Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 2 Answer ঈশ্বৰ – বিশ্বাসী হ’বা

ঈশ্বৰ – বিশ্বাসী হ’বা

Chapter – 2

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) কেনে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ?

উত্তৰঃ ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ – দুখ , সম্পদ বিপদ সকলাে তেওঁৰ চৰণত সমর্পণ কৰি কর্তব্য কাম কৰি চলা মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ।

( খ ) ঈশ্বৰত বিশ্বাস কৰােতাজনৰ বুকু ভয়তে নকঁপে কিয় ?

উত্তৰঃ ঈশ্বৰত বিশ্বাস কৰোঁতাজনৰ বুকু ভয়তে নকঁপাৰ কাৰণ হৈছে – তেওঁ জানে যে তেওঁৰ প্ৰধান সহায় পৰমেশ্বৰে তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবই ৷

( গ ) নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত কেনেধৰণৰ হয় ?

উত্তৰঃ নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত এন্ধাৰ , ভয় আৰু অশান্তিৰে ভৰা ।

( ঘ ) লেখকে কীটাণু-কীট বুলি কাৰ কথা বুজাব খুজিছে ?

উত্তৰঃ পাঠক অর্থাৎ মানুহৰ কথা বুজাব খুজিছে ।

( ঙ ) ঈশ্বৰ প্ৰাপ্তিৰ সহজ উপায় কি ?

উত্তৰঃ সহজ জ্ঞান আৰু বিশ্বাস ।

( চ ) ‘ প্রশান্ত পুৰুষ আনন্দ ময় ’ কোন ?

উত্তৰঃ ‘ প্রশান্ত পুৰুষ আনন্দ ময় ’ ঈশ্বৰ ।

প্রশ্ন ২। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথি আৰু উপন্যাসখনৰ নাম কি ?

উত্তৰঃ

কবিতা পুথি –– ‘ কদমকলি ’

উপন্যাস — পদুম কুঁৱৰী ‘ ।

প্রশ্ন ৩। লেখকে ঈশ্বৰত বিশ্বাস ৰাখিব লাগে বুলি কিয় কৈছে ?

উত্তৰঃ ঈশ্বৰত বিশ্বাস ৰাখিলে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় । ঈশ্বৰত বিশ্বাস কৰোঁতাজনৰ বুকু ভয়ত নকঁপে , বিপদত ডাঠ হয়।সেইবাবেই লেখকে ঈশ্বৰক বিশ্বাস ৰাখিব লাগে বুলি কৈছে ।

প্রশ্ন ৪। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—

( ক ) বেদ , পুৰাণ , কোৰাণ , বাইবেল , ন্যায় দর্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নাভাবিবা ।

উত্তৰঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ ঈশ্বৰ বিশ্বাসী হ’বা ’ শীর্ষক পাঠটিৰ পৰা তুলি অনা হৈছে।

মানুহে ঈশ্বৰক কেনেদৰে পাব পাৰে , সেই সম্পর্কত লেখকে কথাখিনি কৈছে । বেদ , পুৰাণ , কোৰাণ , বাইবেল , ন্যায় দর্শন পঢ়িলেহে যে ঈশ্বৰক পাব পাৰি তেনে নহয় । সহজ জ্ঞান বিশ্বাসৰ দ্বাৰা মানুহে ঈশ্বৰক সহজে পাব পাৰে । সন্তান এটিক নিজৰ মাকৰ অস্তিত্ব বুজাবৰ বাবে যিদৰে কোনাে যুক্তি তর্ক , বক্তৃতাৰ প্ৰয়ােজন নহয় , সেইদৰে ঈশ্বৰৰ অস্তিত্ব বুজাবৰ বাবেও এইবােৰৰ কোনাে প্রয়ােজন নাই । সৰল বিশ্বাস – জ্ঞানৰ দ্বাৰা মানুহে ঈশ্বৰৰ কাষ চাপিব পাৰে । বেদ , পুৰাণ , কোৰাণ , বাইবেল , তর্কশাস্ত্ৰ আদিৰ অধ্যয়নে বহু সময়ত মানুহৰ মনত চাকনৈয়াৰ সৃষ্টি কৰি ঈশ্বৰ প্ৰাপ্তিৰ পথ জটিল আৰু দীঘল কৰাহে দেখা যায় ।

( খ ) মানুহ এই পৃথিৱীত বাপেক – মাক নাইকিয়া মাউৰা ল’ৰা নহয় ।

উত্তৰঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথিত অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ ঈশ্বৰ বিশ্বাসী হ’বা ’ শীর্ষক পাঠটিৰ পৰা তুলি অনা হৈছে। এই পৃথিৱীত কোনাে মানুহেই যে নিৰাপত্তাহীন অথবা অসহায় নহয় , তাকে বুজাবলৈ গৈ লেখকে ওপৰােক্ত কথাখিনি কৈছে । বাপেক – মাক নাইকীয়া মাউৰা ল’ৰাক সাধাৰণতে দুৰ্ভগীয়া , অসহায় বুলি ভবা হয় । কিন্তু এই পৃথিৱীত প্রকৃততে কোনাে মানুহ নিঠৰুৱা , অসহায় নহয় । ঈশ্বৰে আমাক সৃষ্টি কৰিছে আৰু তেওঁৰ কৰুণা দৃষ্টি আমাৰ ওপৰত অনবৰত পৰিয়ে আছে । বাপেক – মাকে নিজ সন্তানক সততে চোৱা – চিতা । কৰাৰ দৰে , ঈশ্বৰেও মানুহৰ ওপৰত সদায় চকু ৰাখি আছে । গতিকে কোনো মানুহে নিজকে মাউৰা ল’ৰাৰ দৰে বুলি ভাবিব নালাগে । ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ – দুখ , সম্পদ – বিপদ সকলাে তেওঁৰ চৰণত সমর্পণ কৰি নিজৰ কর্তব্য কাম কৰি যােৱা মানুহৰ মনত সুখ – শান্তিয়ে বাহ লয় আৰু তেনে মানুহে কেতিয়াও নিজকে আশ্রয়হীন , নিঠৰুৱা বুলি নাভাবে ।

প্রশ্ন ৫। শুদ্ধ – অশুদ্ধ বাছি উলিওবা –

( ক ) ঈশ্বৰত বিশ্বাস কৰােতাজনৰ বুকু ভয়ত কঁপে ।

উত্তৰঃ অশুদ্ধ ।

( খ ) অবিশ্বাসীজনৰ সংকটকালত নির্ভৰ কৰিবলৈ কোনাে নাই ।

উত্তৰঃ শুদ্ধ ।

( গ ) ঈশ্বৰ আছে আৰু তেওঁ পিতৃ – মাতৃৰ দৰে সদায় আমাক আৱৰি আছে ।

উত্তৰঃ শুদ্ধ ।

( ঘ ) সহজ জ্ঞান – বিশ্বাসে তােমাক ঈশ্বৰক নিদিব।

উত্তৰঃ অশুদ্ধ ।

( ঙ ) ঈশ্বৰৰ ৰাজ্যত কেতিয়াও অন্যায়ৰ শাস্তি নােহােৱাকৈ নাযায় ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৬। ভাব বহলাই লিখা –

( ক ) তর্কশাস্ত্র মহা ব্যা ব্যাঘ্রী ।

উত্তৰঃ তর্ক শাস্ত্র বৰ জটিল । তৰ্ক এক শেষ নােহােৱা বস্তু । কিবা বিষয় লৈ তৰ্কত প্রবৃত্ত হলে কোনাে সিদ্ধান্তত উপনীত নােহােৱাকৈ তর্ক বঢ়াই নি থাকিব পাৰি । এনেকুৱাও হয় যে তৰ্কত প্রবৃত্ত হৈ মানুহে হাবুডাবু খায় অথচ সিদ্ধান্ত একো নােলায় । সেয়ে সহজ বিশ্বাস আৰু জ্ঞানৰ দ্বাৰা যিটো বস্তু পাব পৰা যায় , তেনে ক্ষেত্ৰত তর্কক আশ্রয় কৰাটো উচিত নহয় । মানুহে সহজ বিশ্বাস , জ্ঞান আৰু উপলব্ধিৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰে । কিন্তু তাকে নকৰি তৰ্কৰ আশ্ৰয় লৈ ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰিব গলে অনেক সময়ত ই মানুহক ঈশ্বৰৰ পৰা আঁতৰাই নি চাকনৈয়াতহে পেলায় । অকল ঈশ্বৰৰ ক্ষেত্ৰতে নহয় , অন্য বহু ক্ষেত্ৰত এনেকুৱা বহু উদাহৰণ দিব পৰা যায় । তর্ক শাস্ত্ৰৰ এই যে জটিলতা , শেষ নােহােৱা গুণ , এইবােৰ কাৰণতে হয়তাে ‘ তর্ক শাস্ত্র মহা ব্যাঘ্রী ’ বুলি কোৱা হয় ।

( খ ) মানুহে আর্জোনৰ ফল ভুঞ্জে ।

উত্তৰঃ ঈশ্বৰৰ এই সুন্দৰ জগতখন নির্দিষ্ট নীতি- নিয়মৰ মাজেৰে পৰিচালিত হৈ আছে । ইয়াত কর্ম অনুযায়ী মানুহে ফল ভােগ কৰে । সজ কাম কৰােতাজনে সজ ফল লাভ কৰে আৰু বেয়া কাম কৰােতাজনে বেয়া ফল ভােগ কৰিব লগা হয় । ঈশ্বৰত বিশ্বাস ৰাখি সুখ – দুখ , সম্পদ – বিপদ সকলাে তেওঁৰ ওচৰত সমৰ্পণ কৰি কর্তব্য কাম কৰি চলা মানুহে সদায় ভাল ফল লাভ কৰে , তেওঁৰ মনত সুখ – শান্তিয়ে বাহ লয় । কিন্তু যিয়ে নিজ কর্তব্যক অৱহেলা কৰে , অসৎ কার্যত লিপ্ত হয় , ভগৱানৰ ওপৰত , যিয়ে বিশ্বাস নাৰাখে , তেনে লােকে সদায় বেয়া ফল ভােগ কৰিব লগা হয় । মানুহে যেতিয়া নিজ কর্মৰ দ্বাৰা আর্জিত ফল ভােগ কৰিবই লাগিব , গতিকে আমি সকলােসজ কর্ম কৰা উচিত ।

প্রশ্ন৭। বাক্য ৰচনা কৰা –

কর্তব্য , নাস্তিক , চাকনৈয়া , কৰুণা , গণ্ডপমাৰ , খােলাকটি তাল , মেটমৰা , কৰুণা – ডৌকা , নগুৰ-নাগতি ।

উত্তৰঃ

কর্তব্য :- নিজৰ কাম ভাল দৰে কৰাটো নিজৰ কর্তব্য

নাস্তিক :- নাস্তিক মানুহে কেতিয়াও ভগৱানৰ অস্তিত্বৰ কথা মানি নলয় ।

চাকনৈয়া :- নিচাযুক্ত বস্তুৰ চাকনৈয়াত পৰি মানুহজনৰ আজি এই অৱস্থা হৈছে ।

কৰুণা :- সজ কাম কৰা মানুহে ঈশ্বৰৰ কৰুণা লাভ কৰে ।

গণ্ডপমাৰ :- গণ্ডপমাৰ কথা কোৱা স্বভাৱৰ মানুহক সকলোৱে বেয়া পায় ।

খােলাকটিৰ তাল :- ৰমেনক ইমান শিকালাে বুজালাে , শেহত গৈ সকলাে খােলাকটিৰ তাল হ’ল ।

মেটমৰা :- শাস্ত্র বিদ্যাৰ মেটমৰা ভাৰ বৈ কোনেও ঈশ্বৰক পাব নােৱাৰে ।

কৰুণা – ডৌকা :-শিক্ষকৰ কৰুণা – ডৌকাৰ তলৰ পৰা আঁতৰি অহা ছাএ ছাএীয়ে সময়ত গৈ বিপদত পৰে ।

নগুৰ-নাগতি :- আগ – পিছ নাভাবি কামটো কৰিবলৈ গৈ মানুহজনে অযথা নগুৰ – নাগতি হ’ল।

প্রশ্ন৮। বিপৰীতার্থক শব্দ লিখা –

      সুখ , পিতৃ , শাৰীৰিক , আই , ইহলােক , নাস্তিক , বিশ্বাস , ন্যায় , সৃষ্টি । 

উত্তৰঃ

সুখ – দুখ ।

পিতৃ – মাতৃ ।

শাৰিৰীক – মানসিক ।

আই – বােপাই ।

ইহলােক – পৰলােক ।

নাস্তিক – আস্তিক ।

বিশ্বাস – অবিশ্বাস ।

ন্যায় – অন্যায় ।

সৃষ্টি – ধ্বংস ।

প্রশ্ন ১০। শব্দার্থ লিখা –

        নিগাজি , প্রশান্ত , কৰুণা , নিঠৰুৱা , নিৰুদ্বেগ , গণ্ডপমাৰি , মেটমৰা , কাচিৎ , সংকট । 

উত্তৰঃ

নিগাজি – চিৰস্থায়ী ।

প্রশান্ত – ধীৰ , সুস্থিৰ ।

কৰুণা – দয়া , কৃপা ।

নিঠৰুৱা – আশ্রয়হীন ।

নিৰুদ্বেগ – চিন্তা নথকা , উৎকণ্ঠিত নােহােৱা

গণ্ডপমাৰি – অহংকাৰ কৰি

মেটমৰা – বৰ গধুৰ , মেটমটীয়া ভাৰ ।

কাচিৎ – কেতিয়াবা , দৈবাৎ

সংকট – আপদ , বিপদ ।

প্রশ্ন ১১। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কীর্তিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ যুগনায়ক , যুগস্রষ্টাকাৰী , সাহিত্যিক তথা চুটি গল্পৰ জনক আখ্যা দিয়া হয় । তেওঁৰ বেছিভাগ ৰচনা হাস্যৰসাত্মক বাবে তেওঁক ৰসৰাজ ’ উপাধি প্রদান কৰা হয় । আনহাতে অসাধাৰণ সাহিত্যকৃতিৰ বাবে তেওঁ “ সাহিত্যৰথী ’ ৰূপেও জনাজাত । তেওঁ কবিতা , উপন্যাস , চুটিগল্প , নাটক , ৰস ৰচনা , জীৱনী , শিশু – সাহিত্য , সাধুকথা , তত্ত্বকথা আদি বহুতাে পুথি লিখি থৈ যায় ।

তেওঁৰ ৰচনা সমূহ হৈছে —

একমাত্র কবিতা পুথি –‘ কদমকলি

একমাত্র উপন্যাস– ‘ পদুম কুঁৱৰী ‘ ; চুটিগল্প -সুৰভি , সাধুকথাৰ কুকি , জোনবিৰি , কেহােকলি ;

সাধুকথাৰ সংকলন- জুনুকা , বুঢ়ী আইৰ সাধু , ককাদেউতা আৰু নাতি ল’ৰা , বাখৰ ;

বুৰঞ্জীমূলক নাট— জয়মতী কুঁৱৰী , চক্ৰধ্বজ সিংহ , বেলিমাৰ ;

ধেমেলীয়া নাট — লিতিকাই , নােমল পানি , চিকৰপতি – নিকৰপতি ; তত্ত্বমূলক তথা

জীৱনমূলক গ্রন্থ — তত্ত্বকথা , শ্রীকৃষ্ণকথা , শ্ৰীশ্ৰীশংকৰদেৱ , মহাপুৰুষ শংকৰদেৱ , শ্রীমাধৱদেৱ ৷

আত্মজীৱনী –‘ মােৰ জীৱন সোঁৱৰণ আৰু কৃপাবৰ বৰুৱা ছদ্মনামত অসমীয়া সমাজক কটাক্ষ কৰি পুথি লিখি থৈ যায় ।

প্রশ্ন ১২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম“ মােৰ জীৱন – সোঁৱৰণ ।’

প্রশ্ন ১৩। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ ৰসৰাজ ’ উপাধি প্রদান কৰা হৈছিল ?

উত্তৰঃ তেওঁৰ বেছিভাগ ৰচনা হাস্য-ৰসাত্মক বাবে বেজবৰুৱাক ‘ ৰসৰাজ ’ উপাধি প্রদান কৰা হৈছিল ।

প্রশ্ন ১৪। লক্ষ্মীনাথ বেজবৰুৱাই প্রতিষ্ঠা কৰা এখন আলােচনীৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই প্রতিষ্ঠা কৰা এখন আলােচনীৰ নামবাঁহী ।

প্ৰশ্ন ১৫। ‘ কৃপাবৰ বৰুৱা ’ – কোন ?

উত্তৰঃ ‘ কৃপাবৰ বৰুৱা ’ এটি ছদ্মনামহে । লক্ষ্মীনাথ বেজবৰুৱাই এইটো ছদ্মনামেৰে অসমীয়া সমাজক কটাক্ষ কৰি পুথি লিখিছিল ।

প্রশ্ন ১৬। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটৰ নাম লিতিকাই আৰু নােমল পাচনি ।

প্রশ্ন ১৭। সম্পূর্ণ অর্থ লিখা – অঃ আঃ উঃ সাঃ সঃ

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects