Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Social Science Chapter 12 Answer গুপ্ত সাম্ৰাজ্যৰ উত্থান

গুপ্ত সাম্ৰাজ্যৰ উত্থান

পাঠ ১২

১। উত্তৰ লিখা ?(ক) সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কোনে প্রস্তুত কৰিছিল? উত্তৰঃ সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কবি হৰিসেনে প্রস্তুত কৰিছিল।
(খ) সমুদ্রগুপ্তই দাক্ষিণাত্যত কেইজন ৰজাক পৰাস্ত কৰিছিল?উত্তৰঃ সমুদ্রগুপ্তই দাক্ষিণাত্যত ১২ জন ৰজাক পৰাস্ত কৰিছিল।
(গ) ফা-হিয়ানে ভাৰতবর্ষ ভ্ৰমণ কৰাৰ সময়য়ত গুপ্ত বংশৰ ৰজা কোন আছিল?উত্তৰঃ ফা-হিয়ানে ভাৰতবর্ষ ভ্ৰমণ কৰাৰ সময়য়ত গুপ্ত বংশৰ ৰজা ৰামগুপ্ত আছিল।
(ঘ) ‘মুদ্রাৰাক্ষস’ নাটকখন কোনে ৰচনা কৰিছিল?উত্তৰঃ ‘মুদ্রাৰাক্ষস’ নাটকখন বিশাখা দত্তই ৰচনা কৰিছিল।
(ঙ) ‘পঞ্চতন্ত্র’ নামৰ বিখ্যাত সাধুকথাৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰঃ ‘পঞ্চতন্ত্র’ নামৰ বিখ্যাত সাধুকথাৰ পুথিখন বিষ্ণু শৰ্মা নামৰ এজন লোকে ৰচনা কৰিছিল।
(চ) কালিদাসে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।উত্তৰঃ কালিদাসে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হৈছে 一 অভিজ্ঞানমশকুন্তলম আৰু মেঘদূত।
( ছ ) শূন্য (০) ৰ ধৰ্ম আৰু ব্যৱহাৰৰ নিয়মসমূহ প্রথম কোনে বিশ্বক পৰিচয় কৰাই দিছিল?উত্তৰঃ শূন্য (০) ৰ ধৰ্ম আৰু ব্যৱহাৰৰ নিয়মসমূহ প্রথম ব্ৰহ্মগুপ্তই বিশ্বক পৰিচয় কৰাই দিছিল।
২। চমু টোকা লিখাঃ(ক) প্রথম চন্দ্রগুপ্তঃ প্ৰথম চন্দ্ৰগুপ্তই ৩২০ খ্ৰীঃত গুপ্ত সাম্ৰাজ্য়ৰ সিংহাসনত উঠে। তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ পৰা বুজা যায় যে তেওঁ এজন শক্তিশালী ৰজা আছিল। প্রথম চন্দ্রগুপ্তই সোণৰ মোহৰ মৰাইছিল। এই মোহৰৰ এপিঠিত তেওঁ আৰু তেওঁৰ ৰাণী কুমাৰাদেৱীৰ নাম আৰু আনটো পিঠিত সিংহৰ ওপৰত উপৱিষ্ট দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি অংকন কৰাইছিল। প্রথম চন্দ্রগুপ্তই গুপ্ত চন এটি প্রচলন কৰিছিল বুলি ঐতিহাসিকসকলে ক’ব খোজে আৰু এই গুপ্ত চনটো ২৬ ফেব্ৰুৱাৰী ৩২০ খ্ৰীঃত আৰম্ভ হোৱা বুলি জনা যায়।
(খ) সমুদ্রগুপ্তঃ প্ৰথম চন্দ্ৰগুপ্তৰ পাছত তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্ত সিংহাসনত উঠে। তেওঁ আছিল এজন বিখ্য়াত যোদ্ধা, ৰাজ্য় বিজেতা আৰু আৰু সুশাসক।
(গ) কালিদাসঃ কালিদাস আছিল এই যুগৰ আটাইতকৈ প্রখ্যাত কবি আৰু নাট্যকাৰ৷ তেওঁ ৰচনা কৰা ‘অভিজ্ঞানশকুন্তলম্‌’ এখন বিশ্ববিখ্যাত গ্রন্থ। ইয়াৰ উপৰি তেওঁ ‘মেঘদূত’, ‘ঋতুসংহাৰ’, ‘ৰঘুবংশ’, ‘কুমাৰসম্ভৱ’, ‘মালবিকাগ্নিমিত্র’ আদি কেইবাখনো কাব্যপুথি ৰচনা কৰি গুপ্ত যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।
(ঘ) গুপ্ত যুগৰ স্থাপত্য আৰু ভাস্কর্যঃ গুপ্ত যুগত স্থাপত্য আৰু ভাস্কৰ্যৰ যথেষ্ট উন্নতি হৈছিল । সেই যুগৰ ভাস্কর্য শিল্পীসকলে বিষ্ণু , শিৱ , দুর্গা , গংগা , যমুনা , কার্তিক আদি দেৱ – দেৱীৰ মূর্তি নির্মাণ কৰি উলিয়াইছিল । স্থাপত্যবিদসকলে পােৰা ইটাৰে বহুতাে মন্দিৰ নিৰ্মাণ কৰিছিল । মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলােৰাত থকা গুহাসমূহত ভাস্কর্য আৰু স্থাপত্য কলাৰ নিদর্শন পােৱা যায় । অজন্তা আৰু ইলােৰাৰ গুহাচিত্রসমূহে প্রমাণ কৰে যে চিত্রাংকন কলাৰ ক্ষেত্ৰত গুপ্ত যুগ বহুখিনি আগবঢ়া আছিল। শােণিতপুৰ জিলাৰ তেজপুৰৰ – পৰ্বতীয়া নামৰ ঠাইত গুপ্তযুগৰ স্থাপত্য ভাস্কর্য নিদর্শন পােৱা যায়।দ – পৰ্বতীয়াৰ এটা মন্দিৰৰ শিলৰ দ্বাৰত গংগা – যমুনাৰ ভাস্কর্য দেখা পােৱা যায় । 
(ঙ) দ্বিতীয় চন্দ্রগুপ্ত বা বিক্রমাদিত্যঃ সমুদ্রগুপ্তৰ পাছত ৰামগুপ্ত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল বুলি জনা যায়। কিন্তু তেওঁ অতি দুৰ্বল ৰজা আছিল আৰু শকসকলৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছিল। তেওঁক হত্যা কৰি দ্বিতীয় চন্দ্রগুপ্ত ৩৮০ খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয়। দ্বিতীয় চন্দ্রগুপ্তক বিক্রমাদিত্য নামেৰেও জনা যায়। দ্বিতীয় চন্দ্রগুপ্ত এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুশাসক আছিল। তেওঁ শকসকলৰ বিৰুদ্ধে সামৰি অভিযান চলাই শকসকলক সম্পূৰ্ণ পৰাস্ত কৰে আৰু শকসকলৰ অধীনত থকা বেক্‌ট্রিয়াও আক্রমণ কি অধিকাৰ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত গুপ্ত সাম্রাজ্য উন্নতিৰ উচ্চ শিখৰ পাইছিল। এইজন ৰজাৰ ৰাজত্বকালতে চীনা পৰিব্রাজক ফা হিয়েনে ভাৰতবৰ্ষ ভ্রমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে এটি টোকা লিখি থৈ যায়।(চ) নৱৰত্নঃ  গুপ্ত যুগক ভাৰতীয় সভ্যতা , সংস্কৃতিৰ এক উৎকর্ষ সাধনৰ যুগ বুলিব পাৰি। এইটো যুগত শিক্ষা , সাহিত্য , সংস্কৃতি , শিল্পকলা , জ্যোতিষ , জ্যোতির্বিদ্যা , অংকশাস্ত্র , চিকিৎসা শাস্ত্র ইত্যাদি বিভিন্ন ক্ষেত্ৰত পিৰদৰ্শী লােকে বৰ সমাদৰ পাইছিল । বেলেগ বেলেগ দিশত খ্যাতি অর্জন কৰা তেনেকুৱা ৯ জন লােকে দ্বিতীয় চন্দ্রগুপ্ত বা বিক্রমাদিত্যৰ ৰাজসভা শুৱনি কৰিছিল । এই ৯ গৰাকী লােকক একেলগে ‘ নৱৰত্ন ’ বুলি কোৱা হৈছিল । তেওঁলােক আছিল কালিদাস , বেতালভট্ট , বৰাহমিহিৰ , বৰৰুচি , অমৰ সিনহা , ধন্বন্তৰী , ক্ষপণক , শংকু আৰু ঘটকৰ্পৰ । এই নৱৰত্নৰ ভিতৰত কালিদাসৰ খ্যাতি আছিল সর্বাধিক । 

৩। খালী ঠাই পূৰণ কৰাঃ
(ক) প্রথম চন্দ্রগুপ্তই সোণৰ মােহৰ মৰাইছিল।
(খ) হৰিসেন আছিল সমুদ্রগুপ্তৰ ৰাজসভাৰ এজন প্ৰখ্য়াত কবি
(গ)সমুদ্রগুপ্তই প্রচলন কৰা কোনাে কোনাে মুদ্ৰাত তেওঁক বীণাবাদক হিচাপে অংকিত কৰা হৈছিল । 
(ঘ) দ্বিতীয় চন্দ্রগুপ্তক বিক্ৰমাদিত্য় নামেৰেও জনা যায়। 
(ঙ) স্কন্দগুপ্তৰ ৰাজত্বকালত হুনবিলাকে ভাৰতবর্ষ আক্রমণ কৰে। 
(চ) ‘অভিজ্ঞানশকুন্তলম’ কালিদাসে ৰচনা কৰিছিল । 

৪। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ(ক) সমুদ্রগুপ্ত গুপ্ত বংশৰ প্ৰথম ৰজা।উত্তৰঃ অশুদ্ধ।
(খ) গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি কোৱা হয়।উত্তৰঃ শুদ্ধ।
(গ) সমুদ্রগুপ্তই বৌদ্ধ ধর্ম গ্রহণ কৰিছিল।উত্তৰঃ অশুদ্ধ।
(ঘ) গুপ্ত যুগত সংস্কৃত ভাষাই ৰাজকীয় পৃষ্ঠপােষকতা লাভ কৰিছিল।ত্তৰঃ শুদ্ধ।
(ঙ) বৰাহমিহিৰে ‘ৰঘুবংশ’ ৰচনা কৰিছিল।উত্তৰঃ অশুদ্ধ।

৫৷ তলত দিয়া প্রশ্নকেইটাৰ চমু উত্তৰ লিখাঃ

( ক ) প্রথম চন্দ্রগুপ্তই _____ মােহৰ মৰাইছিল । 
উত্তৰঃ প্রথম চন্দ্রগুপ্তই সােণৰ মােহৰ মৰাইছিল ।

( খ ) হৰিসেন আছিল সমুদ্রগুপ্তৰ ৰাজসভাৰ এজন ____।
উত্তৰঃ হৰিসেন আছিল সমুদ্রগুপ্তৰ ৰজাসভাৰ এজন কবি । 

( গ ) সমুদ্রগুপ্তই প্রচলন কৰা কোনাে কোনাে মুদ্ৰাত তেওঁক ____হিচাপে অংকিত কৰা হৈছিল । উত্তৰঃ সমুদ্রগুপ্তই প্রচলন কৰা কোনাে কোনাে মুদ্ৰাত তেওঁক বীণাবাদক হিচাপে অংকিত কৰা হৈছিল । 

( ঘ ) দ্বিতীয় চন্দ্রগুপ্তক _____ নামেৰেও জনা যায় । 
উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তক বিক্রমাদিত্য নামেৰেও জনা যায় ।

( ঙ ) স্কন্দগুপ্তৰ ৰাজত্বকালত ______ ভাৰতবর্ষ আক্রমণ কৰে । 
উত্তৰঃ স্কন্দগুপ্তৰ ৰাজত্বকালত হুনবিলাকে ভাৰতবর্ষ আক্রমণ কৰে ৷ 

( চ ) ‘ অভিজ্ঞান শকুন্তলম্’ _____ ৰচনা কৰিছিল । 
উত্তৰঃ ‘ অভিজ্ঞান শকুন্তলম্ ‘ কালিদাসে ৰচনা কৰিছিল ।

৬। তলত দিয়া প্রশ্নকেইটাৰ চমু উত্তৰ লিখা— 

( ক ) সমুদ্রগুপ্তৰ সামৰিক অভিযান । 

উত্তৰঃ সমুদ্রগুপ্তই গুপ্ত সাম্রাজ্যৰ ৰাজ সিংহাসনত বহিয়েই ৰাজ্য বহলােৱাৰ উদ্দেশ্যে সামৰিক অভিযান চলােৱাৰ পৰিকল্পনা কৰিছিল । প্রথমে তেওঁ আযাৱৰ্তৰ ৯ জন ৰজাক সমূলে ঘটুৱাই . তেওঁলােকৰ ৰাজ্য নিজ ৰাজ্যৰ লগত চামিল কৰিছিল । এই অভিযানৰ পাছত তেওঁ মধ্য ভাৰতৰ অৰণ্য অঞ্চলত অৱস্থিত ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাই কৃতকার্য হৈছিল । ইয়াৰ পাছত সমুদ্রগুপ্তই দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাইছিল । সমুদ্রগুপ্তই দাক্ষিণাত্যৰ মুঠ ১২ জন ৰজাক পৰাস্ত কৰিছিল বুলি জনা যায় । সমুদ্রগুপ্তৰ সামৰিক বিজয়ে সীমান্তৱৰ্তী ৰজাসকলক শংকিত কৰিছিল আৰু কামৰূপৰ ৰজাকে ধৰি কেইজনমান ৰজাই বিনাযুদ্ধে সমুদ্র গুপ্তৰ বশ্যতা , স্বীকাৰ কৰিছিল । ৰাজ্য বিজয়ৰ চিনস্বৰূপে সমুদ্রগুপ্তই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আৰু এই অনুষ্ঠানৰ পাছতেই তেওঁ সােণৰ মুদ্ৰা মৰাইছিল ।

( খ ) দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকাল । 

উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তই ৩৮০ খ্রীঃত গুপ্ত বংশৰ ৰজা হয় । তেওঁক বিক্রমাদিত্য নামেৰেও জনা যায় । দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালতে গুপ্ত সাম্রাজ্যই উন্নতিৰ উচ্চ শিখৰ পাইছিল । দ্বিতীয় চন্দ্রগুপ্ত এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুপ্রশাসক আছিল । তেওঁ শকসকলৰ বিৰুদ্ধে সামৰিক অভিযান চলাই শকসকলক সম্পূর্ণ পৰাস্ত কৰে আৰু শকসকলৰ অধীনত থকা বেকট্রিয়াও আক্রমণ কৰি অধিকাৰ কৰে । দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালতে চীনা পৰিব্রাজক ফা হিয়েনে ভাৰতবর্ষ ভ্ৰমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে এটি টোকা লিখি থৈ যায় । দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালত দেশখন – শিক্ষা , সাহিত্য , সংস্কৃতি , শিল্পকলা আদি কৰি বিভিন্ন দিশত বহুদূৰ আগবাঢ়ি গৈছিল । বেলেগ বেলেগ  দিশত খ্যাতি থকা ৯ জন লােকে , যিসকলক একেলগে ‘ নৱৰত্ন ’ বুলি কোৱা হৈছিল , দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালতে ৰাজসভাত স্থান পাইছিল। ওপৰােক্ত কথাবােৰ বিবেচনা কৰি দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকাল গুপ্ত বংশ তথা ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এক সােণালী ইতিহাস বুলি ক’ব পৰা যায়। 

( গ ) গুপ্ত যুগক কিয় ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি আখ্যা দিয়া হয় ? 

উত্তৰঃ গুপ্ত বংশৰ ৰজা প্রথম চন্দ্রগুপ্তৰ ৰাজত্বকালৰ পৰা স্কন্দগুপ্তৰ ৰাজত্বকাললৈকে এই কেইজন ৰজাৰ দিনত বিভিন্ন দিশত বহুখিনি উন্নতি পৰিলক্ষিত হৈছিল । বিশেষকৈ সমুদ্রগুপ্ত আৰু দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালত ভাৰতীয় অর্থনীতি , সাহিত্য সংস্কৃতি – ভাষা , শিল্পকলা , ধর্মীয় অৱস্থাৰ উন্নতি পৰিলক্ষিত হয় । গুপ্ত ৰজাসকলে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰিছিল । গুপ্ত সাম্ৰাজ্যখনক প্রদেশ , জিলা আদি ভাগত ভাগ কৰি লৈ প্রত্যেক বিভাগৰে দায়িত্ব ভিন্ ভিন্ মন্ত্রী বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছিল । সকলােতকৈ ওপৰত আছিল ৰজা । প্রত্যেকেই নিজৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰাৰ ফলত দেশৰ শান্তি শৃংখলা অটুট আছিল । দেশত শান্তি বিৰাজ কৰা কাৰণে বিভিন্ন ক্ষেত্ৰত উন্নতি হৈছিল । কৃষি , শিল্প , বাণিজ্যৰ প্ৰসাৰ ঘটিছিল । গুপ্ত যুগত নালন্দা , সাৰনাথ , উজ্জয়িনী , অজন্তা , তক্ষশীলা আদি ঠাই শিক্ষা – সংস্কৃতিৰ কেন্দ্রস্থল হৈ পৰিছিল । হিন্দু ধর্ম আৰু সংস্কৃত ভাষাই ৰাজকীয় পৃষ্ঠপােষকতা লাভ কৰিছিল । মহাকবি কালিদাসে তিনিখন নাটক আৰু চাৰিখন কাব্যগ্রন্থ লিখি সংস্কৃত তথা ভাৰতীয় সাহিত্যক টনকিয়াল কৰিছিল । বিশাখাদত্তৰ ‘ মুদ্রাক্ষস ’ , বিষ্ণু শৰ্মাৰ ‘পঞ্চতন্ত্র ’ , ভাসৰ নাটকসমূহ এই গুপ্ত যুগতে ৰচনা কৰা । ইয়াৰ উপৰিও আর্যভট্ট , ব্রহ্মগুপ্ত , বৰাহমিহিৰ , ধন্বন্তৰী , চৰককে আদি কৰি বেলেগ বেলেগ দিশত খ্যাতি অর্জন কৰা বিভিন্ন লােকে এই গুপ্ত যুগতে জ্যোতিষ , জ্যোতির্বিদ্যা , অর্থনীতি , গণিত , চিকিৎসা , শিল্পকলা আদি ক্ষেত্রলৈ প্রভূত বৰঙণি যােগাইছিল ৷ এইবােৰ কাৰণতে গুপ্তযুগক ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয় । 

( ঘ ) ফা – হিয়েনৰ ভাৰত সম্পৰ্কীয় টোকা । 

উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালত চীনা পৰিব্রাজক ফা – হিয়ানে ভাৰত ভ্রমণলৈ আহি ১২ বছৰ থাকি ভাৰত সম্পর্কে এটি টোকা লিখি থৈ যায় । ফা – হিয়ানে টোকাত উল্লেখ কৰা মতে ভাৰতৰ মানুহে শান্তিৰে বাস কৰিছিল । দেশত চুৰি – ডকাইতি তেনেকৈ হােৱা নাছিল । অপৰাধীৰ সংখ্যা অতি কম আছিল আৰু যদি কেতিয়াবা অপৰাধী ধৰা পৰে তেন্তে তেওঁক শান্তি দিয়া হৈছিল । অৱশ্যে শাস্তিৰ বিধান বৰ কঠোৰ নাছিল ৷ ফা – হিয়ানৰ টোকা মতে গুপ্ত ৰজাসকলে বৰ দক্ষতাৰে শাসন কৰিছিল।আৰু সেয়ে অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আদি দিশত দেশে উন্নতি লাভ কৰিছিল । মানুহবিলাক নিৰামিষভােজী আছিল । তেওঁলােকে অহিংসানীতিৰ ওপৰত বিশ্বাস কৰিছিল আৰু সেয়ে হয়তাে জীৱ – জন্তু বধ কৰা নাছিল । দেশত হিন্দু ধর্ম প্রাধান্য হলেও বৌদ্ধ ধর্মাৱলম্বী লােককো সমানে সন্মান জনােৱা হৈছিল আৰু বৌদ্ধ ধর্ম প্রচলনত বাধা আৰােপ কৰা নাছিল । ফা – হিয়ানে পাটলিপুত্ৰ নগৰখন অতি সুন্দৰকৈ সজাই পৰাই তােলা বুলি বর্ণনা কৰিছে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects