Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 9 Answer ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা

ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা

পাঠ নং – ৯

১। চমুকৈ উত্তৰ লিখা ঃ

(ক) ইতিহাস কাক বোলে?

উত্তৰঃ আগতে ঘটি যোৱা ঘটনা বা কাম-কাজৰ বিষয়ে যিয়ে আমাক যথাযতভাৱে জানিবলৈ দিয়ে তাকেই ইতিহাস বুলি কোৱা হয়।

(খ) ইতিহাস আৰু বুৰঞ্জীৰ পাৰ্থক্য লিখা।

উত্তৰঃ ইতিহাস আৰু বুৰঞ্জীৰ মাজত পাৰ্থক্য হৈছে- বুৰঞ্জীত সাধাৰণতে সম্ভ্ৰান্ত ঘৰ বা ৰজা-মহাৰজাৰ ঘৰৰ বিষয়ে থাকে। আনহাতে ইতিহাসত সকলোৰে বিষয়ে থাকে।

(গ) ইতিহাস আৰু আখ্যানৰ পাৰ্থক্য লিখা।

উত্তৰঃ ইতিহাস আৰু আখ্য়ানৰ মাজত পাৰ্থক্য় হৈছে – ইতিহাসৰ সত্য়তা আছে। আনহাতে আখ্য়ানৰ কোনো সত্য়তা নাই।

(ঘ) ইতিহাস অধ্যয়নৰ সমলবোৰৰ বিষয়ে লিখা।

উত্তৰঃ ইতিহাস অধ্য়য়নৰ সমলবোৰ হৈছে- পুৰণি ভগ্নাৱশেষ, বাচন-বৰ্তন, গছৰ বাকলি, লিপি, আ-অলংকাৰ, সা-সজুলি, মূৰ্ত্তি, বেদ, উপনিষদ, তামৰ ফলি, প্ৰাচীন মুদ্ৰা, ৰামায়ণ, মহাভাৰত, পুৰাণ, তন্ত্ৰশাস্ত্ৰ আৰু বিদেশী পৰ্যটকৰ টোকা বা পুথি।

(ঙ) প্ৰত্নতত্ত্ববিদ কাক বোলে আৰু প্ৰত্নতাত্ত্বিক সমলবোৰ কি কি ?

উত্তৰঃ প্ৰাচীন সামগ্ৰীসমূহ অধ্য়য়ন কৰা ব্য়ক্তিক প্ৰত্নতত্ববিদ বোলে। প্ৰত্নতাত্ত্বিক সমলবোৰ হৈছে- প্ৰত্নতাত্ত্বিক সমলবোৰ হৈছে- বাচন-বৰ্তন, তামৰ ফলি, প্ৰাচীন মুদ্ৰা সা-সঁজুলি আদি।

(চ) ঐতিহাসিক সমলবোৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা।

উত্তৰঃ ঐতিহাসিক সমলবোৰে ইতিহাস ৰচনাত যথেষ্ট সহায় কৰে। আমাৰ ঐতিহ্য় জনাত সহায় কৰে। গতিকে এনে ঐতিহাসিক সমলবোৰ অধ্য়য়নৰ লগতে সংৰক্ষণ কৰাও প্ৰয়োজন।

২। খালী ঠাই পূৰণ কৰা ঃ

(ক) বুৰঞ্জী শব্দটো টাই ভাষাৰপৰা অহা।

(খ) ইতিহাসে মানৱ জীৱনৰ সকলো দিশেই সামৰি লয়।।

(গ) অনুমানত কেতিয়াও ইতিহাস ৰচনা কৰিব নোৱাৰি।

(ঘ) পুৰণি ৰজা-মহাৰজাসকলে তেওঁলোকৰ নামত মুদ্ৰা প্ৰচলন কৰাইছিল।

(ঙ) ঐতিহাসিক সমলবোৰে ইতিহাস ৰচনাত যথেষ্ট সহায় কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects