উদ্ভিদৰ পৰিবহন তন্ত্ৰ
একাদশ অধ্য়ায়
অনুশীলনী
১। বাঁওফালৰ স্তম্ভৰ (ক) লগত সোঁফালৰ স্তম্ভ (খ) মিলাই সজোৱা—
| স্তম্ভ (ক) | স্তম্ভ (খ) |
| (ক) সংবহন কলা(খ) জাইলেম(গ) ফ্লোৱেম(ঘ) মূলৰোম(ঙ) প্ৰস্বেদন | পানী শোষণ কৰে।খাদ্য পৰিবহণ কৰে।অতিৰিক্ত পানী উলিয়াই দিয়ে।পানী পৰিবহণ কৰে।পানী আৰু খাদ্য পৰিবহণ কৰে। |
২। চমু উত্তৰ দিয়াঃ
(ক) মূলৰোমৰ কাম কি?
উত্তৰঃ মূলৰোমৰ দ্বাৰা শিপাই মাটিৰ পৰা পানী আৰু খনিজ লবণ শোষণ কৰে ।
(খ) উদ্ভিদে গোটা খাদ্য পৰিবহণ কৰিব পাৰেনে?
উত্তৰঃ উদ্ভিদে খাদ্য (শৰ্কৰা) গোটা অৱস্থাত পৰিবহণ কৰিব নোৱাৰে, ইদ্রবীভূত অৱস্থাতহে পৰিবহণ কৰিব পাৰে।
(গ) উদ্ভিদৰ পানী পৰিবহণ কিহেৰে হয়?
উত্তৰঃ উদ্ভিদৰ পানী পৰিবহণ জাইলেম নলীকাৰে হয়।
(ঘ) উদ্ভিদৰ খাদ্য পৰিবহণ কিহেৰে হয়?
উত্তৰঃ উদ্ভিদৰ খাদ্য পৰিবহণ ফ্লুৱেমৰ চালনী নলীকাৰে সকলো অংশলৈ পৰিবহণ হয়।
(ঙ) উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ কেইটা দিশত হোৱা দেখা যায়?
উত্তৰঃ উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ তিনিটা দিশত হোৱা দেখা যায়। উর্দ্ধমুখী পৰিবহণ, অধঃমুখী পৰিবহণ আৰু পার্শ্বীয় পৰিবহণ।
৩। পত্ৰৰন্ধ্ৰ কি আৰু ইয়াৰ কাম কি?
উত্তৰঃ পত্ৰৰন্ধ্ৰ হ’ল পাতত থকা কিছুমান সৰু সৰু ছিদ্র। এই সৰু সৰু ছিদ্র অৰ্থাৎ পত্ৰৰন্ধৰ কাম হ’ল শিপাই শোষণ কৰা অতিৰিক্ত পানীভাগ বাষ্প আকাৰে বাহিৰলৈ উলিয়াই দিয়া।
৪। উদ্ভিদে জাইলেমৰ মাজেৰে যে পানী পৰিবহণ কৰে পৰীক্ষা এটাৰ দ্বাৰা বুজাই লিখা।
উত্তৰঃ ডেম-ডেউকা গছ এডাল শিপাৰে সৈতে গোটেই উদ্ভিদজোপা উঘালি আনি ৰঙীণ পানী থকা গিলাচ এটাত চিত্রত দেখুওৱাৰ দৰে ডুবাই ৰখা হ’ল। কেইঘণ্টামান পিছত কাণ্ড, পাত আৰু শিপাৰ পাতল প্রস্বেদন কৰি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰাত দেখা গ’ল যে প্রস্বেদনৰ কেইটামান কোষহে ৰঙীণ হৈছে, বাকীবোৰ হোৱা নাই। ৰঙীণ হোৱা কোষবোৰ হৈছে জাইলেম নলীকা। ইয়াৰ দ্বাৰা প্রমাণ হ’ল যে উদ্ভিদৰ শিপাই শোষণ কৰা পানী কেৱল জাইলেম নলীকাৰহে পৰিবহণ হয়।

৫। সালোক সংশ্লেষণ বুলিলে কি বুজা? উদ্ভিদৰ কোন অংশত সালোক সংশ্লেষণ হয়?
উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন-ডাই- অক্সাইড (এঙাৰগেছ)ৰ সৈতে ৰাসায়নিক ক্রিয়া ঘটাই শৰ্কৰা জাতীয় আহাৰ প্ৰস্তুত কৰে। এই শৰ্কৰাজাতীয় আহাৰ প্ৰস্তুত প্রণালীটোৱেই হৈছে সালোক সংশ্লেষণ।
সালোক সংশ্লেষণ উদ্ভিদৰ সেউজীয়া অংশ প্রধানকৈ পাতত হয়।
৬। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ কিয় প্ৰয়োজন বুলি ভাবা?
উত্তৰঃ উদ্ভিদে মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ পৰিপুষ্টিত ব্যৱহাৰ কৰে।
৭। বাষ্পমোচন বা প্ৰস্বেদন বুলিলে কি বুজা? প্ৰস্বেদন প্ৰক্ৰিয়াত কাৰ সহায়ত অতিৰিক্ত পানী বাহিৰলৈ ওলাই যায়।
উত্তৰঃ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ বাবে যিমানখিনি পানীৰ দৰকাৰ তাতকৈ বহু বেছি পানী শিপাই শোষণ কৰে। খাদ্য প্রস্তুতত ব্যৱহাৰ হোৱা পানীখিনিৰ বাহিৰে বাকী পানী বাষ্প আকাৰে উদ্ভিদে বাহিৰলৈ উলিয়াই দিয়ে।
প্রস্বেদন প্রক্রিয়াত পাতত থকা সৰু সৰু পত্ৰৰন্ধৰ দ্বাৰা অতিৰিক্ত পানী বাহিৰলৈ উলিয়াই দিয়ে।Type Himanku bora
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post