Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Social Science Chapter 10 Answer ভাৰতৰ কৃষি

ভাৰতৰ কৃষি

পাঠ-১০

১। ভাৰতৰ উল্লেখযোগ্য কৃষি পদ্ধতিসমূহ কি কি?উত্তৰঃ ভাৰতৰ উল্লেখযোগ্য় কৃষি পদ্ধতিসমূহ হৈছে -* ভূমিৰ ওপৰত নিৰ্ভৰ কৰি কৰা কৃষি পদ্ধতি।* ৰোপনৰ ওপৰত ভিত্তি কৰি কৰা কৃষি পদ্ধতি।* উৎপাদনৰ পৰিমান আৰু বজাৰৰ ভিত্তিত কৰা কৃষি।* বাণিজ্য়িক কৃষি পদ্ধতি।

২। গহন কৃষি কাক বোলে?উত্তৰঃ যিবোৰ ঠাইত জনসংখ্য়া বেছি কিন্তু মাটি কম, তেনে ঠাইত কৰা কৃষিকে গহন কৃষি বোলা হয়।

৩। ৰোপণ কৃষি মানে কি বুজা? ই কেইপ্ৰকাৰ?উত্তৰঃ ৰোফণৰ ওপৰত নিৰ্ভৰ কৰি কৰা কৃষিয়েই হৈছে ৰোপণ কৃষি। ই তিনি প্ৰকাৰৰ – এক শস্য় ৰোপণ কৃষি, দ্বি-শস্য় ৰোপণ কৃষি আৰু বহু শস্য় ৰোপণ কৃষি।

৪। স্থানান্তৰিত কৃষি কি?উত্তৰঃ পাহাৰীয়া অঞ্চলৰ লোকে হাবি আৰু জংঘল কাটি, জ্বলাই ঠাই উলিয়াই কৃষি কৰাৰ পিছত সেই ঠাইত তিনিবছৰ মান খেতি কৰাৰ পিছত মাটিটুকুৰাৰ উৰ্বৰতা কমি যোৱাত আন ঠাইত খেতি কৰিবলৈ লোৱা পদ্ধতিৰ কৃষিকেই স্থানান্তৰিত কৃষি বোলে।

৫। বাণিজ্যিক কৃষি মানে কি বুজা?উত্তৰঃ ব্য়ৱসায়ৰ উদ্দেশ্য়ৰে যি কৃষি কৰা হয়, সেই কৃষিয়ে হৈছে বাণিজ্য়িক কৃষি।

৬। মিশ্ৰ কৃষি মানে কি?উত্তৰঃ শস্য় উৎপাদনৰ লগে লগে গৰু, ম’হ, ছাগলী, হাঁহ, কুকুৰা আদি পালন আৰু ফল-মূল উপাদন কৰা পদ্ধতিক মিশ্ৰ কৃষি বোলা হয়।

৭। ধান খেতি হোৱা ভাৰতৰ পাঁচটা প্ৰধান অঞ্চলৰ নাম লিখা।উত্তৰঃ ধান খেতি হোৱা অসমৰ পাঁচটা প্ৰধান অঞ্চলৰ নাম হৈছে – কাশ্মীৰ, অসম, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ।

৮। ভাৰতৰ কোন কোন অঞ্চলৰ ঘেঁহুৰ উৎপাদন বেছি হয়?উত্তৰঃ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, বিহাৰৰ পশ্চিমবংগ, ৰাজস্থান, মধ্য়প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আদিত ঘেঁহুৰ খেতি বেছি হয়।

৯। কপাহ অধিক উৎপাদন হোৱা ভাৰতৰ তিনিখন ৰাজ্যৰ নাম লিখা।উত্তৰঃ কপাহ অধিক উৎপাদন হোৱা ভাৰতৰ তিনিখন ৰাজ্য়ৰ নাম হৈছে – মধ্য়প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডু।

১০। মৰাপাট হোৱা কেইখনমান ৰাজ্যৰ নাম লিখা।উত্তৰঃ মৰাপাট হোৱা কেইখন ৰাজ্য়ৰ নাম হৈছে – পশ্চিমবংগ, অসম, বিহাৰ, ওড়িশা, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ আদি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects