Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 3 Answer ভৰত চৰাই আৰু তাইৰ পােৱালিবিলাক

ভৰত চৰাই আৰু তাইৰ পােৱালিবিলাক

Chapter – 3

১। ভৰত চৰায়ে ক’ত বাহ সাজিছিল ?

উত্তৰঃ ভৰত চৰায়ে গমৰ খেতিৰ মাজত বাহ সাজিছিল ।

২। ভৰত চৰাইজনীয়ে বাহত পােৱালি বিলাকক এৰি থৈ সদায় দূৰলৈ গুচি যায় কিয় ?

উত্তৰঃ আহাৰ বিচাৰি ভৰত চৰাইজনীয়ে বাহত পােৱালি বিলাকক এৰি থৈ সদায় দূৰলৈ গুচি যায় ।

৩। চৰাইজনী বাহ এৰি উৰি যােৱাৰ পিছত খেতি চাবলৈ অহা মানুহ দুজন কোন আছিল ?

উত্তৰঃ চৰাইজনী বাহ এৰি উৰি যােৱাৰ পিছত খেতি চাবলৈ অহা মানুহ দুজন আছিল সেই খেতি পথাৰৰ গৰাকী-বাপেক আৰু পুতেক ।

৪। সন্ধিয়া ভৰত চৰাইজনী বাহলৈ উলটি অহাৰ সময়ত পােৱালিবিলাকে কি কৈছিল ?

উত্তৰঃ পােৱালিবিলাকে মাকক কৈছিল যে সেইদিনা পথাৰলৈ দুজন মানুহ আহিছিল ।সিহঁতে পিছদিনাখন গাঁৱৰ মানুহ গােটাই আনি গমবােৰ চপাই নিয়াৰ কথা আলােচনা কৰিছে । যদি গমবােৰ সঁচাকৈয়ে চপাব আহে তেতিয়া সিহঁতৰ কি দশা হ’ব ?

৫। দ্বিতীয় দিনা খেতি চপাবলৈ গাঁৱৰ মানুহ আহিছিলনে ?

উত্তৰঃ দ্বিতীয় দিনা খেতি চপাবলৈ গাঁৱৰ মানুহ অহা নাছিল ।

৬। দ্বিতীয় দিনা পােৱালিবিলাকৰ মনৰ সংশয় দূৰ কৰিবলৈ ভৰত চৰাইজনীয়ে পােৱালিবিলাকক কি কৈছিল ?

উত্তৰঃ ভৰত চৰাইজনীয়ে পােৱালিবিলাকক মনৰ সংশয় দূৰ কৰিবলৈ কৈছিল যে সিহঁতে একো ভয় কৰিব নালাগে । কাৰণ তেতিয়ালৈকে সিহঁত সকলো নিৰাপদ । গতিকে ভৰত চৰাইজনীয়ে পােৱালিবিলাকক নিশ্চিন্তমনে শুই থাকিবলৈ কৈছিল ।

৭। ভৰত চৰাইজনীয়ে প্রথমদিনা আৰু দ্বিতীয় দিনা পােৱালিকেইটাক কিয় নিশ্চিন্তমনে শুই থাকিব কৈছিল ?

উত্তৰঃ প্রথম আৰু দ্বিতীয় দিনা বাপেক আৰু পুতেকে গাঁৱৰ মানুহ গােটাই আনি গমবােৰ চপােৱাৰ কথা আলােচনা কৰিছিল । পৰত আশ বনত বাস বুলি এষাৰ কথা আছে । আনৰ ওপৰত নিৰ্ভৰ কৰিলে কোনাে কাম সময়মতে কৰা নহয়গৈ। ভৰত চৰাইজনীয়ে জানিছিল যে , প্রথম দিনা আৰু দ্বিতীয় দিনা বাপেক পুতেক হালে যিহেতু গাঁৱৰ মানুহৰ সহায়ত গমবােৰ চপোৱাৰ কথা আলােচনা কৰিছে , গতিকে গম চপােৱা কামটো কেতিয়াও তেওঁলােকে ভবা ধৰণে নহয়গৈ। গমবােৰ নচপােৱালৈকে সিহঁতৰাে কোনাে বিপদৰ সম্ভাৱনা নাই । সেয়েহে প্রথম দুদিনত ভৰত চৰাইজনীয়ে পােৱালিকেইটাক নিশ্চিন্তমনে শুই থাকিবলৈ কৈছিল ।

৮। গম চপাবলৈ কোনাে গঞা নহাত শেষত বাপেক – পুতেকে কি কৰিছিল ?

উত্তৰঃ গম চপাবলৈ কোনাে গঞা নহাত অৱশেষত বাপেক – পুতেক দুয়ােজনে লগ হৈ গমবােৰ চপােৱাৰ সিদ্ধান্ত লৈছিল ।

৯। “ আজি নিশাৰ ভিতৰতে আমি এই খেতি এৰি যাব লাগিব ” — কথাষাৰ কোনে , কাক , কিয় কৈছিল ?

উত্তৰঃ কথাষাৰ ভৰত চৰাইজনীয়ে তাইৰ পােৱালি বিলাকক কৈছিল । পােৱালিবিলাকে সেইদিনাখন নিশা ভৰত চৰাইজনীক জনাইছিল যে পিছদিনা বাপেক পুতেক দুয়ােজনে নিজেই গম চপাব আহিব । কথাষাৰ চৰাইজনীয়ে বুজি পাইছিল যে বাপেক – পুতেকে নিজইে যেতিয়া গম চপােৱাৰ সিদ্ধান্ত লৈছে গতিকে , পিছদিনা তেওঁলােকে যে গম চপাবলৈ আহিব সেইটো নিশ্চিত । সেয়েহে , আগন্তুক বিপদৰ পৰা হাত সাৰিবলৈ সেইটো নিশাৰ ভিতৰতে খেতি পথাৰ এৰি যাব লাগিব বুলি ভৰত চৰাই জনীয়ে পােৱালিবিলাকক কৈছিল ।

১০। নিশাৰ ভিতৰতে খেতি এৰি যাব লগাৰ কাৰণ সােধাত ভৰত চৰাইজনীয়ে পােৱালিবিলাকক কি উত্তৰ দিছিল ?

উত্তৰঃ ভৰত চৰাইজনীয়ে পােৱালিবিলাকক এইবুলি উত্তৰ দিছিল— “ ইমানদিনে মানুহ দুটাই লােকৰ মুখলৈ চাই আছিল । এইবাৰ হ’লে নিজেই কৰিম বুলি লাগিছে ৷ সেইবাবে কাইলৈ যে কাম আৰম্ভ হ’ব তাত আৰু সন্দেহ নাই । ”

১১। ভৰত চৰাইৰ দৰে তুমি দেখিবলৈ পােৱা তিনিবিধ আন চৰাইৰ নাম উল্লেখ কৰা ।

উত্তৰঃ কপৌ , টোকোৰা চৰাই আৰু পঘুমা ।

১২। ভৰত চৰাইৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ভৰত চৰাই ঘনচিৰিকাতকৈ অলপ ডাঙৰ । পৃথিৱীত প্রায় সকলাে দেশতে এই চৰাইবিধ , পােৱা যায় । ইয়াৰ গাৰ বৰণ মটীয়া । ফিছা আৰু বুকুৰ ফালত মাজে মাজে অলপ বগা ৰঙা বৰণ থকা দেখা যায় । ইয়াৰ দৈর্ঘ্য প্রায় ১৮ চেণ্টিমিটাৰ। ই সাধাৰণতে শস্য পথাৰত বাহ সাজে । শস্যৰ বীজ আৰু সৰু পােক – পৰুৱা ইয়াৰ প্রধান খাদ্য । এই চৰাইবিধে এবাৰত তিনি – চাৰিটাকৈ কণী দিয়ে । ই তীব্র বেগত বহু ওপৰলৈ উৰিব পাৰে ।

১৩। ভাব বহলাই লিখা –

আপােন হাত , জগন্নাথ

পৰত আল , বনত বাস ।

উত্তৰঃ মানুহে সদায় স্বাৱলম্বী হৈ চলিব লাগে । যি মানুহে নিজে নিজৰ কাম কৰি ল’ব পাৰে , সেই মানুহে কোনােদিন বিপদত নপৰে । স্বাৱলম্বী মানুহে নিজে নিজৰ কাম কৰা বাবে কামবােৰ সময়মতে হৈ উঠাৰ লগতে পৰিপাটীত হয় । আনৰ কাম যিমানে গুৰুত্বপূৰ্ণ নহওঁক কিয় , নিজৰ কাম নকৰাকৈ কোনেও সেই কাম কৰিবলৈ নাযায় । আনৰ সুখলৈ চাই আশা পালি থকা জনে সদায় ঠগ খায় । আনৰ ওপৰত আশা কৰা মানে বনত বাস কৰা লেখীয়া কথা । বনত বাস কৰা মানুহ অকলশৰীয়া । মহা বিপদতাে তেওঁ সতকাই লােকৰ সহায় নাপায় । কাৰােবাৰ সহায়ৰ আশাত থাকোতে তেওঁৰ বিপদ , বাঢ়িহে যায় । সেয়েহে বিজ্ঞলােকে আপােন হাত , জগন্নাথ ; পৰত আল , বনত বাস বুলি কয় ।

১৪। এটা শব্দত প্ৰকাশ কৰা –

( ক ) কৃষিকর্ম কৰা লোক ————–।

উত্তৰঃ কৃষক ।

( খ ) পৰৰ মুখলৈ যি বাট চায় —————।

উত্তৰঃ পৰমুখাপেক্ষী ।

( গ ) ভাদ মাহত জন্ম হৈছে যাৰ —————।

উত্তৰঃ ভদীয়া ।

( ঘ ) গাঁৱত বাস কৰা লােক —————।

উত্তৰঃ গাঁৱলীয়া ।

১৫। প্রত্যয় কাক বােলে , উদাহৰণসহ লিখা ।

উত্তৰঃ ধাতু বা প্রতিপাদিকৰ পাছত যি শব্দ বা শব্দাংশ যােগ কৰা হয় তাকে প্রত্যয় বােলে ।

যেনে— গাওঁ + অলীয়া = গাঁওলীয়া ।

১৬। প্রত্যয় ভাঙি দেখুৱা –

        গঞা, ভদীয়া , কাতীয়া , শনীয়া , আঘােণা , পেটুৱা , ঢুলীয়া ।

উত্তৰঃ

গঞা = গাঁৱ + ঈয়া ।

ভদীয়া = ভাদ + ঈয়া ।

কাতীয়া = কাতি + ঈয়া ।

শনীয়া = শনি + ঈয়া ।

আঘােণা = আঘােণ + আ ।

পেটুৱা = পেট + উৱা ।

ঢুলীয়া = ঢােল + ঈয়া ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects