গতি আৰু দূৰত্বৰ জোখ-মাখ
পাঠ ৬
১। মৰুভূমি, বৰফ, জল, স্থল আৰু আকাশীপথেৰে চলা এখনকৈ বাহনৰ নাম লিখা।
উত্তৰঃ মৰুভূমি, বৰফ, জল, স্থল আৰু আকাশীপথেৰে চলা এখনকৈ বাহনৰ নাম হৈছে ক্ৰমে – ঘোঁৰাগাড়ী, শ্লেজগাড়ী, জাহাজ, বাছ আৰু উৰাজাহাজ।
২। প্ৰাচীন কালত কি কি জীৱ-জন্তুক পৰিবহণৰ বাবে ব্যৱহাৰ কৰিছিল লিখা।
উত্তৰঃ প্ৰাচীন কালত গৰু, ঘোঁৰা, ম’হ আদিক পৰিবহণৰ বাবে ব্যৱহাৰ কৰিছিল।
৩। জোখ-মাপ মানে কি?
উত্তৰঃ জোখ-মাপ মানে কোনো এটা নজনা ৰাশিৰ সৈতে কিছুমান জনা ৰাশিৰ তুলনা কৰা।
৪। জোখৰ বাবে প্ৰমাণ এককৰ প্ৰয়োজন কিয় দৰকাৰ?
উত্তৰঃ সুষম জোখ-মাপৰ সুবিধাৰ্থে প্ৰমাণ এককৰ প্ৰয়োজন।
৫। তোমাৰ ঘৰৰপৰা বিদ্যালয়লৈ দূৰত্ব 2500 মিটাৰ। এই দূৰত্বক কিল’মিটাৰলৈ প্ৰকাশ কৰা।
উত্তৰঃ
দিয়া আছে,
মোৰ ঘৰৰ পৰা বিদ্য়ালয়লৈ দূৰত্ব = 2500 মিটাৰ।
যিহেতু, 1000 মিটাৰ = 1 কিলোমিটাৰ।
এতেকে, মোৰ ঘৰৰ পৰা বিদ্য়ালয়লৈ দূৰত্ব = 2500/1000 কিলোমিটাৰ
= 2.5 কিলোমিটাৰ।
৬। আন্তৰ্জাতিক একক পদ্ধতি কাক বোলে?
উত্তৰঃ বৰ্তমান ব্য়ৱহাৰ হোৱা জোখ-মাপৰ প্ৰমাণ একক পদ্ধতিক আন্তৰ্জাতিক একক পদ্ধতি বোলে।
৭। খালী ঠাই পূৰ কৰাঃ
(ক) ১৯০০ শতিকাৰ প্ৰাৰম্ভত উৰাজাহাজৰ বিকাশ ঘটে।
(খ) জোখ-মাপসমূহ দুটা অংশত প্ৰকাশ কৰা হয়।
(গ) ক্ষেত্ৰফল = দীঘ X প্ৰস্থ।
(ঘ) মেট্ৰিক শব্দটো আহিছে মিটাৰৰ পৰা।
(ঙ) আন্তৰ্জাতিক একক পদ্ধতিৰ দৈৰ্ঘ্য়ৰ একক হৈছে মিটাৰ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post