SVN Class 6 Social Science Chapter 19 Answer আমাৰ মৌলিক প্ৰয়োজনসমূহ

আমাৰ মৌলিক প্ৰয়োজনসমূহ

পাঠ নং – ১৮

১। মৌলিক প্ৰয়োজন কাক বোলে? মানুহৰ মৌলিক প্ৰয়োজন কি কি?

উত্তৰঃ যিবোৰ বস্তু আমাৰ জীৱনৰ বাবে অপৰিহাৰ্য, অৰ্থাৎ যিবোৰ বস্তু নহ’লে আমি জীয়াই থাকিব নোৱাৰোঁ সেই বস্তুবোৰৰ প্ৰয়োজনকে মৌলিক প্ৰয়োজন বুলি কোৱা হয়।

মানুহৰ মৌলিক প্ৰয়োজন হৈছে  অন্ন, বস্ত্ৰ আৰু বাসস্থান।  

২। অঞ্চলভেদে মানুহৰ মুখ্য আহাৰৰ বিভিন্নতাৰ কাৰণ কি?

উত্তৰঃ পৃথিৱীৰ ভিন ভিন অঞ্চলত যিবোৰ খাদ্য় সামগ্ৰী প্ৰচুৰ পৰিমাণে উৎপন্ন হয় সেইবোৰ খাদ্য়কে সেই অঞ্চলত বসবাস কৰা মানুহে আহাৰ হিচাপে গ্ৰহণ কৰে। সেয়েহে অঞ্চলভেদে মানুহৰ মুখ্য় আহাৰৰ ভিন্নতা আছে।

৩। সাজ-পাৰ পৰিধান কৰাৰ যিকোনো তিনিটা প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ সাজ-পাৰ পৰিধান কৰাৰ যিকোনো তিনিটা প্ৰয়োজনীয়তা হৈছে 一

ক) ৰ’দ, বতাহ, শীত, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা কৰা;

খ) লজ্জা নিবাৰণ কৰা;

গ) সৌন্দৰ্যতা ৰক্ষা কৰা।

৪। মৌলিক প্ৰয়োজন হিচাপে ঘৰ বা বাসস্থানৰ গুৰুত্ব বুজাই লিখা।

উত্তৰঃ বাসস্থানৰ প্ৰয়োজন আমাৰ মৌলিক প্ৰয়োজন। বাসস্থানে ৰ’দ, বতাহ, বৰষুণৰ পৰা ৰক্ষা কৰাৰ উপৰি নিৰাপত্তা, আশ্ৰয় আৰু আৰাম প্ৰদান কৰে।

৫। মেৰু অঞ্চলৰ বাসিন্দাসকলে বাস কৰা ঘৰৰ নাম কি আৰু ই কিহৰদ্বাৰা নিৰ্মিত?

উত্তৰঃ মেৰু অঞ্চলৰ বাসিন্দাসকলে বাস কৰা ঘৰৰ নাম ঈগলু। ই বৰফৰ দ্বাৰা নিৰ্মিত।

৬। বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ ঘৰৰ চালবোৰ সাধাৰণতে কিহেৰে নিৰ্মিত?

উত্তৰঃ বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ ঘৰৰ চালবোৰ সাধাৰণতে খাপৰিৰে নিৰ্মিত।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top