ল’ৰাকাল
Chapter – 4
১। কবিয়ে শৈশৱত কেনেদৰে উমলিছিল ?
উত্তৰঃ শৈশৱ কালছােৱা সকলােৰে বাবে ৰং – ধেমালি কৰি উমলি ফুৰাৰ সময় । ৰংমনেৰে মাটিৰ পুতলী সাজিছিল । আইতাকৰ ৰিহাৰ আঁচলত ধৰি লৰি ফুৰিছিল । ভায়েক –ভনীয়েকক ফুৰাবলৈ নি সিহঁতৰ লগতে উমলিছিল ।
২। কবিয়ে শৈশৱত কি সাজি অধিক আনন্দ পােৱাৰ কথা কৈছে ?
উত্তৰঃ কবিয়ে শৈশৱতমাটিৰ পুতলা সাজি অধিক আনন্দ পােৱাৰ কথা কৈছে ।
৩। ল’ৰাকালত কবিৰ মনত দুখ – বিষাদ আছিল নে ? তেওঁৰ ল’ৰাকালৰ বিষয়ে এটি চমু বর্ণনা দিয়া ।
উত্তৰঃ ল’ৰাকালত কবিৰ মনত দুখ – বিষাদ নাছিল ।
ল’ৰাকালত কবি বৰ মুকলিমূৰীয়া আছিল । তেতিয়া তেওঁ যেনি – তেনি উমলি – জামলি ঘূৰি ফুৰিছিল । ৰং মনেৰে মাটিৰ পুতলী সাজিছিল । এলাহ কি নাজানিছিল , মনটো উলাহেৰে ভৰি আছিল। অতি সৰল অন্তৰৰ কবিৰ মনত খিয়লা – খিয়লি ভাব সমূলি নাছিল । সংঘাতৰ জটিলতাও তেওঁ বুজি পােৱা নাছিল । আইতাকক কবিয়ে বৰ মৰ্ম কৰিছিল আৰু তেওঁৰ ৰিহাৰ আঁচলত ধৰি ঘূৰি ফুৰিছিল। ভায়েক – ভনীয়েককো কবিয়ে খুব মৰম কৰিছিল আৰু সিহঁতক ফুৰাবলৈ নিছিল ।
৪। কবিয়ে কাৰ ৰিহাৰ আচলত ধৰি ফুৰিছিল ?
উত্তৰঃ কবিয়ে আইতাকৰ ৰিহাৰ আঁচলত ধৰি ফুৰিছিল ।
৫। আইতাকৰ প্ৰতি কবিৰ ভাব কেনে আছিল ?
উত্তৰঃ আইতাকৰ প্রতি কবিৰ খুব ভাল ভাব আছিল । তেওঁ আইতাকক বৰ মৰম কৰিছিল ।
প্রশ্ন ৬। কবিয়ে কাক হেঁপাহেৰে মৰম বিলায় ?
উত্তৰঃ ভায়েক – ভনীয়েকক হেঁপাহেৰে মৰম বিলায় ।
৭। কবিয়ে শেষত হৰি অর্থাৎ ভগৱানৰ ওচৰত কি কামনা কৰিছে ?
উত্তৰঃ যি গৰাকী দয়াময় হৰি অর্থাৎ ভগৱানে কবিৰ তেজত উলাহ , মনত পােৰ আৰু বুকুত মৰম দিছে , সেইগৰাকী ভগৱানৰ চৰণত তেওঁৰ মনটো যাতে সদায় নিবিষ্ট হৈ থাকে , তাকেই কবিয়ে শেষত ভগৱানৰ ওচৰত কামনা কৰিছে ।
৮। বাক্য সাজা –
এনি – তেনি , ওমলি – জামলি , লৰ-ধৰ , খিয়লা-খিয়লি , ৰং ৰহইচ , খৰ – খেদা , ভাই – ভনী ।
উত্তৰঃ এনি – তেনি :- এনি – তেনি ঘূৰি ফুৰিলে জীৱনত সফলতা লাভ কৰিব নােৱাৰি ।
ওমলি – জামলি :- সি আজি গোটেই দিনটো ওমলি – জামলি ঘূৰি ফুৰিছে ।
লৰ-ধৰ :- ঐ ইমান লৰ-ধৰ কে ক’ত যাৱ ।
খিয়লা – খিয়লি :- খিয়লা – খিয়লি ভাবে মানুহৰ মাজত বিভেদ ঘটায় ।
ৰং-ৰহইচ :- এইবেলি বিহুত বন্ধটো বৰ ৰং – ৰহইচৰ মাজেৰে পাৰ কৰিলোঁ ।
খৰ – খেদা :- অলপ খৰ –খেদা কৰ নহ’লে কলেজ নাপাবি গৈ ।
ভাই – ভনী :- ভাই ভনীৰ মিলাপ্রীতিয়ে দেউতাক – মাকৰ মনত আনন্দ দিয়ে ।
৯। তাৎপর্য ব্যাখ্যা কৰা –
( ক ) মুখত সদায় মােৰ হাঁহি নুগুচেই
সংসাৰ লেঠা মই নুবুজোঁ নিচেই ।
উত্তৰঃ ল’ৰা কালছােৱা মানুহৰ জীৱনৰ মধুৰতম সময় । এই সময়ত সকলােৱে উমলি – জামলি ৰং – ধেমালি কৰি ভাল পায় । মন সদায় আনন্দেৰে ভৰি থাকে । খিয়লা – খিয়লি ভাব বা কু – চিন্তাই মনত ঠাই নাপায় । এই কালছােৱাত সংসাৰৰ জটিলতা বুজি পােৱা নাযায় আৰু মুখত সদায় হাঁহি বিৰিঙি থাকে । গােটেই জীৱন ধৰি মানুহৰ হৃদয় জীপাল কৰি ৰখা ল’ৰাকালৰ সােণালী সময়ৰ সেই মধুৰ স্মৃতিকে কবিয়ে উক্ত কবিতা ফাকিৰ জৰিয়তে দাঙি ধৰিছে ।
( খ ) জানিলোঁ জানিলোঁ তেওঁ হৰি দয়াময় ,
সেই চৰণত যেন মােৰ মতি ৰয় ।
উত্তৰঃ ল’ৰাকালত কবিৰ মনটো আনন্দেৰে ভৰপুৰ হৈ আছিল । তেওঁৰ তেজত উলাহৰ ঢৌ উঠিছিল , পােহৰ পােহৰ ভাবে মনটো উজলাই ৰাখিছিল । সকলােৰে প্রতি তেওঁৰ বুকুত আছিল অফুৰন্ত মৰম । কবিয়ে উপলব্ধি কৰিছিল তেওঁৰ তেজত ইমান উলাহ , মনত ইমান পােহৰ , বুকুত ইমান মৰম — এই সকলােবােৰ হৰি অর্থাৎ ভগৱানেহে দিছে । সেয়েহে , তেনেকুৱা দয়াময় ভগৱানৰ চৰণত তেওঁৰ মনটো যাতে সদায় নিবিষ্ট হৈ থাকে , তাকে কবিয়ে ভগৱানৰ ওচৰত প্রার্থনা কৰিছে ।
১০। বিপৰীত শব্দ লিখা –
হাঁহি , মৰম , পােহৰ , সুমতি , শত্রু , আনন্দ
উত্তৰঃ হাঁহি – কান্দোন ।
মৰম – ঘৃণা ।
পােহৰ – এন্ধাৰ ।
সুমতি – কুমতি ।
শত্রু – মিত্র ।
আনন্দ – বিষাদ , বেদনা ।
১১। হাঁহি , কোৱৰ — এই দুটা শব্দৰ দৰে চন্দ্রবিন্দু ( ঁ ) যােগ হােৱা পাঁচটা শব্দ লিখা ।
উত্তৰঃ বাঁহ , সিহঁত , কুঁৱৰী , চিয়াঁহী , কুঁৱলি ।
১২। উঃ , হাঁ , বাঃ , উস্ আদি আশ্চর্য ভাব বুজোৱা শব্দৰে একোটাকৈ বাক্য গঠন কৰা ।
উত্তৰঃ উঃ – উঃ ! কথাষাৰ শুনি বৰ দুখ পালোঁ ।
হাঁ – হাঁ ! তই ‘ কি আজিও স্কুললৈ নাযাৱ ?
বাঃ – বাঃ ! কি সুন্দৰ দৃশ্য ।
উস্ – উস্ ! মৰিলোঁ দে ।
১৩। ‘ ল’ৰাকাল ’ কবিতাটিৰ মূল ভাব লিখা ?
উত্তৰঃ ‘ ল’ৰাকাল ’ কবিতাটিৰ মাজেৰে কবিয়ে ল’ৰাকালৰ সােণালী সময়ৰ কথা সোঁৱৰণ কৰিছে। ল’ৰাকালছােৱা সকলােৰে বাবে ৰং – ধেমালিৰ সময় । এনি – তেনি ঘূৰি ফুৰি উমলি – জামলি ভাল পায় । তেওঁলােকে সংসাৰৰ জটিলতা বুজি নাপায় । আইতাকৰ মৰমৰ বান্ধোনত তেওঁলােকে বান্ধ খাই থাকে । লগৰীয়াবােৰৰ লগত ফুৰা ৰং – ধেমালি কৰা কামবােৰ তেওঁলােকৰ বাবে বৰ – আনন্দ দায়ক । হিংসা , ভেদভাব তেওঁলােকে বুজি নাপায় । তেওঁলােকৰ মন সদায় আনন্দেৰে ভৰপূৰ হৈ থাকে ।
১৪। বেণুধৰ ৰাজখােৱাক ব্রিটিছ প্রশাসনে কি উপাধি প্রদান কৰিছিল ?
উত্তৰঃ বেণুধৰ ৰাজখােৱাক ব্রিটিছ প্রশাসনে ৰায় বাহাদুৰ উপাধি প্রদান কৰিছিল ।
১৫। বেণুধৰ ৰাজখােৱাৰ আত্মজীৱনীমূলক পুথিখনৰ নাম কি ?
উত্তৰঃ বেণুধৰ ৰাজখােৱাৰ আত্মজীৱনীমূলক পুথিখনৰ নাম “ মােৰ জীৱন দাপােণ । ”
প্রশ্ন ১৭। শব্দার্থ লিখা –
এফেৰি , পুতুলী , উলাহ , খিয়লা-খিয়লি , হেঁপাহ ।
উত্তৰঃ
এফেৰি – সামান্য পৰিমাণৰ ।
পুতুলী – পুতলা ।
উলাহ – আনন্দ ।
খিয়লা-খিয়লি – হিংসা ।
হেঁপাহ – আগ্রহ ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post