় লুকাই আছে। এই বুলি ভাবি দুলীচান্দে বেজীটো লৈ গৈ গুৰু নানকদেৱৰ চৰণত ৰাখিলে।

৪। দুলীচান্দৰ মনত ত্যাগৰ ভাৱনা কেনেদৰে জাগৃত লহ’ল লিখা।

উত্তৰঃ দুলীচান্দে কলে মহাৰাজ অহা জনমত মই এই বেজীটো আপোনাক কেনেকৈ ওভোতাই দিম কাৰণ মৃত্য়ুৰ সময়ত কোনো ব্য়ক্তিয়ে কোনো বস্তু লগত লৈ যাব নোৱাৰে। দুলীচান্দৰ কথা শুনি গুৰু নানকদেৱে মিচিকিয়াই হাঁহি কলে দুলীচান্দ য।দিহে তুমি এই সামান্য় বেজীটোকে লগত লৈ যাব নোৱাৰা। এই কথাষাৰ শুনাৰ লগে লগে দুলীচান্দৰ কপাল কোঁচ খালে আৰু মনত ত্য়াগৰ ভাবনা হ’ল।

৫। কাহিনীটো তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ দুলীচান্দ নামৰ এজন মানুহ আছিল। তেওঁ লাহোৰৰ আটাইতকৈ ধনী সদাগৰ আছিল। তেওঁ নিজৰ ঘৰৰ মূধচত বিশখন পতাকা লগাই ৰাখিছিল। কিয়নো তেওঁ প্ৰায় বিশ কোটী টকাৰ মালিক আছিল। নানকদেৱৰ এজন গুৰু আছিল তেওঁ দৰ্শন লাভৰ বাবে দুলীচীন্দ ওচৰলৈ গ’ল নানকদেৱে দুলীচান্দক এটা বেজী দিছিল আৰু কৈছিল যে এই বেজীটো তুমি মোক অহা জনমত দিবা। তাৰ পিছত দুলীচান্দই ভাবিৱলৈ ধৰিলে তেওঁ মোক এই বেজীটো অহা জনমত কিয় দিব দিছে। বহুত সময় ভবাৰ পিছত নানকদেৱৰ ওচৰত গল আৰু কলে আপুনি মোক এই বেজীটো অহা জনমত কেনেকৈ দিম। তাৰ পিছত নানকদেৱে কলে দুলীচান্দ তুমি এই সামান্য় বেজীটো লগত লৈ যাব নোৱাৰা। এই কথাষাৰ শুনাৰ পিছত দুলিচান্দৰ কপাল কোঁচ খালে মনত ত্য়াগৰ ভাবনা জাগৃত হ’ল। আমি এই কাহিনীটোৰ শিকিলো যে সচাঁকৈয়ে ত্য়াগত আনন্দ, সুখ আৰু শান্তী আছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects