Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 5 Answer চুম্বকত্ব

চুম্বকত্ব

পাঠ ৫

১। চুম্বক কি?

উত্তৰঃ চুম্বক হৈছে এনে এবিধ পদাৰ্থ যিয়ে লো, কোবাল্ট, নিকেল আদিক আকৰ্ষণ কৰে।

২। চুম্বকে আকৰ্ষণ কৰা আৰু নকৰা কেইবিধমান বস্তু নাম লিখা।

উত্তৰঃ চুম্বকে আকৰ্ষণ কৰা কেইবিধমান বস্তু নাম হৈছে – লো, নিকেল, কাবাল্ট, আৰু গেড’লিনিয়াম।

চুম্বকে আকৰ্ষণ নকৰা কেইবিধমান বস্তু নাম হৈছে – পাৰা, তাম, দস্তা, গ্ৰেফাইট আদি।

৩। লৌহ চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে, উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ যিবিলাক পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে তেনেবোৰ পদাৰ্থকে অচুম্বকীয় পদাৰ্থ বোলে।

৪। এডাল চুম্বকৰ মেৰু দুটা কেনেকৈ চিনাক্ত কৰিবা এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ এডাল চুম্বকক মুক্তভাৱে ওলমাই ৰাখিলে সি সদায় উত্তৰ-দক্ষিণমুৱা হৈ থাকিব। চুম্বকডালৰ যিটো মূৰ উত্তৰফালে থাকিব সেইটো উত্তৰ মেৰু আৰু যিটো মূৰ দক্ষিণ ফালে থাকিব সেইটো দক্ষিণ মেৰু।

৫। চুম্বকীয় পদাৰ্থক কেনেদৰে চুম্বকত পৰিণত কৰিব পাৰি?

উত্তৰঃ চুম্বকীয় পদাৰ্থ এটাক চুম্বকৰ গাত বাৰে বাৰে ঘহিলে চুম্বকীয় পদাৰ্থ এটা চম্বকলৈ পৰিণত হ’ব।

৬। চুম্বকত্ব গুণ সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে তুমি কি কৰিবা?

উত্তৰঃ চুম্বকত্ব গুণ সুৰক্ষিত কৰি ৰাখিবলৈ চুম্বকৰ বিপৰীত মেৰুবোৰ জোৰা পাতি থ’ব লাগে। সিহঁতক কাঠৰ পৰা পৃঠক কৰি থ’ব লাগে আৰু মূৰৰ ফালে এটুকুৰা লো লগাই থ’ব লাগে। ঘোঁৰানলীয়া চুম্বকৰ মেৰুকেইটাত এটুকুৰা লো লগাই থ’ব লাগে। কেছেট, ম’বাইল, টেলিভিছন, গানৰ সামগ্ৰী, কম্পেক্ট ডিস্ক আৰু কম্পিউটাৰৰ পৰা চুম্বক আতঁৰাই ৰাখিব লাগে।

৭। চুম্বক থকা কেইবিধমান সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ চুম্বক থকা কেইবিধমান সামগ্ৰীৰ নাম হৈছে – ৰেফ্ৰিজাৰেটৰ, গাড়ী আদি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects