উদ্ভিদৰ প্ৰজনন
দ্বাদশ অধ্য়ায়
অনুশীলনী
১। বাঁওফালৰ স্তম্ভৰ (ক) লগত সোঁফালৰ স্তম্ভ (খ) মিলাই সজোৱা—
| স্তম্ভ (ক) | স্তম্ভ (খ) |
| (ক)বংশবৃদ্ধি প্ৰক্ৰিয়াটোক(খ)ফুল(গ)পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক(ঘ)অংগজ প্ৰজনন(ঙ)পৰাগৰেণু(চ)ডিম্বক | নিষেচন বোলে।উদ্ভিদৰ বিভিন্ন অংগৰ পৰা হয়।পৰাগধানীৰ ভিতৰত থাকে।উদ্ভিদৰ প্ৰজনন অংগ।গৰ্ভাশয়ৰ ভিতৰত থাকে।প্ৰজনন বোলে। |
২। খালী ঠাই পূৰ কৰাঃ
(ক) উদ্ভিদৰ ডাল, কাণ্ড, পাত, মুকুল, আদি অংগৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি দোৱাকে…………….বোলে।
উত্তৰঃ অংগজ প্ৰজনন ।
(খ) এপাদ ফুলতে পুংস্তৱক আৰু স্ত্ৰীস্তৱক একেলগে থাকিলে এনেকুৱা ফুলক……………বোলে।
উত্তৰঃ উভয়লিংগী ফুল .
(গ) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক…………….বোলে।
উত্তৰঃ নিষেচন।
(ঘ) পৰাগধানীৰ পৰা পৰাগৰেণু আহি গৰ্ভমূণ্ডত থিতাপি লোৱাকে ………………বোলে।
উত্তৰঃপৰাগযোগ।
৩। চমু উত্তৰ দিয়াঃ
(ক) ফুল উদ্ভিদৰ কি অংগ?
উত্তৰঃ ফুল উদ্ভিদৰ প্ৰজনন অংগ।
(খ) অংগজ প্ৰজনন কেনেকৈ দয়?
উত্তৰঃ ফুল ফুলা অর্থাৎ সপুষ্পক উদ্ভিদ এজোপাৰ বিভিন্ন অংগ, যেনে- কাণ্ড, ডাল, পাত, মুকুল, শিপা এইবোৰ হৈছে উদ্ভিদৰ অংগজ অংশ। এই অংগসমূহ ঘাই উদ্ভিদৰ পৰা বিচ্ছিন্ন হৈ নতুন এজোপা উদ্ভিদৰ সৃষ্টি হোৱাটোৱেই অংগজ প্রজনন।
(গ) ইষ্টৰ অংগজ প্ৰজননটোৰ নাম কি?
উত্তৰঃ ইষ্টৰ অংগজ প্রজননটোৰ নাম হ’ল “মুকুলোদ্গম” ।
(ঘ) স্ত্ৰীকেশৰডালৰ ওপৰৰ চেপেটা অংশটোক কি বুলি কোৱা হয়?
উত্তৰঃস্ত্রী কেশৰডালৰ ওপৰৰ চেপেটা অংশটোক গর্ভমুণ্ড বা গর্ভপীঠ বুলি কোৱা হয়।
(ঞ) সহবাসী উদ্ভিদ কাক বোলে?
উত্তৰঃএকলিংগ ফুলবোৰ একেজোপা গছতে থাকিলে তাক সহবাসী উদ্ভিদ বুলি কোৱা হয়।
(চ) ভিন্নবাসী উদ্ভিদ কাক বোলে?
উত্তৰঃ একলিংগ ফুলবোৰ বেলেগ বেলেগ গছত থাকিলে তাক ভিন্নবাসী উদ্ভিদ বুলি জনা যায়।
(ছ) একলিংগ ফুল এপাহৰ উদাহৰণ দিয়া।
উত্তৰঃঅমিতা।
(জ) পুনৰ্ণবাৰ বীজবোৰ আঠালেতীয়া কিয় হয়?
উত্তৰঃ পূৰ্ণনৱাৰ আঠালেটীয়া বীজবোৰে জীবজন্তুৰ গাত লাগি ধৰি দূৰলৈ বিস্তাৰিত হয় আৰু এই ধৰণেৰে বীজৰ বিস্তাৰ কৰে।
৪। উদ্ভিদৰ প্ৰজনন বুলিলে কি বুজা? প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃপ্রত্যেক জীৱই নিজৰ বংশ বৃদ্ধি কৰাটো এটা প্রাকৃতিক নিয়ম। এই বংশ বৃদ্ধি প্রক্রিয়াটোৱেই প্রজনন।
সাধাৰণতে আমি তিনি প্ৰকাৰৰ প্ৰজনন দেখিবলৈ পাওঁ-
(ক) অংগজ প্রজনন।
(খ) অযৌন প্রজনন।
(গ) যৌন প্রজনন।
৫। অংগজ প্ৰজনন বুলিলে কি বুজাই বহলাই লিখা।
উত্তৰঃ সপুষ্পক উদ্ভিদ এজোপাৰ বিভিন্ন অংগ, যেনে-কাণ্ড, ডাল, পাত, মুকুল, শিপা আদি অংগজ অংগসমূহৰ পৰা নতুন এজোপা উদ্ভিদৰ সৃষ্টি হোৱাটোৱেই হ’ল অংগজ প্রজনন।নেমু, ৰেংগন আদি কিছুমান উদ্ভিদৰ ডাল এটা মাটিৰ সংস্পৰ্শলৈ আনি মাটি জাপি পুতি ৰাখিলে কেইসপ্তাহমান পিছত পোতখাই থকা অংশৰ পৰা শিপা ওলায়। শিপাৰ সৈতে ডালটো কাটি নি কলে নতুন এজোপা উদ্ভিদৰ সৃষ্টি হয়। এয়া হৈছে জাপা কলম।আলু, আদা, পিয়াঁজ, ওল আদি মাটিৰ তলত থকা কাণ্ডসমূহৰ গাত সৰু সৰু মুকুল থাকে আৰু এই মুকুলসমূহৰ পৰা নতুন একোজোপা উদ্ভিদৰ সৃষ্টি হয়।সেইদৰে দুপৰ টেঙা আৰু বিগনিয়া আদিৰ পাতত থকা মুকুল, মিঠা আলু, জলিয়া, ভাতকেৰেলা, পটল আদিৰ মূলত থকা মুকুলৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি হয়।বেক্টেৰিয়া, ইষ্ট আদি এককোষী উদ্ভিদ আৰু রহুকোষী সর্পিল শেলাই, মাটি শেলাই,মিউকৰ জাতীয় ভেঁকুৰ আদিৰ দেহবোৰ দ্বিবিভাজন বা বহুবিভাজন ঘটি প্রত্যেক খণ্ডই অপত্য উদ্ভিদ দেহৰ সৃষ্টি কৰে।
৬। উদ্ভিদৰ যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃযৌন প্রজনন-যৌন প্রজননত পুংজনন কোষ আৰু স্ত্রীজনন কোষৰ মিলন হৈ এটা যোজন কোষৰ সৃষ্টি কৰে। এই যোজন কোষটোৰ পৰাই বংশবৃদ্ধি হয়। সাধাৰণতে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যৌন প্রজননৰ দ্বাৰা বংশবৃদ্ধি হয়। যৌন প্রজননত ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ আৰু এই ফুলপাহৰ বিভিন্ন অংশসমূহ প্রজনন কাৰ্যত ব্যৱহাৰ হয়।অযৌন প্রজনন-অযৌন প্রজননত ৰেণুৰদ্বাৰা বংশবৃদ্ধি হয়। অপুষ্পক উদ্ভিদৰ দেহৰ এটা বিশেষ অংগ থলী বা মোনালৈ ৰূপান্তৰ হয়। এই থলীৰ ভিতৰত কিছুমান এককৰ সৃষ্টি হয়। এই একক বিলাকক ৰেণু বোলা হয়। ৰেণু ধাৰণ কৰা থলীখনক ৰেণুস্থলী বা ৰেণুধানী বুলি কোৱা হয়। পূৰঠ হ’লে ৰেণুথলীখন ফাটি গৈ ৰেণুবোৰ সিঁচৰতি হয়। উপযুক্ত স্থানত ৰেণুবোৰ পৰিলে নতুন উদ্ভিদৰ সৃষ্টি হয়।
৭। এপাহ সম্পূৰ্ণ ফুল আংকি প্ৰজনন উংগসমূহ চিহ্নিত কৰা।
উত্তৰঃ

৮। পৰাগযোগ বুলিলে কি বুজা? ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃপৰাগধানীৰ পৰা পৰাগৰেণু আহি থিতাপি লোৱাকে পবাগ যোগ বোলে। যদি পৰাগৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বোলে। আনহাতে, যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক ইতৰ পৰাগযোগ কোৱা হয়।
৯। ফুলৰ নিষেচন প্ৰক্ৰিয়াটো চিত্ৰসহ বৰ্ণনা কৰা।
উত্তৰঃ:

পৰাগধানীৰ পৰা পৰাগৰেণুটো গৰ্ভমুণ্ডত পৰাৰ পিছত ই অংকুৰিত হৈ পৰাগনলীৰ সৃষ্টি কৰে। পৰাগনলীডাল গর্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গর্ভাশয়ৰ ডিম্বকক স্পৰ্শ কৰে। পৰাগনলীত থকা পুংজনন কোষটো ডিম্বকত থকা স্ত্রীজনন কোষৰ লগত লগ হৈ নিষেচন বা গর্ভধান কার্য সম্পাদন হয়।
১০। বীজৰ বিস্তাৰ কিয় হ’ব লাগে তাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃএজোপা গছৰ সকলো পূৰঠ বীজ তল সৰি যদি সেই ঠাইতে গজালি মেলে তেন্তে তাত সূৰ্যৰ পোহৰ, পানী, খনিজ লৱণ আৰু ঠাইৰ কাৰণে প্ৰৱল প্রতিযোগিতা হ’ব। ফলস্বৰূপে বীজবোৰৰ পৰা সুস্থ সবল উদ্ভিদ নগজিব বা গজালি মেলা পুলিবোৰ অলপ ডাঙৰ হ’লে খাদ্য, পানীৰ অভাৱত মৃত্যু মুখত পৰিব। ফলত উদ্ভিদজোপাৰ বংশ লোপ পাব।বীজৰ বিস্তাৰণৰ দ্বাৰা উদ্ভিদ উপকৃত হয় আৰু বিস্তাৰণে উদ্ভিদ আৰু নিজৰ পুলিবোৰৰ মাজত সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণৰ বাবে হ’ব লগা প্রতিযোগিতাত বাধা দিয়ে। নতুন নতুন আৱাসস্থলীত গজি উঠি উদ্ভিদবিধৰ বহুল বিস্তাৰণত সহায় কৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post