Chapter 13
পৰােপকাৰ উত্তম শিক্ষা
১। গান্ধীৰ মতে উত্তম শিক্ষা কি ?
উত্তৰঃ গান্ধীৰ মতে উত্তম শিক্ষা পৰােপকাৰ ।
২। ছাত্র – ছাত্রীৰ পৰা অহা সামান্য দান গ্রহণ কৰি গান্ধীয়ে বেছি আনন্দ পায় বুলি কৈছে কিয় ?
উত্তৰঃ গান্ধীয়ে বেছি আনন্দ পােৱাৰ কাৰণ দুটা । প্রথম কাৰণ হ’ল – সৰল ল’ৰা – ছােৱালীৰ পৰা আপােনা – আপুনি অহা দান বিষয়ী ব্যক্তিৰ দানতকৈ বেছি ফলৱতী । দ্বিতীয় কাৰণ হ’ল – ছাত্র – ছাত্রীৰ পৰা অহা দানে গান্ধীৰ দায়িত্বজ্ঞান বহু বেছি সূক্ষ্ম কৰি তােলে ।
৩। দানৰ পৰা সংগ্রহ হােৱা ধন গান্ধীয়ে কেনে কামত খৰচ কৰিব বুলি কৈছিল ?
উত্তৰঃ দানৰ পৰা সংগ্রহ হােৱা ধনেৰে গান্ধীয়ে ভাৰতৰ অর্ধাহাৰে , অনাহাৰে থকা বােল্লগৰাকী – মহিলাৰ কামৰ যােগাৰ দিয়াৰ লগতে তেওঁলােকে কৰা কামৰ কাৰণে দিনে এক অনাকৈ দিব বুলি কৈছিল ।
৪। বিষয়ী ব্যক্তি কোনবিলাক ?
উত্তৰঃ সংসাৰ সুখত আসক্ত , ধন – সম্পত্তি আসক্ত ব্যক্তিসকলেই হৈছে বিষয়ী ব্যক্তি ।
৫। কোনবিলাক মানুহে দিয়া দানে পৰােপকাৰৰ উত্তম শিক্ষা বুলি কৈছে ?
উত্তৰঃ ছাত্ৰ – ছাত্ৰীয়ে দিয়া দানে পৰােপকাৰৰ উত্তম শিক্ষা বুলি কৈছে ।
৬। পিঠত উল্লেখ থকা অনুসৰি গান্ধীৰ দুটা মহৎ কার্য লিখা ।
উত্তৰঃ গান্ধীৰ দুটা মহৎ কার্য হৈছে —
ক। দুখীয়া মহিলাসকল যাতে আর্থিকভাৱে আত্মনিৰ্ভৰশীল হ’ব পাৰে তাৰ বাবে তেওঁলােকক কামৰ যােগাৰ দিয়া আৰু কাম কৰাৰ বিনিময়ত পাৰিশ্রমিক দিয়া ।
খ । অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ ।
৭। “ দয়া আৰু বদান্যতাৰ প্রতিদান দিয়াৰ ক্ষমতা মােৰ নাই । ” কথাষাৰৰ তাৎপর্য বুজাই লিখা ।
উত্তৰঃ মহাত্মা গান্ধী যাফনাৰ চেণ্টজর্জ কলেজলৈ যাওঁতে তাত ছাত্র ছাত্রীসকলে ভাৰতৰ দৰিদ্ৰ লােকৰ সহায়ৰ উদ্দেশ্যে গান্ধীৰ হাতত ধনৰ টোপােলা এটি স্ব – ইচ্ছাৰে দান কৰিছিল । এই কামৰ দ্বাৰা ছাত্র – ছাত্রীসকলে তেওঁলােকৰ অন্তৰত মানুহৰ প্ৰতি থকা দয়া , উদাৰতা আৰু দানশীলতাৰে পৰিচয় দাঙি ধৰিছিল । ছাত্র – ছাত্ৰীসকলৰ এনেকুৱা কার্যত গান্ধী অত্যন্ত সুখী আৰু আনন্দিত হৈছিল । কোনাে পাৰ্থিৱ বস্তুৰে এনেকুৱা মহান কামৰ প্রতিদান দিব পৰা নাযায় । সেয়ে গান্ধীয়ে ছাত্র – ছাত্রীসকলৰ দয়া আৰু বদান্যতাৰ প্রতিদান দিয়াৰ ক্ষমতা তেওঁৰ নাই বুলি ছাত্র – ছাত্রীসকলৰ মহৎকামৰ কাৰণে ভগৱানৰ আশীর্বাদ বিচাৰিছিল ।
৮। মহাত্মা গান্ধীৰ আত্মজীৱনী খনৰ নাম কি ?
উত্তৰঃ “ My Experiments with Truth ” – এইখনৰ অসমীয়া অনুবাদখনৰ নাম হৈছে “ মােৰ সত্য অন্বেষণৰ কাহিনী । ”
৯। “ পৰােপকাৰ উত্তম শিক্ষা ” পাঠটিৰ উৎস কি ?
উত্তৰঃ “ গান্ধীজী ইন চিলন । ” নামৰ গ্ৰন্থখন ।
১০। সন্ধি ভাঙা ― পৰােপকাৰ , আশীর্বাদ , মনযােগ , মনস্তাপ , দুৰ্ব্যৱহাৰৱহাৰ ।
উত্তৰঃ পৰােপকাৰ ― পৰ + উপকাৰ ।
আশীর্বাদ — আশীঃ + বাদ
মনােযােগ ― মনঃ + যােগ ।
মনস্তাপ — মনঃ + তাপ ।
দুৰ্যৱহাৰ — দুঃ + ব্যৱহাৰ ।
১১। প্রত্যয় ভাঙা ―
ৰাজনৈতিক , অধিকাৰী , উপকাৰী , দেশপ্রেমিক ।
উত্তৰঃ ৰাজনৈতিক ― ৰাজনীতি + ষ্ণিক ( ইক ) ।
অধিকাৰী — অধিকাৰ + ঈ ।
উপকাৰী ― উপকাৰ + ঈ ।
দেশপ্রেমিক ― দেশপ্রেম + ষ্ণিক ( ইক ) ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post