SVN Class 7 Assamese Chapter 13 Answer পৰােপকাৰ উত্তম শিক্ষা

 Chapter 13

পৰােপকাৰ উত্তম শিক্ষা

১। গান্ধীৰ মতে উত্তম শিক্ষা কি ?

উত্তৰঃ গান্ধীৰ মতে উত্তম শিক্ষা পৰােপকাৰ ।

২। ছাত্র – ছাত্রীৰ পৰা অহা সামান্য দান গ্রহণ কৰি গান্ধীয়ে বেছি আনন্দ পায় বুলি কৈছে কিয় ?

উত্তৰঃ গান্ধীয়ে বেছি আনন্দ পােৱাৰ কাৰণ দুটা । প্রথম কাৰণ হ’ল – সৰল ল’ৰা – ছােৱালীৰ পৰা আপােনা – আপুনি অহা দান বিষয়ী ব্যক্তিৰ দানতকৈ বেছি ফলৱতী । দ্বিতীয় কাৰণ হ’ল – ছাত্র – ছাত্রীৰ পৰা অহা দানে গান্ধীৰ দায়িত্বজ্ঞান বহু বেছি সূক্ষ্ম কৰি তােলে ।

৩। দানৰ পৰা সংগ্রহ হােৱা ধন গান্ধীয়ে কেনে কামত খৰচ কৰিব বুলি কৈছিল ?

উত্তৰঃ দানৰ পৰা সংগ্রহ হােৱা ধনেৰে গান্ধীয়ে ভাৰতৰ অর্ধাহাৰে , অনাহাৰে থকা বােল্লগৰাকী – মহিলাৰ কামৰ যােগাৰ দিয়াৰ লগতে তেওঁলােকে কৰা কামৰ কাৰণে দিনে এক অনাকৈ দিব বুলি কৈছিল ।

৪। বিষয়ী ব্যক্তি কোনবিলাক ?

উত্তৰঃ সংসাৰ সুখত আসক্ত , ধন – সম্পত্তি আসক্ত ব্যক্তিসকলেই হৈছে বিষয়ী ব্যক্তি ।

৫। কোনবিলাক মানুহে দিয়া দানে পৰােপকাৰৰ উত্তম শিক্ষা বুলি কৈছে ?

উত্তৰঃ ছাত্ৰ – ছাত্ৰীয়ে দিয়া দানে পৰােপকাৰৰ উত্তম শিক্ষা বুলি কৈছে ।

৬। পিঠত উল্লেখ থকা অনুসৰি গান্ধীৰ দুটা মহৎ কার্য লিখা ।

উত্তৰঃ গান্ধীৰ দুটা মহৎ কার্য হৈছে —

ক। দুখীয়া মহিলাসকল যাতে আর্থিকভাৱে আত্মনিৰ্ভৰশীল হ’ব পাৰে তাৰ বাবে তেওঁলােকক কামৰ যােগাৰ দিয়া আৰু কাম কৰাৰ বিনিময়ত পাৰিশ্রমিক দিয়া ।

খ । অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ ।

৭। “ দয়া আৰু বদান্যতাৰ প্রতিদান দিয়াৰ ক্ষমতা মােৰ নাই । ” কথাষাৰৰ তাৎপর্য বুজাই লিখা ।

উত্তৰঃ মহাত্মা গান্ধী যাফনাৰ চেণ্টজর্জ কলেজলৈ যাওঁতে তাত ছাত্র ছাত্রীসকলে ভাৰতৰ দৰিদ্ৰ লােকৰ সহায়ৰ উদ্দেশ্যে গান্ধীৰ হাতত ধনৰ টোপােলা এটি স্ব – ইচ্ছাৰে দান কৰিছিল । এই কামৰ দ্বাৰা ছাত্র – ছাত্রীসকলে তেওঁলােকৰ অন্তৰত মানুহৰ প্ৰতি থকা দয়া , উদাৰতা আৰু দানশীলতাৰে পৰিচয় দাঙি ধৰিছিল । ছাত্র – ছাত্ৰীসকলৰ এনেকুৱা কার্যত গান্ধী অত্যন্ত সুখী আৰু আনন্দিত হৈছিল । কোনাে পাৰ্থিৱ বস্তুৰে এনেকুৱা মহান কামৰ প্রতিদান দিব পৰা নাযায় । সেয়ে গান্ধীয়ে ছাত্র – ছাত্রীসকলৰ দয়া আৰু বদান্যতাৰ প্রতিদান দিয়াৰ ক্ষমতা তেওঁৰ নাই বুলি ছাত্র – ছাত্রীসকলৰ মহৎকামৰ কাৰণে ভগৱানৰ আশীর্বাদ বিচাৰিছিল ।

৮। মহাত্মা গান্ধীৰ আত্মজীৱনী খনৰ নাম কি ?

উত্তৰঃ “ My Experiments with Truth ” – এইখনৰ অসমীয়া অনুবাদখনৰ নাম হৈছে “ মােৰ সত্য অন্বেষণৰ কাহিনী । ”

৯। “ পৰােপকাৰ উত্তম শিক্ষা ” পাঠটিৰ উৎস কি ?

উত্তৰঃ “ গান্ধীজী ইন চিলন । ” নামৰ গ্ৰন্থখন ।

১০। সন্ধি ভাঙা ― পৰােপকাৰ , আশীর্বাদ , মনযােগ , মনস্তাপ , দুৰ্ব্যৱহাৰৱহাৰ ।

উত্তৰঃ পৰােপকাৰ ― পৰ + উপকাৰ ।

আশীর্বাদ — আশীঃ + বাদ

মনােযােগ ― মনঃ + যােগ ।

মনস্তাপ — মনঃ + তাপ ।

দুৰ্যৱহাৰ — দুঃ + ব্যৱহাৰ ।

১১। প্রত্যয় ভাঙা ―

      ৰাজনৈতিক , অধিকাৰী , উপকাৰী , দেশপ্রেমিক । 

উত্তৰঃ ৰাজনৈতিক ― ৰাজনীতি + ‍ষ্ণিক ( ইক ) ।

অধিকাৰী — অধিকাৰ + ঈ ।

উপকাৰী ― উপকাৰ + ঈ ।

দেশপ্রেমিক ― দেশপ্রেম + ষ্ণিক ( ইক ) ।