Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Science Chapter 10 Answer প্ৰাণীৰ পৰিবহণ তন্ত্ৰ

প্ৰাণীৰ পৰিবহণ তন্ত্ৰ

দশম অধ্য়ায়  

অনুশীলনী

১। খালী ঠাই পূৰ কৰা।

(ক) ———ৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।

উত্তৰঃ ধমনীৰ

(খ) ———ৰক্ত কণিকাত হিম’গ্ল’বিন পোৱা যায়।

উত্তৰঃ লোহিত

(গ) হৃদযন্ত্ৰৰ সুসংহত সংকোচন আৰু প্ৰসাৰণক———- -বোলে।

উত্তৰঃ হৃদস্পন্দন

(ঘ) – ———ৰ কাৰণে তেজৰ ৰং, ৰঙা।

উত্তৰঃ হিম’গ্লবিন।

(ঙ) অনুচক্রিকাৰ কাম তেজৰ————– ।

উত্তৰ: মখাবন্ধা।

(চ) ধমনীৰ বেৰখন————-

উত্তৰঃ ডাঠ।

(ছ) শৰীৰক বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰাটো ————- ৰক্ত কণিকাৰ কাম।

 উত্তৰঃ শ্বেত।

(জ) মানুহৰ প্ৰধান ৰেচন দ্রব্য হ’ল———–। 

উত্তৰঃ ইউৰিয়া।

(ঝ) ঘামত পানী আৰু ——–থাকে।

উত্তৰঃ বেচন

(ঞ) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্রব্যক- ——-বোলে।

উত্তৰঃ প্ৰসাৱ। 

2.তেজৰ উপাদানসমূহ কি কি? এইবোৰৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ তেজৰ উপাদানসমূহ হ’ল- প্লাজমা, লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা, আৰু অনুচক্রিকা থাকে।প্লাজমা: প্লাজমা হ’ল তেজৰ জুলীয়া ভাগ। ৯২ শতাংশ পানী আৰু ৮ শতাংশ বিভিন্ন জৈৱ অজৈব পদাৰ্থৰে প্লাজমা গঠিত।প্লাজমাত দ্রবীভূত হৈ খাদ্যৰ সৰল পদাৰ্থ, হৰম’ন ইত্যাদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় আৰু কোষত উৎপন্ন হোৱা কার্বন-ডাই-অক্সাইডৰো এটা অংশ প্লাজমাৰ জৰিয়তে পৰিবাহিত হয়।লোহিত ৰক্ত কণিকা (RBC): লোহিত ৰক্তকণিকাবোৰ উভয় অৱতল। ইহঁত অতি ক্ষুদ্র। এটা লোহিত ৰক্তকণিকাৰ গড় ব্যাস মাঁথো ৪ মাইক্রন।

লোহিত ৰক্ত কণিকাত হিম’গ্লবিন নামৰ এবিধ ৰঙা ৰঞ্জক পদার্থ থাকে। হিম’গ্লবিন অক্সিজেনৰ সৈতে যুক্ত হৈ অক্সিজেনক শৰীৰৰ বিভিন্ন অংশলৈ আৰু অৱশেষত সকলোবোৰ কোষলৈ পৰিবাহিত কৰে। হিম’গ্লবিন অবিহনে শৰীৰৰ কোষবোৰলৈ উপযুক্তভাবে অক্সিজেন যোগান ধৰাটো সম্ভৱ নহয়। হিম’গ্ল’বিনৰ উপস্থিতিয়ে তেজৰ ৰঙ ৰঙা কৰে।

শ্বেত ৰক্তকণিকা (WBC) শ্বেত ৰক্তকণিকাবোৰ বৰণহীন। শ্বেত বক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত আৰু ভিন ভিন আকৃতিৰ। শ্বেত ৰক্ত কণিকাৰ গড় ব্যাস ৮-১২ মাইক্রন।দেহক ৰোগৰ পৰা ৰক্ষা কৰা আৰু শৰীৰত প্ৰৱেশ কৰা বীজাণু প্রতিহত কৰাইশ্বেত বক্তকণিকাৰ কাম।অণুচক্রিকা (Blood Platelets) – অনুচক্রিকাবোৰ বৃত্তাকাৰ বা উপবৃত্তাকাৰ অতি ক্ষুদ্র কোষ। ইহঁতৰ গড় ব্যাস মাত্র ১-৪ মাইক্রন।অনুচক্রিকাৰ কাম হ’ল তেজৰ মখা বন্ধা।

3. শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্রয়োজন?

উত্তৰ: আমাৰ শৰীৰৰ কোষবোৰক অহৰহ অক্সিজেনৰ প্রয়োজন হয়। তেজে কোষবোৰক অক্সিজেনৰ যোগান ধৰে। আমি খোৱা সৰল পদাৰ্থবোৰো তেজেই কোষক যোগান ধৰে। আমাৰ শৰীৰৰ বৰ্জিত দ্রব্যসমূহো তেজেই কোষৰ পৰা দেহৰ বিভিন্ন অংগলৈ কঢ়িয়ায়, য’ৰপৰা সিহঁত দেহৰ বাহিৰলৈ ওলাই যায়। এই কাৰণসমূহৰ বাবেই শৰীৰৰ সকলো অংশৰ বাবে তেজৰ প্ৰয়োজন।

4.হৃদযন্ত্ৰৰ মাজেদি তেজৰ চলাচল বর্ণনা কৰা।

উত্তৰ: হৃদযন্ত্র এনে এটা অংগ যি অবিৰতভাৱে স্পন্দন কৰি থাকে আৰু তেজৰ লগতে অন্যান্য দ্রব্য কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে।

অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা কোষলৈ যাওঁতে আৰু কাৰ্বন-ডাই-অক্সাইডযুক্ত তেজ কোষৰ পৰা হাওঁফাওঁলৈ যাওঁতে হৃদযন্ত্ৰৰ মাজেদি সোমাইহে যাব লাগে। অর্থাৎ হৃদযন্ত্রৰ মাজেদি অক্সিজেনযুক্ত (বিশুদ্ধ) আৰু কার্বন-ডাই-অক্সাইড যুক্ত (দুষিত) দুয়ো প্ৰকাৰৰ তেজ চলাচল কৰে। অলিন্দক বিভক্ত কৰা আন্তঃ অলিন্দীয় বেৰ আৰু নিৰ্ণয়ক বিভক্ত কৰা আন্তঃ নিলয় বেৰে দুই প্ৰকাৰৰ তেজক মিহলি হোৱাত বাধা দিয়ে।

চিত্ৰত দেখুওৱাৰ দৰে হৃদযন্ত্ৰৰ সোঁফালৰ পৰা আৰম্ভ কৰাৰ পিছত কাঁড় চিহ্নবোৰেৰে আগবাঢ়িলে দেখা যাব যে নিম্নভাগৰ সোঁফালৰ কাঁড় চিহ্নডালে বুজাইছে যে শৰীৰৱ কোষবোৱত উৎপন্ন হোৱা কার্বন-ডাই-অক্সাইড লৈ তেজ সিৰাৰে হৃদপিণ্ডৰ সোঁফালে সোমাইছে। ওপৰৰ সোঁফালৰ কাঁড় চিহ্নডালে বুজাইছে যে এই তেজ হৃদযন্ত্ৰৰ পৰা ক্লোমধমনীৰে হাঁওফাঁওলৈ গৈছে। এই তেজত থকা কার্বন-ডাই-অক্সাইড হাঁওফাঁওত এৰি দি অক্সিজেন লৈখায়। রাওঁফালৰ ওপৰৰ কাঁড়চিহ্নডালে বুজাইছে যে এইঅক্সিজেনযুক্ত তেজ ক্লোমসিৰাৰে হৃদপিণ্ডৰ বাওঁফালেদি সোমাইছে। বাওঁফালৰ তুলৱ কাঁড়চিহ্নডালে বুজাইছে যে ধমনীয়ে এই অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন কোষলৈ পৰিবাহিত কুৰিছে। গতিকে দেখা গ’ল যে তেজে দেহত এটা চক্র সম্পূর্ণ পুৰিবলৈ হৃদযন্ত্ৰৰ ভিতৰত দুবাৰ সোমাব লগা হৈছে। এবাৰ অক্সিজেনবিহীনভাৱে সোঁফালেদি আৰু এবাৰ অক্সিজেনযুক্ত হৈ বাওঁফালেদি। এনে ধৰণৰ পৰিবহনক দ্বিচক্ৰী পৰিবহন বোলে।

5.ৰেচন দ্রব্যসমূহ দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্রয়োজন?

উত্তৰ: আমাৰ দেহৰ কৌষসমূহে অনবৰতে কিছুমান জৈৱ ৰাসায়নিক কার্য সম্পাদন কৰি থাকে। এইবোৰ কাম কৰোঁতে কিছুমান অলাগতিয়াল আৰু শৰীৰৰ যাবে অপকাৰী পদাৰ্থৰ সৃষ্টি হয়। এইবোৰ শৰীৰত বেছি সময়লৈ থাকিলে শৰীৱৰ ক্ষতি সাধন হয়। সেয়ে এইবোৰ শৰীৰৰ পৰা উলিয়াই দিয়াটো অত্যন্ত প্রয়োজন।

6. মানুহৰ ৰেচনতন্ত্রৰ এখন চিহ্নিত ছবি আঁকা।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects