Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 5 Answer ভূগোলৰ অধ্যয়ন-আহিলা

ভূগোলৰ অধ্যয়ন-আহিলা

পাঠ নং-৫

১। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ

(ক) মানচিত্ৰৰ মাপনী কাক বোলে ?

উত্তৰঃ ভূ-পৃষ্ঠৰ দুখন ঠাইৰ মাজৰ দুৰত্ব আৰু মানচিত্ৰৰ সেই ঠাই দুখন বুজোৱা বিন্দু দুটাৰ মাজৰ দূৰত্বৰ অনুপাতেই হ’ল মাপনী।

(খ) মাপনী কেইপ্ৰকাৰৰ ?

উত্তৰঃ মাপনী দুই প্ৰকাৰৰ।

(গ) সৰু মাপনী কেনেকুৱা মানচিত্ৰত ব্যৱহাৰ হয় ?

উত্তৰঃ সৰু মাপনী সৰু মানচিত্ৰত ব্য়ৱহাৰ কৰা হয়।

(ঘ) গোলকৰ তুলনাত মানচিত্ৰৰ সুবিধাবোৰ কি কি ?

উত্তৰঃ গোলকৰ তুলনাত মানচিত্ৰৰ বহুতো সুবিধা আছে। তাৰে ভিতৰত-

(i) গোলকত গোটেই পৃথিৱীখন দেখুৱাৰ ফলত কোনো ঠাইৰ বিষয়ে সবিশেষ জনাত অসুবিধাৰ সৃষ্টি হয়। কিন্তু মানচিত্ৰত কগোটেই পৃথিৱীখন দেখুওৱা নাযায়, ফলত কোনো এখন ঠাইৰ বিষয়ে সবিশেষ জানিব পৰা যায়।

(ii) গোলকক ৰাজনৈতিক, বিষয়ভিত্তিক,বতৰ বিজ্ঞান সম্পৰ্কীয় ইত্য়াদি হিচাপত ভাগ কৰি শিকিব পৰা নাযায়। কিন্তু মানচিত্ৰক বহুতো ধৰণে ভাগ কৰিও বুজিব পৰা যায়।

(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ মানচিত্ৰত সৰু মাপনী আৰু ডাঙৰ মাপনী দুইটা ব্য়ৱহাৰ কৰা হয়। আনহাতে নক্সাত কেৱল ডাঙৰ মাপনীহে ব্য়ৱহাৰ কৰা হয়।

মানচিত্ৰত ডাঙৰ ঠাই এখনক সৰুকৈ দেখুওৱা হয়। আনহাতে নক্সাত সৰু ঠাই এখনক ডাঙৰকৈ দেখুওৱা হয়।

(চ) সাংকেতিক চিহ্ন কাক বোলা হয় ?

উত্তৰঃ মানচিত্ৰত বিভিন্ন ভৌগোলিক তথ্য় দেখুৱাবলৈ ব্য়ৱহাৰ কৰা বিশেষ চিহ্নবোৰক সাংকেতিক চিহ্ন বোলা হয়।

২। শুদ্ধ উত্তৰ বাছি উলিওয়া ঃ

(ক) যাতায়াত দেখুওৱা মানচিত্ৰ কোনবিধৰ?

(১) ৰাজনৈতিক, (২) বিষয়ভিত্তিক, (৩) প্ৰাকৃতিক।

উত্তৰঃ বিষয়ভিত্তিক।

(খ) মানচিত্ৰত দিশ দেখুওৱা কাঁড় চিনডালে কোনটো দিশ দেখুৱায়?

(১) পূব, (২) উত্তৰ, (৩) দক্ষিণ।

উত্তৰঃ উত্তৰ।

(গ) নদী বা জলভাগ দেখুওৱা মানচিত্ৰত কি ৰং ব্যৱহাৰ কৰা হয়?

(১) মুগা, (২) সেউজীয়া, (৩) নীলা।

উত্তৰঃ নীলা।

(ঘ) তলৰ কোনটোত মাপনীৰ প্ৰয়োজন নাই?

(১) মানচিত্ৰত, (২) আৰ্হিচিত্ৰত, (৩) নক্সাত

উত্তৰঃ আৰ্হিচিত্ৰত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects