Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 15 Answer মহাজনপদ

মহাজনপদ

পাঠ নং- ১৪

১। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ

(ক) কোনটো শতিকাত মহাজনপদৰ সৃষ্টি হৈছিল ?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত মহাজনপদৰ সৃষ্টি হৈছিল।

(খ) মহাজনপদৰ সংখ্যা কিমানখন আছিল ?

উত্তৰঃ মহাজনপদৰ সংখ্যা ষোল্লখন আছিল।

(গ) জনপদসমূহ ভাৰতৰ কোনটো অঞ্চলত গঢ় লৈ উঠিছিল ?

উত্তৰঃ জনপদসমূহ ঘাইকৈ উত্তৰ ভাৰতৰ গংগা উপত্য়কাৰ সমভূমি অঞ্চলত গঢ় লৈ উঠিছিল।

(ঘ) মগধ সাম্ৰাজ্যৰ দুজন শক্তিশালী ৰজাৰ নাম লিখা।

উত্তৰঃ মগধ সাম্ৰাজ্যৰ দুজন শক্তিশালী ৰজাৰ নাম হৈছে 一 বিম্বিসাৰ আৰু অজাতশত্ৰু।

(ঙ) মহাজনপদৰ সুৰক্ষাৰ বাবে ৰজাই কি কি ব্যৱস্থা হাতত লৈছিল ?

উত্তৰঃ মহাজনপদৰ সুৰক্ষাৰ বাবে ৰজাই সামৰিক বাহিনী শক্তিশালী কৰিছিল, লগতে বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা জনসাধাৰণক সুৰক্ষা দিবলৈ চাৰিওফালে দুৰ্গ নিৰ্মাণ কৰিছিল।

(চ) মহাজনপদৰ দিনত কি কি বৃত্তিধাৰী লোক আছিল ?

উত্তৰঃ মহাজনপদৰ দিনত থকা বৃত্তিধাৰী লোকসকল আছিল কমাৰ, বাঢ়ৈ, শিপিনী, চিত্ৰকৰ, সোণাৰি আদি।

২। শুদ্ধ উত্তৰ নিৰ্বাচন কৰাঃ

(ক) নিম্নলিখিত কোনখন ৰাজতন্ত্ৰ নাছিল।

(১) মগধ, (২) শাক্য, (৩) অৱন্তী

উত্তৰঃ শাক্য়।

(খ) জনপদসমূহ গঢ় লৈ উঠিছিলঃ

(১) গংগা উপত্যকাৰ সমভূমি অঞ্চলত

(২) ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলত

(৩) সৰস্বতী নদী উপত্যকাৰ সমভূমি অঞ্চলত

উত্তৰঃ গংগা উপত্যকাৰ সমভূমি অঞ্চলত।

(গ) মহাজনপদৰ দিনত ৰজাক সহায় কৰিবলৈ কেইটা ৰাজনৈতিক সংগঠন আছিল?

(১) তিনিটা, (২) দুটা, (৩) চাৰিটা।

উত্তৰঃ ১) তিনিটা।

৩। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰাঃ

(ক) কেইবাটাও পৰিয়াল লগ লাগি জনৰ সৃষ্টি হৈছিল।

উত্তৰঃ অশুদ্ধ।

(খ) কৃষিকৰ্মৰ জৰিয়তে মহাজনপদবোৰ সমৃদ্ধিশালী হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) কোশল, মগধ, বৎস আৰু অৱন্তী মহাজনপদ আছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) মহাজনপদৰ দিনত প্ৰজাই কৰ-কাটল দিয়াটো বাধ্যতামূলক নাছিল?

উত্তৰঃ শুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects