Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 12 Answer কঁঠালৰ নৰিয়া

Chapter 12

কঁঠালৰ নৰিয়া

১। চমু উত্তৰ দিয়া –

( ক ) মইনাহঁতৰ পেটত ভাতৰ ঠাই কিয় নাছিল ?

উত্তৰঃ পকা কঠাল খাই পেট ভৰি থকা বাবে ।

( খ ) সমাজিকৰ নগৰ কেনেকুৱা আছিল ?

উত্তৰঃ ছায়া – মায়া সমাজিকৰ নগৰখন আঁচৰিত আছিল । তাৰ সকলাে কথাই বিপৰীত ।

( গ ) ধানপুৰীয়া কঁঠাল মানে কি ?

উত্তৰঃ এপুৰা ধানৰ পৰিমাণৰ সমান আকাৰৰ কঁঠাল । অর্থাৎ বৰ ডাঙৰ কঁঠাল ।

( ঘ ) নিহালি গাত লৈ পাতৰ আঁৰত কোনে কান্দিছিল ?

উত্তৰঃ নিহালি গাত লৈ পাতৰ আঁৰত বৰ পেটাল কঁঠালবােৰে কান্দিছিল ।

( ঙ ) বেজৰ পৰা দৰৱ – জাতি কোনে আনিছিল ?

উত্তৰঃ বেজৰ পৰা দৰৱ – জাতি আনিছিল ।

( চ ) কঁঠালৰ গাত কেতিয়া খহু-খজুৱতি হৈছিল ?

উত্তৰঃ কঁঠালৰ গাত আহাৰ মাহত খহু-খজুৱতি হৈছিল ।

( ছ ) ষাঁঠ মানে কি ?

উত্তৰঃ ষাঠ মানে আমতি বা অম্বুবাচী ।

২। বেজজনে কঁঠালক কি বুলি জৰা ফুকা কৰিছিল ?

উত্তৰঃ “ হৰ , বিষ হৰ , কঁঠালৰ খহুৰ খজুৱতি পানী হৈ পৰ । ” বুলি জৰা – ফুকা কৰিছিল ।

৩। ষাঁঠ কেতিয়া লাগে ? যাঁঠ লাগিলে আমি কি কি ভক্ষণ কৰোঁ লিখা ।

উত্তৰঃ আহাৰ মাহৰ বসুমতী ৰজস্বলা হােৱা চাৰিদিন অম্বুবাচী বা ষাঁঠ লগা বুলি কোৱা হয় । যাঁঠ লাগিলে আমি পকা কঁঠাল , আম , জামু , লেতেকু , আনাৰস , কল আদি ফলৰ লগতে দৈ , কোমল চাউল আদি ভক্ষণ কৰোঁ ।

৪। “ সিফেৰি পুণ্য বলে বিষাে নিব হৰি । ”― কথাষাৰৰ তাৎপর্য বুজাই লিখা ।

উত্তৰঃ ‘ সিফেৰি শূণ্য ’ বুলি ষাঁঠ লগা সময়ত পকা কঁঠালবােৰ গুৰু ভকতসকলৰ সেৱাত লগাৰ কথা কৈছে । মানুহে বেমাৰ – আজাৰ , দুখ – দুর্গতি , অপায় – অমংগলৰ পৰা হাত সাৰিবলৈ পুণ্যৰ কাম কৰে । গতিকে পকা কঁঠালবােৰেও যদি ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগি পূণ্য অর্জন কৰে , তেনেহলে সিহঁতৰো বিষ – যন্ত্রণা , খহু – খজুৱতিৰ উপশম ঘটিব ।

৫। কেতিয়া গছত কঁঠাল ডাল ভৰি পকি থাকে ?

উত্তৰঃ বাৰিষাৰ বতৰত ।

৬। কঁঠালৰ বিসংগতি কেতিয়া দূৰ হয় লিখা ।

উত্তৰঃ বাৰিষাৰ বতৰত মানুহে পকা কঁঠাল খাই আশীর্বাদ দিলে কঁঠালৰ বিসংগতি দূৰ হয় ।

৭। কবিতাটিৰ মাজেৰে অসমীয়া সংস্কৃতিৰ ( কামৰূপীয়া সংস্কৃতিৰ) কেনে আচাৰ প্ৰকাশ পাইছে তােমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰঃFOR STUDENTS

৮। ধানপুৰীয়া কঁঠালটোৱে নিজৰ অৱস্থাৰ কথা মইনাহঁতক কি বুলি কৈছিল ?

উত্তৰঃ ধানপুৰীয়া কঁঠালটোৱে কৈছিল যে সিহঁত পাতৰ আঁৰত থকা অকলশৰীয়া পহুৰ নিচিনা । আহাৰ মহীয়া বৰষুণে সিহঁতৰ গাত খহু কৰিছে । সিহঁতৰ ভিতৰবােৰ পকা , বাহিৰত গােটেই গাত হে খহু খজুৱতী । বিষ – যন্ত্রণাত সিহঁ তৎ নােহােৱা অৱস্থা হৈছে । গতিকে মইনাই সিহঁতক বিহলঙনী বেজৰ ওচৰলৈ লৈ যাব লাগে ।

৯। ব্যাখ্যা কৰা –

( ক ) “ মানুহ জাতিয়ে খাই আশীর্বাদ দিয়ে । কঁঠালৰ বিসংগতি দূৰ কৰি নিয়ে । ”

উত্তৰঃ উক্ত কবিতাফাঁকি কবি মুক্তিনাথ বৰদলৈদেৱে ৰচনা কৰা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট “ কঠালৰ নৰিয়া ” নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে ।

কঁঠালৰ বিসংগতি কেনেকৈ দূৰ হ’ল তাকে এই কবিতাফাঁকিৰ জৰিয়তে কোৱা হৈছে । নৰিয়া হােৱা কঁঠালবােৰক বিহলঙনী বেজে নৰিয়াৰপৰা উপশম পাবলৈ হ’লে ষাঁঠৰ সময়ত গুৰু – ভকতৰ সেৱাত লাগিবলৈ উপদেশ দিছিল । সেইটো কাম কৰিলে হােৱা পুণ্যৰ বলতে কঁঠালৰ নৰিয়া ভাল হ’ব আৰু বছৰি বছৰি গছত কঁঠালাে লাগিব ৷ বেজৰ উপদেশমতে কঁঠালবোৰে গুৰু ভকতৰ সেৱাত লগাত সিহঁতৰ খজুৱতি নাইকিয়া হ’ল আৰু গছত কঁঠালবােৰ ডাল ভৰি পকি থকা হ’ল । মানুহবােৰে সেই পকা কঁঠাল খাই কঁঠালক আশীর্বাদ দিয়ে । সেই আশীর্বাদৰ ফলতে কঁঠালৰ বিসংগতি দূৰ হয় ।

১০। বাক্য সাজা –

লালকাল , নৰ – মনিচ , বিসংগতি , জৰা- ফুকা , নিহালি , ছায়া – মায়া , চাটি ফুটি , দৰৱ – পাতি ।

উত্তৰঃ লালকাল :-সি স্কুলৰ পৰা আহি এতিয়া লালকাল দি টোপনি গৈছে ।

নৰ-মনিচ :-কোঠা খন দেখিলে তাত কোনাে নৰ – মনিচে বাস কৰা যেন নালাগে ।

বিসংগতি :- সি কামটো সম্পৰ্ণ নকৰাত বৰ্তমান বিসংগতিযে দেখা দিছে ।

জৰা-ফুকা :- জৰা – ফুকাত কেতিয়াও বিশ্বাস কৰিব নলাগে ।

নিহালি :- তাৰ গা বেয়া , সেয়েহে এই গৰমতাে নিহালি লৈ শুইছে ।

ছায়া-মায়া :- কালি সন্ধিয়া সি কোঠাৰ একোণত ছায়া – মায়া কিবা এটা দেখা পাই ভয়তে চিঞৰি দিছিল ।

চাটি-ফুটি :- মূৰৰ বিষত সি গােটেই ৰাতিটো চাটি – ফুটি কৰি থকা বাবে মােৰ অলপাে টোপনি নহ’ল ৷

দৰৱ – পাতি :- ডাক্তৰৰ পৰামর্শ নােলােৱাকৈ দৰৱ – পাতি ব্যৱহাৰ কৰা উচিত নহয় ।

১২। ‘ বি ’ উপসর্গযুক্ত চাৰিটা শব্দ লিখা ।

উত্তৰঃ বিকাৰ , বিনাশ , বিপৰীত , বিকশিত ।

১৩। শব্দার্থ লিখা –

নৰিয়া , পাটী , সমাজিক , যতন , বৰপেটাল , নিহালি , চাটি-ফুটি , বেজ , খহু , বিহলঙনী , মিনতি , বিসংগতি ।

উত্তৰঃ নৰিয়া ― ৰোগ ।

     পাটী         ―     শয্যা , বিছনা । 



     সমাজিক    ―     সপােন , স্বপ্ন । 



      যতন        ―     যত্ন , চেষ্টা । 



      নিহালি      ―     লেপ ।



      বৰপেটাল   ―     ডাঙৰ পেটৰ । 



      চাটি-ফুটি   ―     ছটফটনি । 



      বেজ         ―     বৈদ্য , কবিৰাজ ,চিকিৎসক ।



      খহু           ―      ফেঁহা , ফোহােৰা । 



      বিহলঙনী   ―      এবিধ ঢেকীয়া জাতিৰ বন । 



      মিনতি      ―       প্রার্থনা , কাকূতি । 



      বিসংগতি   ―      অসুবিধা , বেমেজালি ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects