Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 10 Answer পানী

পানী

Lesson 10

১। কি কি কামত পানীৰ প্ৰয়োজন হয় ?

উত্তৰঃ ক) কাপোৰ ধোৱাৰ বাবে পানীৰ প্ৰয়োজন।

খ) বাচন-বৰ্তন ধোৱাৰ বাবে পানীৰ প্ৰয়োজন।

গ) ভাত আৰু আঞ্জা ৰন্ধাৰ বাবে পানীৰ প্ৰয়োজন।

ঘ) চাহ বনোৱাৰ বাবে পানীৰ প্ৰয়োজন।

ঙ) গা-ধোৱাৰ বাবে পানীৰ প্ৰয়োজন।

চ) যিকোনো বস্তু পৰিস্কাৰ কৰিবৰ বাবে পানীৰ প্ৰয়োজন।

২। পানীৰ আন এটি নাম জীৱন কিয় ?

উত্তৰঃ পানীৰ আন এটি নাম জীৱন কাৰণ পানীৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে।

৩। পানীত কি কি বীজাণু থাকে ?

উত্তৰঃ বেক্টেৰিয়া, ভাইৰাছ, প্ৰট’য’ৱা আদি।

৪। পানী দূষিত হোৱা কাৰণ কি কি ?

উত্তৰঃ পানী দূষিত হোৱা কাৰণসমূহ হ’ল –

ক) অপৰিষ্কাৰ ঠাইত পানী দূষিত হয়।

খ) কুঁৱাৰ পানীত জাৱৰ-জোঁথৰ পৰিলে পানী দূষিত হয়।

গ) নলা, নৰ্দমাৰ পৰা বেয়া পানী ওচৰৰ কুঁৱা বা নাদত সোমালে পানী দূষিত হয়।

ঘ) দমকলৰ পানী ৰাসায়নিক দ্ৰব্য মিহলি হোৱাৰ ফলত দূষিত হয়।

ঙ) চৰকাৰে যোগান ধৰা টেপৰ পানীত অতিৰিক্ত ব্লিচিং পাউদাৰ দ্ৰৱীভূত হৈ থাকিলেও পানী দূষিত হয়।

৫। জল চক্ৰ কাক বোলে বুজাই লিখা ?

উত্তৰঃ সূৰ্যৰ তাপত ভূ-পৃষ্ঠৰ পানী ভাপ হৈ ওপৰলৈ গুচি যায়। নদ-নদী, খাল, বিল, পুখুৰী, জলাহ আদিৰ পানী ভাপ হৈ ওপৰলৈ উৰি যায়। এনেকৈয়ে ওপৰৰ ভাপ জমা হৈ একগোট হয় আৰু ঠাণ্ডা বায়ুৰ পৰশত মেঘ বা ডাৱৰ হয়। বতাহত মেঘ ইফালে-সিফালে ভাঁহি ফুৰে আৰু বায়ুমণ্ডলৰ নিম্ন চাপৰ প্ৰভাৱত তথা ওখ পাহাৰসমূহত ঠেকা খাই বৰষুণৰ আকাৰে ভূ-পৃষ্ঠলৈ পুনৰ নামি আহে আৰু এই প্ৰক্ৰিয়াটোক জল চক্ৰ বোলে।

৬। বৰষুণৰ পানীত কেনেকৈ সংৰক্ষণ কৰিব পাৰি লিখা ?

উত্তৰঃ ক) পুখুৰী নাইবা গাত খান্দি বৰষুণৰ পানী সংৰক্ষন কৰিব পাৰি।

খ) বৰষুণ দিয়াৰ সময়ত মুকলি ঠাইত ডাভৰ পাত্ৰ নাইবা ড্ৰাম পাতি বৰষুণৰ পানী সংৰক্ষন কৰিব পাৰি।

৭। বিশুদ্ধ পানী কেনেকৈ পাব পাৰি লিখা ?

উত্তৰঃ ক) পানী উতলাই চেঁচা কৰি বিশুদ্ধ পানী পাব পাৰি।

খ) ফিল্টাৰ কৰি বিশুদ্ধ পানী পাব পাৰি।

শুদ্ধ উত্তৰ দিয়া

৮। পানীৰপৰা কোনটো বেমাৰ হয় ?

(ক) যক্ষ্মা (খ) কৰ্কট (গ) মেলেৰিয়া (ঘ) ডিফথেৰিয়া

উত্তৰঃ (ঘ) ডিফথেৰিয়া।

৯। ডাৱৰৰ সৃষ্টি হয় –

(ক) পানীৰপৰা (খ) ভাপৰপৰা (গ) বৰফৰপৰা

উত্তৰঃ (খ) ভাপৰপৰা।

১০। ভূগৰ্ভৰ পানী দূষিত হয় –

(ক) জীৱাশ্মৰ বাবে (খ) ৰাসায়নিক দ্ৰব্যৰ বাবে (গ) পাথৰৰ বাবে

উত্তৰঃ (খ) ৰাসায়নিক দ্ৰব্যৰ বাবে।

১১। বৰষুণৰ পানী খোৱাৰ উপযোগী নহয় কাৰণ –

(ক)এচিড থাকে (খ) ৰাসায়নিক দ্ৰব্য থাকে (গ) বীজাণু থাকে

উত্তৰঃ (ক)এচিড থাকে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects