SVN Class 6 Niti Mallika Chapter 8 Answer ভক্ত পুণ্ডৰীক

ভক্ত পুণ্ডৰীক

Chapter 8

১। ভগৱানক দেখা পোৱা ল’ৰাজনৰ নাম কি আছিল?

উত্তৰঃ ভগৱানক দেখা পোৱা ল’ৰাজনৰ নাম পুণ্ডৰীক আছিল।

২। ভগৱানে কিয় পুণ্ডৰীক নিজে দেখা কৰিবলৈ আহিছিল?

উত্তৰঃ ভগৱানে পুণ্ডৰীক নিজে দেখা কৰিবলৈ অহা কাৰণ হ’ল পুণ্ডৰীকে মাক-দেউতাকক সেৱা-শুশ্ৰূষা কৰাৰ বাবে স্বয়ং ভগৱানে দেখা কৰিবলৈ আহিছিল।

৩। পুণ্ডৰীকে ভগৱানৰ পৰা বৰ হিচাপে কি খুজিলে?

উত্তৰঃ পুণ্ডৰীকে বৰ হীচাপে ভগৱানক সদায় সেই ঠাইত সেই একে ৰূপত লল পাবলৈ ইচ্ছা প্ৰকাশ কৰিলে।

৪। কাহিনীটো চমুকৈ লিখা।

উত্তৰঃ দক্ষিণ ভাৰতৰ এজন ল’ৰা এবাৰ নিজৰ সেৱা-শুশ্ৰূষা আৰু শ্ৰদ্ধা ভক্তিৰ বাবে প্ৰসিদ্ধ হৈ পৰিছিল। তেওঁ এবা স্বয়ং ভগৱানে দেখা কৰিছিল। আৰু তেতিয়াই পুণ্ডৰীকে ক’লে যে প্ৰভু আপুনি ইয়াতে বহক মই মা-দেউতাৰ সেৱা-শুশ্ৰূষা কৰি আছো কামখিনি শেষ হ’লেই আপোনাৰ ওচৰলৈ আহিম। তেওঁ মাক-দেউতাকৰ সেৱা-শুশ্ৰূষা আধৰুৱা কৰি অহাটো মুঠেও সম্ভৱ নহয় বুলি ভাবিলে। ভগৱানে পুণ্ডৰীকৰ কাৰ্যত সন্তুষ্ট হৈ তেওঁক বৰ খুজিবলৈ আদেৰ্শ কৰিলে। পুণ্ডৰীকে বৰ হীচাপে ভগৱানক সদায় সেই ঠাইত সেই একে ৰূপত লগ পাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। মাক-দেউতাকক একান্তভাৱে ভক্তি কৰিলে স্বয়ং ভগৱানেও আহি দৰ্শন দিয়েহি।

৫। পাঠটোত উল্লিখিত নদীখনৰ নাম কি?

উত্তৰঃ পাঠটোত উল্লিখিত নদীখনৰ নাম ভীমা (চন্দ্ৰভাগা)।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top