Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 8 Answer পদাৰ্থৰ ধৰ্ম, শ্ৰেণী বিভাজন আৰু পৰিৱৰ্তন

পদাৰ্থৰ ধৰ্ম, শ্ৰেণী বিভাজন আৰু পৰিৱৰ্তন

পাঠ ৮

১। পদাৰ্থ কাক বোলে?

উত্তৰঃ বস্তুৰ ক্ষুদ্ৰ অংশকে পদাৰ্থ বোলা হয়।

২। পদাৰ্থসমূহক কি কি শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ পদাৰ্থসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে – গোটা বা কঠিন, তৰল আৰু গেছীয়।

৩। আয়তন কাক বোলে?

উত্তৰঃ এটা পদাৰ্থই যিখিনি ঠাই আগুৰিব তাকে আয়তন বোলে।

৪। কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ প্ৰত্যেকৰে দুটাকৈ বৈশিষ্ট্য লিখা।

উত্তৰঃ কঠিন পদাৰ্থৰ বৈশিষ্ট্য় হৈছে –

– কঠিন পদাৰ্থৰ আকাৰ আৰু আকৃতি আছে।

– ইয়াৰ ঘনত্ব বেছি।

তৰল পদাৰ্থৰ বৈশিষ্ট্য় হৈছে –

– যি পাত্ৰত ৰখা হয় তাৰেই আকাৰ আৰু আকৃতি লয়।

– ইয়াৰ ঘনত্ব কম।

গেছীয় পদাৰ্থৰ বৈশিষ্ট্য় হৈছে –

– ইয়াৰ আকাৰ আৰু আকৃতি নাই।

– ইয়াক চকুৰে দেখা নাযায়।

৫। ভৰ কাক বোলে? ভৰ আৰু ওজন একে নে?

উত্তৰঃ পদাৰ্থৰ পৰিমাণকে ভৰ বোলা হয়।

ভৰ আৰু ওজন একে নহয়।

৬। মাধ্যাকৰ্ষণিক বল কাক বোলে?

উত্তৰঃ যি শক্তিয়ে কোনো এটা বস্তুক পৃথিৱীৰ কেন্দ্ৰৰ ফালে আকৰ্ষিত কৰে সিয়েই হৈছে মধ্য়াকৰ্ষণ শক্তি।

৭। খালী ঠাই পূৰ কৰা ঃ

(ক) পদাৰ্থৰ পৰিমাণক ভৰ বোলে হয়।

(খ) তৰলৰ ঘনত্ব কঠিন পদাৰ্থৰ ঘনত্বতকৈ কম।

(গ) গেছীয় পদাৰ্থবোৰ পাতল।

(ঘ) গেছীয় পদাৰ্থৰ পৰিৱৰ্তন ঘটে তাপ কমালেহে।

৮। ভৰ, ঘনত্ব আৰু আয়তনৰ সম্পৰ্ক কি?

উত্তৰঃ কঠিন পদাৰ্থৰ ঘনত্ব, ভৰ আৰু আয়তনৰ ওপৰত নিৰ্ভৰ কৰে।

ঘনত্ব = ভৰ / আয়তন

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects