Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 11 Answer আদিম মানুহৰ অৰ্থনৈতিক কাৰ্য-কলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)

আদিম মানুহৰ অৰ্থনৈতিক কাৰ্য-কলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)

পাঠ নং-১১ (ক)

১। অতি চমুকৈ উত্তৰ লিখা-

(ক) অঘৰী অৱস্থাৰপৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ কিমান বছৰ লাগিছিল?

উত্তৰঃ অঘৰী অৱস্থাৰপৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ বহু হাজাৰ বছৰ লাগিছিল।

(খ) কিহৰ প্ৰয়োজনত আদিম মানুহে একে ঠাইতে বহুত দিন থাকিবলগীয়া হৈছিল।

উত্তৰঃ তেওঁলোকে খেতি কৰিবলৈ লোৱাত খেতিপথাৰত গছ গজি ফল ধৰালৈ বহুদিন লাগিছিল। এনেবোৰ কাৰণতে তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল।

(গ) মানুহে ক’ত শস্য সংৰক্ষণ কৰিছিল ?

উত্তৰঃ তেওঁলোকে নিজে সাজি উলিওৱা মাটিৰ পাত্ৰত শস্য় সংৰক্ষণ কৰি ৰাখিছিল।

(ঘ) নৱ প্ৰস্তৰ যুগত সঁজুলিবোৰৰ কেনেকুৱা আছিল ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ সজুঁলিবোৰ চকচকীয়া হ’ল। তেওঁলোকে উন্নত সজুঁলি আৰু উন্নত অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকে উন্নত জীৱন-যাপন কৰিছিল।

২। খালী ঠাই পূৰ কৰা –

(ক) সময় পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰো সলনি হৈছিল।

(খ) নৱ প্ৰস্তৰ যুগৰ মানুহে খাদ্য সিজাই খাবলৈ শিকিলে।

(গ) নিজে উৎপাদন কৰা গমৰ পৰা ৰুটীও তৈয়াৰ কৰি খাইছিল।

(ঘ) নৱ প্ৰস্তৰ যুগৰ মানুহে শিলৰ সঁজুলিবোৰ গঢ়ি-পিটি অধিক নিমজ কৰি ল’লে।

(ঙ) তেওঁলোকে কিমান জন্তুক যাতায়তৰ কামতো ব্যৱহাৰ কৰিছিল।

৩। শুদ্ধ বাক্যটোত ‘✓’ চিন দিয়া –

(ক) নৱ প্ৰস্তৰ যুগৰ মানুহে শিলৰ গুহাৰ সলনি সৰু জুপুৰি ঘৰত থাকিবলৈ ল’লে।

উত্তৰঃ শুদ্ধ।

(খ) এই যুগৰ মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল।

উত্তৰঃ অশুদ্ধ।

(গ) নৱ প্ৰস্তৰ যুগত খেতিৰ আৱিস্কাৰ হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) নৱ প্ৰস্তৰ যুগত মানুহে শিলৰ উপৰি অন্য ধাতুৰো ব্যৱহাৰ কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) নৱ প্ৰস্তৰ যুগত মৃত দেহবোৰ পেলাই দিয়া হৈছিল।

উত্তৰঃ অশুদ্ধ।

৪। আদিম মানুহে কেনেকৈ খেতি কৰিবলৈ শিকিছিল ?

উত্তৰঃ আদিম মানুহে ফল-মূল খাই তাৰ বীজ ওচৰতে পেলাইছিল। অলপ দিন পিছত লক্ষ্য় কৰিলে যে সেই বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হৈছে। আৰু তাৰ কিছুদিন পিছত যেতিয়া গছবোৰ ডাঙৰ হ’ল সেই গছবোৰত আগৰ ফলৰ লগত একে ধৰণৰ ফল ধৰা দেখিবলৈ পালে। এনেদৰে আদিম মানুহে খেতি কৰিবলৈ শিকিলে।

৫। নৱ প্ৰস্তৰ যুগৰ মানুহে কি কি খাদ্য খাইছিল ?

উত্তৰঃ নৱ প্ৰস্তৰ যুগৰ মানুহে ফল, ফলৰ ৰস, গাখীৰ দৈ, মাখন, মাছ, জশু-পক্ষীৰ মাংস আদি। তেওঁলোকে নিজে উৎপাদন কৰা গম, বাৰ্ল, যৱ আদিৰে ৰুটীও তৈয়াৰ কৰি খাইছিল।

৬। নৱ প্ৰস্তৰ যুগৰ মানুহে কি কি জন্তুক পোহপাল দিছিল? জন্তুবোৰক তেওঁলোকে আৰু কি কি কামত ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ নৱ প্ৰস্তৰ যুগৰ মানুহে গৰু, ছাগলী, ভেড়া আদি শান্ত প্ৰকৃতিৰ জন্তুবোৰক পোহপাল দিছিল।

সেই সময়ত কিছুমান জন্তুক যাতায়তৰ কামত ব্য়ৱহাৰ কৰিছিল। 

৭। চকাৰ আৱিস্কাৰ কেতিয়া হৈছিল? কি কি কামত চকা ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ নৱ প্ৰস্তৰ যুগতে চকাৰ আৱিস্কাৰ হৈছিল।

দূৰ-দূৰণিৰ ঠাইলৈ কম সময়তে যোৱা, খেতিৰ ফচল কঢ়িওৱা আদি কামত মানুহে চকাৰ ব্য়ৱহাৰ কৰিছিল। তাৰোপৰি কুমাৰৰ চকা সহায়ত পাত্ৰ নিৰ্মাণ কৰিছিল।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects