SVN Class 6 Social Science Chapter 10 Answer আদি প্ৰস্তৰ যুগ

আদি প্ৰস্তৰ যুগ

পাঠ নং- ১০

১। অতি চমুকৈ উত্তৰ লিখা –

(ক) কেতিয়াৰপৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল ?

উত্তৰঃ পৃথিৱীত মানুহৰ বসতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাক সঠিককৈ কোৱা টান। কিন্তু এটা কথা ঠিক যে অতি পুৰণি কালৰ পৰাই পৃথিৱীত মানুহৰ বসতি আছিল।

(খ) মানৱ সভ্যতাৰ আদিম স্তৰটোক কি যুগ হিচাপে নামকৰণ কৰা হৈছে ?

উত্তৰঃ মানৱ সভ্যতাৰ আদিম স্তৰটোক আদি প্ৰস্তৰ যুগ হিচাপে নামকৰণ কৰা হৈছে।

(গ) আদিম যুগৰ মানুহে ক’ত বাস কৰিছিল ?

উত্তৰঃ আদিম যুগৰ মানুহে গুহাত বাস কৰিছিল।

(ঘ) আদি প্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ কেনেকুৱা আছিল ?

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰবোৰ শিলেৰে গঢ়িত আছিল।

২। খালী ঠাই পূৰণ কৰা –

(ক) আদি প্ৰস্তৰ যুগৰ মানুহবোৰ আছিল অঘৰী।

(খ) আদি প্ৰস্তৰ যুগৰ মানুহে গছৰ তলত বা গুহাত বাস কৰিছিল।

(গ) আদিম যুগৰ মানুহবোৰ প্ৰধানকৈ আছিল চিকাৰী বা খাদ্য় সংগ্ৰহকাৰী।

(ঘ) আদি প্ৰস্তৰ যুগৰ মানুহে খাদ্যবস্তুবিলাক কেঁচাই খাইছিল।

(ঙ) সম্ভৱতঃ এই যুগত শৱদেহ সৎকাৰ কৰাৰ ব্যৱস্থা নাছিল।

৩। শুদ্ধ বাক্যটোত ‘✓’ চিন দিয়া –

(ক) আদি প্ৰস্তৰ যুগৰ মানুবোৰে বিভিন্ন ধাতুৰ অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি তৈয়াৰ কৰি লৈছিল।

উত্তৰঃ অশুদ্ধ।

(খ) আদি প্ৰস্তৰ যুগৰ মানুহে চিকাৰৰ সন্ধানত বা খাদ্য বিচাৰি সঘনে ঠাই সলনি কৰিবলগীয়া হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) জুইৰ আৱিস্কাৰ আৰু ব্যৱহাৰে মানৱ সভ্যতাৰ বহুতো পৰিৱৰ্তন আনে।

উত্তৰঃ শুদ্ধ।

(ঘ) আদি প্ৰস্তৰ যুগৰ সোণ, ৰূপ, তাম আদিৰ আ-অলংকাৰ পৰিধান কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) আদি প্ৰস্তৰ যুগৰ অধিবাসীসকলৰ জীৱন-যাপন বৰ কষ্টকৰ আছিল।

উত্তৰঃ শুদ্ধ।

৪। আদি প্ৰস্তৰ যুগৰ মানুহৰ অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহেশিলৰ বাহিৰে আন কোনো ধাতুৰ ব্য়ৱহাৰ নাজানিছিল। শিলেৰেই তেওঁলোকে বিভিন্ন সজুঁলি আৰু অস্ত্ৰ-শস্ত্ৰ তেওঁলোকৰ কামত অহাকৈ গঢ় দি লৈছিল। এই সময়ৰ সজুঁলিবোৰ আছিল ভোটা আৰু খহটা। শিলৰ উপৰি জীৱ-জন্তুৰ হাড়, দাঁত, শিং আদিও সজুঁলি হিচাপে ব্য়ৱহাৰ কৰিছিল।

৫। আদি প্ৰস্তৰ যুগৰ মানুহে কি কি কাৰণত ঠাই সলনি কৰিছিল সেই সম্পৰ্কে লিখা।

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহ আছিল অঘৰী। এই যুগৰ মানুহে ঘৰ সাজি বাস কৰিব নাজানিছিল। তেওঁলোক প্ৰধানকৈ আছিল চিকাৰী অথবা খাদ্য় সংগ্ৰহকাৰী। তেওঁলোকে চিকাৰৰ সন্ধানত ঠাই সলনি কৰিবলগীয়া হৈছিল। সেয়ে তেওঁলোকৰ বসতি স্থায়ী নাছিল।

৬। ‘আদি প্ৰস্তৰ যুগৰ মানুহৰ জীৱন-যাপন বৰ কষ্টকৰ আছিল।’ কথাষাৰৰ যুক্তিযুক্ততা নিৰূপণ কৰা।

উত্তৰঃ আদি প্ৰস্তৰ যুগত মৃত শৱদেহ সৎকাৰৰ ব্য়ৱস্থা নাছিল। মৃত ব্য়ক্তিৰ শৱদেহ গুহাতেই গেলি-পচি শেষ হৈছিল অথবা বনৰীয়া জীৱ-জন্তুৱে ভক্ষণ কৰিছিল। তেওঁলোকে চুটি-চাপৰ, ক’লা বৰণৰ, চেপেটা নাকৰ, গোটেই শৰীৰ নোমেৰে আৱৰা আছিল। তেওঁলোক আছিল অতি শক্তিশালী, সাহসী আৰু খাদ্য়ৰ সন্ধানত সততে ব্য়স্ত থাকিবলগীয়া হোৱাত তেওঁলোকৰ জীৱন-যাপন বৰ কষ্টকৰ আছিল।

৭। আদি প্ৰস্তৰ যুগৰ অধিবাসীসকলে ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ অধিবাসীসকলে ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হৈছে- জীৱ-জন্তুৰ হাড়, দাঁত, শিং আৰু শিল আদি।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top