সৌৰজগতত আমাৰ পৃথিৱী
পাঠ নং – ১
১। উত্তৰ লিখা-
(ক) সৌৰজগতৰ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই ?
উত্তৰঃ শুক্ৰ গ্ৰহৰ আৰু বুধ গ্ৰহৰ উপগ্ৰহ নাই।
(খ) সূৰ্যৰ বহিৰ্ভাগৰ উত্তাপ কিমান ?
উত্তৰঃ সূৰ্যৰ বহিৰ্ভাগৰ উত্তাপ ৬০০০° চেলছিয়াছ।
(গ) পৃথিৱীয়ে কিমান কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ?
উত্তৰঃ পৃথিৱীয়ে ঘণ্টাত ১৬৭০ কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে।
(ঘ) পৃথিৱীৰ যমজ গ্ৰহ বুলিলে কোনটো গ্ৰহক বুজায় ?
উত্তৰঃ পৃথিৱীৰ যমজ গ্ৰহ বুলিলে শুক্ৰ গ্ৰহক বুজায়।
(ঙ) পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ চন্দ্ৰক কিমান দিন লাগে ?
উত্তৰঃ পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ চন্দ্ৰক ২৯ ১/২ দিন লাগে।
(চ) কোনকেইটা গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ দেখা যায় ?
উত্তৰঃ মঙল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ দেখা যায়।
(ছ) কোনটো গ্ৰহক ‘বাওনা গ্ৰহ’ আখ্যা দিয়া হৈছে ?
উত্তৰঃ প্লুটো গ্ৰহক ‘বাওনা গ্ৰহ’ আখ্যা দিয়া হৈছে।
(জ) কোনকেইটা গ্ৰহৰ চাৰিওফালে কিছুমান আঙুঠিৰে বেৰি আছে ?
উত্তৰঃ বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ চাৰিওফালে কিছুমান আঙুঠিৰে বেৰি আছে।
২। সৌৰজগতৰ চিত্ৰখন চাই উত্তৰ লিখা-
(ক) সূৰ্যৰপৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত ?
উত্তৰঃ সূৰ্যৰপৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান ৩ নম্বৰত।
(খ) সৌৰজগতৰ শেষ প্ৰান্তত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ সৌৰজগতৰ শেষ প্ৰান্তত থকা গ্ৰহটোৰ নাম হৈছে- নেপচুন।
(গ) সৌৰজতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ?
উত্তৰঃ সৌৰজতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হৈছে- বৃহস্পতি।
(ঘ) সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটো নাম কি ?
উত্তৰঃ সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটো নাম হৈছে- বুধ।
৩। সংক্ষিপ্ত উত্তৰ দিয়া-
(ক) হাতীপটি মানেনো কি ?
উত্তৰঃ হাতীপতি হৈছে এটা নক্ষত্ৰপুঞ্জ।
(খ) সৌৰজগত বুলিলে কি বুজা ?
উত্তৰঃ ৯ টা গ্ৰহৰে সৈতে গ্ৰহাণুপুঞ্জ, ধুমকেতু, উল্কাপিণ্ড, আদিক লৈ সূৰ্যৰ যি পৰিয়াল, সিয়ে হৈছে সৌৰজগত।
(গ) উল্কা বা পপীয়া তৰা বুলিলে কি বুজা ?
উত্তৰঃ কেতিয়াবা অতি বৃহৎ আকাৰৰ এক পদাৰ্থপিণ্ড বায়ুমণ্ডলত পুৰি শেষ নহ’লে ভূ-পৃষ্ঠত আহি পৰে। তেনে অংশক উল্কাপিণ্ড বোলা হয়।
(ঘ) ধুমকেতু মানেনো কি ?
উত্তৰঃ ধুমকেতু হৈছে এক প্ৰকাৰৰ জ্য়োতিষ্ক। ই দেখাত উজ্জ্বল তৰাৰ দৰে, ইয়াৰ এদাল নেজ আছে।
(ঙ) সূৰ্যৰ চাৰিওফালে ওলোটা পাকে ঘূৰা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ সূৰ্যৰ চাৰিওফালে ওলোটা পাকে ঘূৰা গ্ৰহটো নাম হৈছে- শুক্ৰ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post