Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 16 Answer অসমৰ লােকবাদ্য

Chapter 16

অসমৰ লােকবাদ্য

১। চমু উত্তৰ দিয়া –

( ক ) সাধাৰণ অৰ্থত ‘ সংগীত ’ শব্দটোৱে কি বুজায় ?

উত্তৰঃ গীত আৰু বাদ্যযন্ত্রৰ সমাহাৰক বুজায় ।

( খ ) অসমত কাৰ ৰাজত্বকালত বাদ্যযন্ত্রৰ পয়ােভৰ বৃদ্ধি পাইছিল ?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালত ।

( গ ) বাদ্যযন্ত্রক কেইটা শ্ৰেণীত ভাগ কৰা হয় আৰু কি কি ?

উত্তৰঃ বাদ্যযন্ত্রক চাৰিটা শ্ৰেণীত ভাগ কৰা হয় । সেই কেইটা হৈছে – তত , ঘন , সুষিৰ আৰু আনন্ধ।

( ঘ ) স্বৰমণ্ডলত কেইডাল তাঁৰ যুক্ত হৈ থাকে ?

উত্তৰঃ স্বৰমণ্ডলত কেইডাল তাঁৰ যুক্ত হৈ থাকে ২১ ডাল ।

( ঙ ) সচৰাচৰ টোকাৰী বাদ্য কেতিয়া বজোৱা হয় ?

উত্তৰঃ সচৰাচৰ বৈৰাগী নাম আৰু দেহ বিচাৰৰ নাম গাঁওতে টোকাৰী বাদ্য বজোৱা হয় ।

( চ ) একেবাৰে সৰু তালবিধৰ নাম কি ?

উত্তৰঃ একেবাৰে সৰু তালবিধৰ নাম খুঁটিল ।

( ছ ) তিৱাসকলে বাঁহীক কি বুলি কয় ?

উত্তৰঃ তিৱাসকলে বাঁহীক ‘ পাংচি ’ বুলি কয় ।

( জ ) মিচিংসকলে গগনাক কি নামেৰে অভিহিত কৰে ?

উত্তৰঃ মিচিংসকলে গগনাক ‘ গুংগাং ’ নামেৰে অভিহিত কৰে ।

( ঝ ) তিনিবিধ ঢােলৰ নাম লিখা ।

উত্তৰঃ তিনিবিধ ঢােলৰ নাম – জয়টেল , ঢেপাটোল আৰু বৰটোল ।

( ঞ ) চাহ জনগােষ্ঠীৰ পাঁচবিধ বাদ্যৰ নাম উল্লেখ কৰা ।

উত্তৰঃ চাহ জনগােষ্ঠীৰ পাঁচবিধ বাদ্য হৈছে ঢাক , ঢােল , মাদল ঢােলক আৰু ধুমৰ্চা ।

২। আদিম যুগত কেনেধৰণৰ বাদ্যৰ ব্যৱহাৰ আছিল ?

উত্তৰঃ আদিম যুগত চামৰাৰে তৈয়াৰী মাদল জাতীয় বাদ্য আৰু হাড় , বাঁহ বা কাঠেৰে তৈয়াৰী বাঁহী আদি বাদ্যযন্ত্রৰ ব্যৱহাৰৰ কথা জনা যায়।ইয়াৰ পিছৰ যুগত বীণা , একতাৰা বা দোতাৰা আদি উদ্ভৱ হৈছিল বুলি হৰপ্পা , মহেঞ্জোদাৰাে আদিৰ ভগ্নাৱশেষৰ পৰা প্ৰমাণ পােৱা গৈছে । ৰামায়ণ আৰু মহাভাৰততাে সেই যুগত বেণু , শংখ , ভেৰী , ঘণ্টা , মৃদংগ , দুন্দুভি আদি বাদ্যৰ ব্যৱহাৰৰ কথা উল্লেখ আছে ।

৩। অতীতত ব্যৱহৃত বাদ্যযন্ত্র প্রমাণ আমি কেনেদৰে পাব পাৰো ? উদাহৰণসহ উল্লেখ কৰা ।

উত্তৰঃ অতীতত ব্যৱহৃত বাদ্যযন্ত্রৰ প্রমাণ আমি প্রাচীন ধর্মীয় পুথি , ৰজা মহাৰজাৰ দিনৰ ফলি , ভগ্নাৱশেষ , মঠ – মন্দিৰ আদিৰ গাত খােদিত শিল্প , প্রাচীন বুৰঞ্জী আদিৰ পৰা পাব পাৰাে । উদাহৰণ হিচাপে প্রথমে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথাই ক’ব পৰা যায় । ইয়াৰ ভগ্নাৱশেষবােৰৰ পৰা সিন্ধু সভ্যতাৰ সময়ত বীণা , একতাৰা বা দোতাৰাৰ ব্যৱহাৰ হােৱা বুলি প্রমাণ পােৱা হৈছে । সেইদৰে প্রাচীন অসমত যে ঢােল – তালৰ ব্যৱহাৰ আছিল সেই কথাটো ভূতি বৰ্মাৰ ফলিত থকা ঢােল – তাল বজোৱা মানুহৰ মূৰ্তিৰ পৰা বুজা যায় । তেজপুৰ , শিৱসাগৰত থকা বিভিন্ন মন্দিৰ লগতে কামাখ্যা মন্দিৰ আদিৰ বিভিন্ন মূৰ্তিৰ ক্ষেত্ৰত তাল , বাঁহী , বীণা , কালি , ঢােল , ডম্বৰু আদি বজোৱা পুৰষ স্ত্রীৰ বিভিন্ন ভংগীৰ দৃশ্য দেখা যায় । ‘ৰামায়ণ’ আৰু ‘মহাভাৰত’ মহাকাব্য দুখনতাে বেণু , শংখ , ভেৰী , মৃদংগ , ঘণ্টা, দুন্দুভি আদিৰ উল্লেখ আছে । ‘ কালিকা পুৰাণ ’ , মাধৱ কন্দলীৰ ৰামায়ণ ’ , হৰিহৰ বিপ্ৰৰ বিব্ৰুবাহনৰ যুদ্ধ ’ , মাধৱদেৱে ৰচনা কৰা বৰগীত সমূহতাে শিক্ষা , শংখ , বেণু আদি বাদ্যযন্ত্র ব্যৱহাৰৰ উল্লেখ পােৱা যায় ।

৪। তত বাদ্য কাক বােলে ? তিনিবিধ তত বাদ্যৰ উদাহৰণ দিয়া ।

উত্তৰঃ তাঁৰৰ দ্বাৰা সুৰ সঞ্চাৰ কৰা বাদ্যক তত বাদ্য বােলে । তিনিবিধ তত বাদ্য হৈছে বীণ , টোকাৰী আৰু দোতাৰা ।

৫। ঘনবাদ্য বুলিলে কি বুজা উদাহৰণ সহ লিখা ।

উত্তৰঃ যিবিলাক বাদ্য বিবিধ ধাতু বাঁহ বা কাঠেৰে নির্মিত সেইবিলাক বাদ্য ঘন বাদ্য বুলি কোৱা হয় । ভােৰতাল , বৰকাঁহ , খুঁটিতাল , নূপুৰ, টকা , জুনুকা , টিলিঙা খঞ্জৰী আদিক ঘন বাদ্য বােলে ।

৬। কেনেধৰণৰ বাদ্যক সুষিৰ শ্ৰেণীৰ বাদ্যৰ অন্তর্ভুক্ত কৰা হয় ? উদাহৰণ দিয়া ।

উত্তৰঃ মুখেৰে ফু দি বজোৱা বাদ্যবােৰক সুষিৰ শ্ৰেণীৰ বাদ্যৰ অন্তর্ভুক্ত কৰা হয় । পেঁপা , শংখ , বাঁহী , কালি , গগনা , সুতুলি আদি সুষিৰ বাদ্যৰ উদাহৰণ ।

৭। আনদ্ধ বাদ্য কাক বােলে ? উদাহৰণসহ বর্ণনা কৰা ।

উত্তৰঃ মাটি , কাঠ , বাঁহ বা ধাতুৰ খােলা চামৰাৰে বন্ধ কৰি সজা ঢােলজাতীয় বাদ্যক আনদ্ধ বাদ্য বােলে । উদাহৰণ হিচাপে আমি নাগাৰাৰ কথাকে ক’ব পাৰাে । নাগাৰ এটা মাটিৰ খােলাৰে তৈয়াৰী বাদ্য । খােলাটোৰ মুখৰ পৰা তললৈ ডিম্বাকৃতিৰ আৰু শেষৰ ভাগ বন্ধ । মুখত জন্তুৰ চাল এখন বৰতিৰে তুলৰপৰা আঁটি বন্ধ থাকে । হাত আৰু মাৰিৰে কোবাই এই বাদ্য বজোৱা হয় । আন কিছুমান আনদ্ধ বাদ্য হৈছে — ডগৰ , ঢাক , মাদল , মৃদংগ , খােল , জয়ঢােল , ঢেপাঢােল , বৰঢােল ইত্যাদি ।

৮। শংকৰদেৱে কেনেদৰে খােল বাদ্য সজাইছিল ?

উত্তৰঃ শংকৰদেৱে নিজে জোখ দি কপিলীৰ জগন্নাথ কুমাৰৰ দ্বাৰা মাটিৰে ডিমা সাজি শালমৰাৰ মুচিয়াৰৰ হতুৱাই খােল ছােৱাইছিল ।

৯। তুমি দেখা বাদ্যযন্ত্রসমূহৰ এখন তালিকা প্রস্তুত কৰা ।

উত্তৰঃ মই দেখা বাদ্যযন্ত্রসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল—

তত বাদ্য ― টোকাৰী , একতাৰা , দোতাৰা , বীণ , গীতাৰ , মেণ্ডোলিন , তানপুৰা , চেতাৰ ।

ঘনবাদ্য – বৰকাঁহ , খুঁটিতাল , ঘণ্টা , নূপুৰ , জুনুকা , টকা , ভােৰতাল।

সুষিৰ বাদ্য ― বাঁহী , সুতুলি , গগনা , শংখ , পেঁপা আৰু কালি ।

আমদ্ধ বাদ্য — বৰঢােল , নাগাৰা , ডগৰ , খােল আৰু মাদল আৰু তবলা ।

১০। অসমৰ কলা কৃষ্টিত বিভিন্ন বাদ্যযন্ত্রসমূহ কেনেধৰণৰ ভূমিকা পালন কৰিছে বহলাই লিখা ।

উত্তৰঃ FOR STUDENTS

১১। অসমত বসবাস কৰা কেইটিমান জন জাতিৰ নাম উল্লেখ কৰি তেওঁলােকে ব্যৱহাৰ কৰা কিছুমান বাদ্যযন্ত্রৰ নাম লিখা ।

উত্তৰঃ অসমত বসবাস কৰা কেইটিমান জনজাতি হৈছে — মিচিং , বড়াে , কাৰ্বি আৰু ডিমাছা । তেওঁলােকে ব্যৱহাৰ কৰা কেইবিধ বাদ্যযন্ত্র হৈছে—

মিচিং – লেলং , লুপি , ৰামতাল , দেওঘণ্টা , দেন্দুন , কুলি , দুম্পাক , ঢােলুকী ।

বড়াে ― চেৰ্জা , চিফুং , খাম , ৰামতাল , জথা ।

কার্বি ― চেং , চেংবুৰুপ , মুৰিতংপ , পাংচে , চেংচ।

ডিমাছা ― মুৰি , খ্রাম , চুপিন , মুৰিটিছা , খ্রাম ডুবুং।

১২। খালী ঠাই পূৰ কৰা –

( ক ) স্বৰ্গদেউ _ আৰু দিনতেই অসমত বাদ্যযন্ত্রৰ পয়ােভৰ বৃদ্ধি হৈছিল ।

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতেই অসমত বাদ্যযন্ত্র পয়ােভৰ বৃদ্ধি হৈছিল ।

( খ ) একতাৰাক _ বুলিও কয় ।

উত্তৰঃ একতাৰাক লাউটোকাৰী বুলিও কয় ।

( গ ) খুঁটিতালক কাৰ্বিসকলে __বুলি কয় ।

উত্তৰঃ খুঁটিতালক কাৰ্বিসকলে চেংচ বুলি কয় ।

( ঘ ) জয়ঢােলক _বুলিও নামকৰণ কৰা হয় ।

উত্তৰঃ জয়ঢােলক দেৱঢােল বুলিও নামকৰণ কৰা হয় ।

( ঙ ) শিঙা _ আৰু __ৰ শিঙৰ দ্বাৰা বনােৱা হয় ।

উত্তৰঃ শিঙা ম’হ আৰু মেথােনৰ শিঙৰ দ্বাৰা বনােৱা হয় ।

( চ ) কুকিসকলৰ মাজত বৰকাঁহ আৰু সৰু কাঁহক্রমে আৰু নামেৰে __জনা যায় ।

উত্তৰঃ কুকিসকলৰ মাজত বৰকাঁহ আৰু সৰুকাঁহ ক্রমে দাপি আৰু দাকলে নামেৰে জনা যায় ।

১৩। চমু টোকা লিখা –

     তাল , কালিবাদ্য , মৃদংগ , ঢােল , টোকাৰী । 

উত্তৰঃ তাল :- তাল এবিধ ঘন বাদ্য । অসমত সৰুৰ পৰা ডাঙৰ আকাৰলৈকে বহুবিধ তাল পােৱা যায় । কাঁহ ধাতুৰে তাল সজা হয় । সচৰাচৰ বৰগীত গাওঁতে আৰু বিহুৰ বাদ্যৰূপে ইয়াৰ ব্যৱহাৰ কৰে । একেবাৰে সৰুতাল বিধক খুঁটিতাল বােলে । এইবিধ তাল ওজাপালি গীতৰ অনুষ্ঠানত বজোৱা হয় । ইয়াক কাৰ্বিসকলে ‘ চেংচ ’ বুলি কয়।

কালিবাদ্য :- কালিবাদ্যক সুষিৰ বাদ্যৰ ভিতৰত ধৰা হয় । ইয়াক পিতলেৰে তৈয়াৰ কৰা হয় । মুখখন পেঁপাৰ দৰে অপেক্ষাকৃত বহল । ক্রমে সৰুৰ পৰা ডাঙৰ শৰীৰটোত সাত আঠটা ফুটা কৰা হয় । অসমত ব্যৱহৃত কালিৰ ভিতৰত জয়কালি , বীৰকালি , যােৰ কালি আদিৰ নাম পােৱা যায় । অসমৰ বিশেষকৈ মঙলদৈ , গােৱালপাৰা আদি অঞ্চলত পৰম্পৰাগতভাৱে বিয়া – সবাহত কালিয়াৰ আনুষ্ঠানিক পৰিৱেশন অপৰিহার্য ।

মৃদংগ :- মৃদংগ আনদ্ধ বাদ্যৰ শাৰীত পৰে । মৃদংগ মাটিৰে তৈয়াৰ কৰা হয় যদিও পৰৱৰ্তী কালত ইয়াক কাঠেৰেও তৈয়াৰ কৰিবলৈ লােৱা হৈছে।মৃদংগ সাধাৰণতে প্রায় ডেৰ হাত দীঘলকৈ সাজে । বাওঁফালৰ মুখখন বাৰ বা তেৰ আঙুলি ব্যাসৰ আৰু সোঁফালে বাওঁফালতকৈ আধা আঙুলি কম হয় । দুয়ােটা মুখ চামৰাৰে চোৱাই মধ্যভাগত ঘূর্ণ দি বজোৱা হয় । গায়ন – বায়ন আৰু অংকীয়া নাট আদিত মৃদংগ বাদ্য সংগত কৰা হয় ।

ঢােল :- ঢােল আনদ্ধ বাদ্যৰ শ্রেণীভুক্ত । অসমৰ জনজীৱনত ঢােলৰ ভূমিকা অতিকৈ গুৰুত্বপূর্ণ । ঢােল বহু প্রকাৰৰ দেখা যায় । যেনে — জয়ঢােল ,চেপাঢােল , বৰঢোল , ওজাৰ ঢােল ইত্যাদি ।

জয়ঢোল সাধাৰণতে ওজাপালি আৰু দেওধনি নাচৰ বাবে অতি আৱশ্যকীয় বাদ্য । জয়ঢােলক ‘ দেৱ ঢােল ’ বুলিও নামকৰণ কৰা হয় । ঢেপাঢােল আৰু বৰঢােল বজোৱা অনুষ্ঠানে দৰঙীয়া কৃষ্টিত এক বিশেষ অৰিহণা যােগাই আহিছে । এই প্রতিবিধ ঢােলৰ আকাৰ আৰু আকৃতি ভিন্ন যদিও কাঠ , ছাগলীৰ ছাল আদিৰ সহায়ত নির্মাণ প্রণালী একে ।

টোকাৰী :- টোকাৰী বাদ্যৰ শ্ৰেণীত পৰে । ই অসমৰ এবিধ প্রাচীন লােকবাদ্য । আম বা চাম কাঠৰ খােলা এটাত সাধাৰণতে গুইৰ ছালেৰে ছােৱাই তাঁৰ সংযােগ কৰি এই বাদ্য তৈয়াৰ কৰা হয় । সচৰাচৰ বৈৰাগী নাম আৰু দেহ বিচাৰৰ নাম গাওঁতে টোকাৰী বাদ্যটি সংগত কৰা হয় ।

১৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –

‘ ক ’ অংশ————— ‘ খ ‘ অংশ

ভূতি বর্মা————–জিকিৰ-জাৰী

দোতাৰা—————-আলি – আই-লৃগাং

গােৱালপাৰা————- বুডু

মিচিং————————বৰগংগা অঞ্চল

ডিমাছা———————কালিয় বাদন

উত্তৰঃ

‘ ক ’ অংশ—————–‘ খ ‘ অংশ

ভূতি বর্মা——————বৰ গংগা অঞ্চল

দোতাৰা——————-জিকিৰ – জাৰী

গােৱালপাৰা————– কালিয় বাদন

মিচিং————————আলি – আই – লৃগাং ডিমাছা

ডিমাছা ——————-বুডু

১৫। তলত উল্লেখ কৰা ব্যক্তিসকলে ৰচনা কৰা একোখনকৈ গ্রন্থৰ নাম লিখা ।

   বাল্মিকী , বেদব্যাস , হৰিহৰ বিপ্ৰ , শ্ৰীমন্ত শংকৰদেৱ , শ্রীমাধৱদেৱ । 

উত্তৰঃ বাল্মিকী ― ৰামায়ণ ।

     বেদব্যাস               ―           মহাভাৰত । 



     হৰিহৰ বিপ্ৰ           ―           বব্ৰুবাহনৰ যুদ্ধ । 



     শ্ৰীমন্ত শংকৰদেৱ     ―          গুণমালা । 



     শ্ৰীমাধৱদেৱ           ―          নামঘােষা । 

১৬। সমার্থক শব্দ লিখা –

        উন্নত , নমুনা , উদ্ভৱ , সঞ্চাৰ , বাদ্য । 

উত্তৰঃ উন্নত :- ওখ , মহৎ , ডাঙৰ , শ্রীবৃদ্ধিযুক্ত ।

     নমুনা :- আৰ্হি , চানেকি । 



     উদ্ভৱ :- উৎপত্তি , জন্ম । 



     সঞ্চাৰ :- বিস্তাৰ , গমন , চলন । 



     বাদ্য :- বাজনা । 

১৭। সন্ধি ভাঙা –

       সংগীত , সংস্কৃতি , যথােচিত , উদ্ধাৰ , ৰামায়ণ , জগন্নাথ 

উত্তৰঃ সংগীত :- সম্ + গীত ।

সংস্কৃতি :- সম্ + + কৃতি ।

যথােচিত :- যথা + উচিত ।

উদ্ধাৰ :- উৎ + হাৰ ।

ৰামায়ণ :- ৰাম + অয়ন ।

জগন্নাথ :- জগৎ + নাথ ।

১৮। কি প্রত্যয় যোগ হৈছে দেখুওৱা —

      ঢুলীয়া , কালীয়া , মুখিয়াল , অসমীয়া 

উত্তৰঃ ঢুলীয়া ― ঢােল + ঈয়া ( পাৰ্গত অর্থত )

     কালীয়া       ―       কালি + ঈয়া ( পাৰ্গত অর্থত ) 



     মুখীয়াল      —       মুখ + ইয়াল ( আছে অর্থত ) 



     অসমীয়া     ―       অসম + ঈয়া ( সম্বদ্ধ অর্থত ) 

১৯। শব্দার্থ লিখা –

  স্বকীয় , উদ্ভৱ , শৈলী , নমুনা , সৌধ , বাণ বাটি , সমন্বয় ব্যাস । 

উত্তৰঃ স্বকীয় ― নিজা , আপােনাৰ ।

উদ্ভৱ ― উৎপত্তি , জন্ম ।

শৈলী ― প্রণালী ।

নমুনা ― চানেকি , আই ।

সৌধ ― প্রাসাদ , অট্টালিকা ।

বাণবাটি ― এবিধ কাঁহৰ ধাতুৰে তৈয়াৰ বাটি ।

সমন্বয় ― মিলন , সম্বন্ধ ।

ব্যাস ― গােটা বস্তুৰ পথালি জোখ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects