SVN Class 7 Assamese Chapter 2 Answer ঈশ্বৰ – বিশ্বাসী হ’বা

ঈশ্বৰ – বিশ্বাসী হ’বা

Chapter – 2

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) কেনে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ?

উত্তৰঃ ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ – দুখ , সম্পদ বিপদ সকলাে তেওঁৰ চৰণত সমর্পণ কৰি কর্তব্য কাম কৰি চলা মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ।

( খ ) ঈশ্বৰত বিশ্বাস কৰােতাজনৰ বুকু ভয়তে নকঁপে কিয় ?

উত্তৰঃ ঈশ্বৰত বিশ্বাস কৰোঁতাজনৰ বুকু ভয়তে নকঁপাৰ কাৰণ হৈছে – তেওঁ জানে যে তেওঁৰ প্ৰধান সহায় পৰমেশ্বৰে তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবই ৷

( গ ) নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত কেনেধৰণৰ হয় ?

উত্তৰঃ নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত এন্ধাৰ , ভয় আৰু অশান্তিৰে ভৰা ।

( ঘ ) লেখকে কীটাণু-কীট বুলি কাৰ কথা বুজাব খুজিছে ?

উত্তৰঃ পাঠক অর্থাৎ মানুহৰ কথা বুজাব খুজিছে ।

( ঙ ) ঈশ্বৰ প্ৰাপ্তিৰ সহজ উপায় কি ?

উত্তৰঃ সহজ জ্ঞান আৰু বিশ্বাস ।

( চ ) ‘ প্রশান্ত পুৰুষ আনন্দ ময় ’ কোন ?

উত্তৰঃ ‘ প্রশান্ত পুৰুষ আনন্দ ময় ’ ঈশ্বৰ ।

প্রশ্ন ২। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথি আৰু উপন্যাসখনৰ নাম কি ?

উত্তৰঃ

কবিতা পুথি –– ‘ কদমকলি ’

উপন্যাস — পদুম কুঁৱৰী ‘ ।

প্রশ্ন ৩। লেখকে ঈশ্বৰত বিশ্বাস ৰাখিব লাগে বুলি কিয় কৈছে ?

উত্তৰঃ ঈশ্বৰত বিশ্বাস ৰাখিলে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় । ঈশ্বৰত বিশ্বাস কৰোঁতাজনৰ বুকু ভয়ত নকঁপে , বিপদত ডাঠ হয়।সেইবাবেই লেখকে ঈশ্বৰক বিশ্বাস ৰাখিব লাগে বুলি কৈছে ।

প্রশ্ন ৪। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—

( ক ) বেদ , পুৰাণ , কোৰাণ , বাইবেল , ন্যায় দর্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নাভাবিবা ।

উত্তৰঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ ঈশ্বৰ বিশ্বাসী হ’বা ’ শীর্ষক পাঠটিৰ পৰা তুলি অনা হৈছে।

মানুহে ঈশ্বৰক কেনেদৰে পাব পাৰে , সেই সম্পর্কত লেখকে কথাখিনি কৈছে । বেদ , পুৰাণ , কোৰাণ , বাইবেল , ন্যায় দর্শন পঢ়িলেহে যে ঈশ্বৰক পাব পাৰি তেনে নহয় । সহজ জ্ঞান বিশ্বাসৰ দ্বাৰা মানুহে ঈশ্বৰক সহজে পাব পাৰে । সন্তান এটিক নিজৰ মাকৰ অস্তিত্ব বুজাবৰ বাবে যিদৰে কোনাে যুক্তি তর্ক , বক্তৃতাৰ প্ৰয়ােজন নহয় , সেইদৰে ঈশ্বৰৰ অস্তিত্ব বুজাবৰ বাবেও এইবােৰৰ কোনাে প্রয়ােজন নাই । সৰল বিশ্বাস – জ্ঞানৰ দ্বাৰা মানুহে ঈশ্বৰৰ কাষ চাপিব পাৰে । বেদ , পুৰাণ , কোৰাণ , বাইবেল , তর্কশাস্ত্ৰ আদিৰ অধ্যয়নে বহু সময়ত মানুহৰ মনত চাকনৈয়াৰ সৃষ্টি কৰি ঈশ্বৰ প্ৰাপ্তিৰ পথ জটিল আৰু দীঘল কৰাহে দেখা যায় ।

( খ ) মানুহ এই পৃথিৱীত বাপেক – মাক নাইকিয়া মাউৰা ল’ৰা নহয় ।

উত্তৰঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথিত অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ ঈশ্বৰ বিশ্বাসী হ’বা ’ শীর্ষক পাঠটিৰ পৰা তুলি অনা হৈছে। এই পৃথিৱীত কোনাে মানুহেই যে নিৰাপত্তাহীন অথবা অসহায় নহয় , তাকে বুজাবলৈ গৈ লেখকে ওপৰােক্ত কথাখিনি কৈছে । বাপেক – মাক নাইকীয়া মাউৰা ল’ৰাক সাধাৰণতে দুৰ্ভগীয়া , অসহায় বুলি ভবা হয় । কিন্তু এই পৃথিৱীত প্রকৃততে কোনাে মানুহ নিঠৰুৱা , অসহায় নহয় । ঈশ্বৰে আমাক সৃষ্টি কৰিছে আৰু তেওঁৰ কৰুণা দৃষ্টি আমাৰ ওপৰত অনবৰত পৰিয়ে আছে । বাপেক – মাকে নিজ সন্তানক সততে চোৱা – চিতা । কৰাৰ দৰে , ঈশ্বৰেও মানুহৰ ওপৰত সদায় চকু ৰাখি আছে । গতিকে কোনো মানুহে নিজকে মাউৰা ল’ৰাৰ দৰে বুলি ভাবিব নালাগে । ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ – দুখ , সম্পদ – বিপদ সকলাে তেওঁৰ চৰণত সমর্পণ কৰি নিজৰ কর্তব্য কাম কৰি যােৱা মানুহৰ মনত সুখ – শান্তিয়ে বাহ লয় আৰু তেনে মানুহে কেতিয়াও নিজকে আশ্রয়হীন , নিঠৰুৱা বুলি নাভাবে ।

প্রশ্ন ৫। শুদ্ধ – অশুদ্ধ বাছি উলিওবা –

( ক ) ঈশ্বৰত বিশ্বাস কৰােতাজনৰ বুকু ভয়ত কঁপে ।

উত্তৰঃ অশুদ্ধ ।

( খ ) অবিশ্বাসীজনৰ সংকটকালত নির্ভৰ কৰিবলৈ কোনাে নাই ।

উত্তৰঃ শুদ্ধ ।

( গ ) ঈশ্বৰ আছে আৰু তেওঁ পিতৃ – মাতৃৰ দৰে সদায় আমাক আৱৰি আছে ।

উত্তৰঃ শুদ্ধ ।

( ঘ ) সহজ জ্ঞান – বিশ্বাসে তােমাক ঈশ্বৰক নিদিব।

উত্তৰঃ অশুদ্ধ ।

( ঙ ) ঈশ্বৰৰ ৰাজ্যত কেতিয়াও অন্যায়ৰ শাস্তি নােহােৱাকৈ নাযায় ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৬। ভাব বহলাই লিখা –

( ক ) তর্কশাস্ত্র মহা ব্যা ব্যাঘ্রী ।

উত্তৰঃ তর্ক শাস্ত্র বৰ জটিল । তৰ্ক এক শেষ নােহােৱা বস্তু । কিবা বিষয় লৈ তৰ্কত প্রবৃত্ত হলে কোনাে সিদ্ধান্তত উপনীত নােহােৱাকৈ তর্ক বঢ়াই নি থাকিব পাৰি । এনেকুৱাও হয় যে তৰ্কত প্রবৃত্ত হৈ মানুহে হাবুডাবু খায় অথচ সিদ্ধান্ত একো নােলায় । সেয়ে সহজ বিশ্বাস আৰু জ্ঞানৰ দ্বাৰা যিটো বস্তু পাব পৰা যায় , তেনে ক্ষেত্ৰত তর্কক আশ্রয় কৰাটো উচিত নহয় । মানুহে সহজ বিশ্বাস , জ্ঞান আৰু উপলব্ধিৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰে । কিন্তু তাকে নকৰি তৰ্কৰ আশ্ৰয় লৈ ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰিব গলে অনেক সময়ত ই মানুহক ঈশ্বৰৰ পৰা আঁতৰাই নি চাকনৈয়াতহে পেলায় । অকল ঈশ্বৰৰ ক্ষেত্ৰতে নহয় , অন্য বহু ক্ষেত্ৰত এনেকুৱা বহু উদাহৰণ দিব পৰা যায় । তর্ক শাস্ত্ৰৰ এই যে জটিলতা , শেষ নােহােৱা গুণ , এইবােৰ কাৰণতে হয়তাে ‘ তর্ক শাস্ত্র মহা ব্যাঘ্রী ’ বুলি কোৱা হয় ।

( খ ) মানুহে আর্জোনৰ ফল ভুঞ্জে ।

উত্তৰঃ ঈশ্বৰৰ এই সুন্দৰ জগতখন নির্দিষ্ট নীতি- নিয়মৰ মাজেৰে পৰিচালিত হৈ আছে । ইয়াত কর্ম অনুযায়ী মানুহে ফল ভােগ কৰে । সজ কাম কৰােতাজনে সজ ফল লাভ কৰে আৰু বেয়া কাম কৰােতাজনে বেয়া ফল ভােগ কৰিব লগা হয় । ঈশ্বৰত বিশ্বাস ৰাখি সুখ – দুখ , সম্পদ – বিপদ সকলাে তেওঁৰ ওচৰত সমৰ্পণ কৰি কর্তব্য কাম কৰি চলা মানুহে সদায় ভাল ফল লাভ কৰে , তেওঁৰ মনত সুখ – শান্তিয়ে বাহ লয় । কিন্তু যিয়ে নিজ কর্তব্যক অৱহেলা কৰে , অসৎ কার্যত লিপ্ত হয় , ভগৱানৰ ওপৰত , যিয়ে বিশ্বাস নাৰাখে , তেনে লােকে সদায় বেয়া ফল ভােগ কৰিব লগা হয় । মানুহে যেতিয়া নিজ কর্মৰ দ্বাৰা আর্জিত ফল ভােগ কৰিবই লাগিব , গতিকে আমি সকলােসজ কর্ম কৰা উচিত ।

প্রশ্ন৭। বাক্য ৰচনা কৰা –

কর্তব্য , নাস্তিক , চাকনৈয়া , কৰুণা , গণ্ডপমাৰ , খােলাকটি তাল , মেটমৰা , কৰুণা – ডৌকা , নগুৰ-নাগতি ।

উত্তৰঃ

কর্তব্য :- নিজৰ কাম ভাল দৰে কৰাটো নিজৰ কর্তব্য

নাস্তিক :- নাস্তিক মানুহে কেতিয়াও ভগৱানৰ অস্তিত্বৰ কথা মানি নলয় ।

চাকনৈয়া :- নিচাযুক্ত বস্তুৰ চাকনৈয়াত পৰি মানুহজনৰ আজি এই অৱস্থা হৈছে ।

কৰুণা :- সজ কাম কৰা মানুহে ঈশ্বৰৰ কৰুণা লাভ কৰে ।

গণ্ডপমাৰ :- গণ্ডপমাৰ কথা কোৱা স্বভাৱৰ মানুহক সকলোৱে বেয়া পায় ।

খােলাকটিৰ তাল :- ৰমেনক ইমান শিকালাে বুজালাে , শেহত গৈ সকলাে খােলাকটিৰ তাল হ’ল ।

মেটমৰা :- শাস্ত্র বিদ্যাৰ মেটমৰা ভাৰ বৈ কোনেও ঈশ্বৰক পাব নােৱাৰে ।

কৰুণা – ডৌকা :-শিক্ষকৰ কৰুণা – ডৌকাৰ তলৰ পৰা আঁতৰি অহা ছাএ ছাএীয়ে সময়ত গৈ বিপদত পৰে ।

নগুৰ-নাগতি :- আগ – পিছ নাভাবি কামটো কৰিবলৈ গৈ মানুহজনে অযথা নগুৰ – নাগতি হ’ল।

প্রশ্ন৮। বিপৰীতার্থক শব্দ লিখা –

      সুখ , পিতৃ , শাৰীৰিক , আই , ইহলােক , নাস্তিক , বিশ্বাস , ন্যায় , সৃষ্টি । 

উত্তৰঃ

সুখ – দুখ ।

পিতৃ – মাতৃ ।

শাৰিৰীক – মানসিক ।

আই – বােপাই ।

ইহলােক – পৰলােক ।

নাস্তিক – আস্তিক ।

বিশ্বাস – অবিশ্বাস ।

ন্যায় – অন্যায় ।

সৃষ্টি – ধ্বংস ।

প্রশ্ন ১০। শব্দার্থ লিখা –

        নিগাজি , প্রশান্ত , কৰুণা , নিঠৰুৱা , নিৰুদ্বেগ , গণ্ডপমাৰি , মেটমৰা , কাচিৎ , সংকট । 

উত্তৰঃ

নিগাজি – চিৰস্থায়ী ।

প্রশান্ত – ধীৰ , সুস্থিৰ ।

কৰুণা – দয়া , কৃপা ।

নিঠৰুৱা – আশ্রয়হীন ।

নিৰুদ্বেগ – চিন্তা নথকা , উৎকণ্ঠিত নােহােৱা

গণ্ডপমাৰি – অহংকাৰ কৰি

মেটমৰা – বৰ গধুৰ , মেটমটীয়া ভাৰ ।

কাচিৎ – কেতিয়াবা , দৈবাৎ

সংকট – আপদ , বিপদ ।

প্রশ্ন ১১। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কীর্তিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ যুগনায়ক , যুগস্রষ্টাকাৰী , সাহিত্যিক তথা চুটি গল্পৰ জনক আখ্যা দিয়া হয় । তেওঁৰ বেছিভাগ ৰচনা হাস্যৰসাত্মক বাবে তেওঁক ৰসৰাজ ’ উপাধি প্রদান কৰা হয় । আনহাতে অসাধাৰণ সাহিত্যকৃতিৰ বাবে তেওঁ “ সাহিত্যৰথী ’ ৰূপেও জনাজাত । তেওঁ কবিতা , উপন্যাস , চুটিগল্প , নাটক , ৰস ৰচনা , জীৱনী , শিশু – সাহিত্য , সাধুকথা , তত্ত্বকথা আদি বহুতাে পুথি লিখি থৈ যায় ।

তেওঁৰ ৰচনা সমূহ হৈছে —

একমাত্র কবিতা পুথি –‘ কদমকলি

একমাত্র উপন্যাস– ‘ পদুম কুঁৱৰী ‘ ; চুটিগল্প -সুৰভি , সাধুকথাৰ কুকি , জোনবিৰি , কেহােকলি ;

সাধুকথাৰ সংকলন- জুনুকা , বুঢ়ী আইৰ সাধু , ককাদেউতা আৰু নাতি ল’ৰা , বাখৰ ;

বুৰঞ্জীমূলক নাট— জয়মতী কুঁৱৰী , চক্ৰধ্বজ সিংহ , বেলিমাৰ ;

ধেমেলীয়া নাট — লিতিকাই , নােমল পানি , চিকৰপতি – নিকৰপতি ; তত্ত্বমূলক তথা

জীৱনমূলক গ্রন্থ — তত্ত্বকথা , শ্রীকৃষ্ণকথা , শ্ৰীশ্ৰীশংকৰদেৱ , মহাপুৰুষ শংকৰদেৱ , শ্রীমাধৱদেৱ ৷

আত্মজীৱনী –‘ মােৰ জীৱন সোঁৱৰণ আৰু কৃপাবৰ বৰুৱা ছদ্মনামত অসমীয়া সমাজক কটাক্ষ কৰি পুথি লিখি থৈ যায় ।

প্রশ্ন ১২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম“ মােৰ জীৱন – সোঁৱৰণ ।’

প্রশ্ন ১৩। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ ৰসৰাজ ’ উপাধি প্রদান কৰা হৈছিল ?

উত্তৰঃ তেওঁৰ বেছিভাগ ৰচনা হাস্য-ৰসাত্মক বাবে বেজবৰুৱাক ‘ ৰসৰাজ ’ উপাধি প্রদান কৰা হৈছিল ।

প্রশ্ন ১৪। লক্ষ্মীনাথ বেজবৰুৱাই প্রতিষ্ঠা কৰা এখন আলােচনীৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই প্রতিষ্ঠা কৰা এখন আলােচনীৰ নামবাঁহী ।

প্ৰশ্ন ১৫। ‘ কৃপাবৰ বৰুৱা ’ – কোন ?

উত্তৰঃ ‘ কৃপাবৰ বৰুৱা ’ এটি ছদ্মনামহে । লক্ষ্মীনাথ বেজবৰুৱাই এইটো ছদ্মনামেৰে অসমীয়া সমাজক কটাক্ষ কৰি পুথি লিখিছিল ।

প্রশ্ন ১৬। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটৰ নাম লিতিকাই আৰু নােমল পাচনি ।

প্রশ্ন ১৭। সম্পূর্ণ অর্থ লিখা – অঃ আঃ উঃ সাঃ সঃ

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা ।