গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব
পাঠ – ১৭
অনুশীলনী
১। দুটা বাক্যত উত্তৰ লিখা-
ক) গণতন্ত্র কেইপ্রকাৰৰ ? প্ৰতিটো প্ৰকাৰৰে একোটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ গণতন্ত্ৰ দুই প্ৰকাৰৰ। সেইকেইটা হ’ল প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰ।
খ) আগৰ কালত প্রত্যক্ষ গণতন্ত্র ক’ত আছিল আৰু সেয়া কিয় সম্ভৱ হৈছিল ?
উত্তৰঃ এথেন্সকে ধৰি গ্ৰীচৰ সৰু সৰু নগৰ ৰাষ্ট্ৰবােৰত প্রত্যক্ষ গণতন্ত্র আছিল । নগৰ ৰাষ্ট্ৰবােৰৰ আয়তন আৰু জনসংখ্যা নিচেই কম আছিল বাবে সেয়া সম্ভৱ হৈছিল ।
গ) জনমত মানে কি বুজা আৰু জনমত গঠনত কিহে সহায় কৰে ?
উত্তৰঃ জনমত হৈছে জনকল্যাণৰ হকে নাগৰিকৰ সমূহীয়া মত। জনমত গঠন কৰাত সহায় কৰে ৰাজনৈতিক দল, শিক্ষানুষ্ঠান, প্ৰচাৰ মাধ্যম, চলচ্চিত্ৰ, সাংস্কৃতিক অনুষ্ঠান আদিয়ে।
ঘ) গণতন্ত্ৰত ৰাজনৈতিক দল কিয় লাগে ? দুটা ভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ নাগৰিকসকলক সংগঠিত কৰা , ৰাজনৈতিক শিক্ষা দান কৰা ,সচেতন কৰা , আৰু জনমত গঠনত সহায় কৰাৰ বাবে গণতন্ত্রত ৰাজনৈতিক দল লাগে
দুটা ভাৰতীয় ৰাজনৈতিক দল হৈছে —
1.ভাৰতীয় জনতা দল ।
2.ভাৰতীয় জাতীয় কংগ্ৰেছ দল ।
ঙ) পৰােক্ষ গণতন্ত্রত নাগৰিকে কেনেকৈ অংশগ্রহণ কৰে ?
উত্তৰঃনির্বাচনত ভােট প্রদান কৰি নাগৰিকে প্রতিনিধি নির্বাচন কৰে আৰু সেই নির্বাচিত প্রতিনিধিয়ে নাগৰিকৰ হৈ শাসন কৰে । অৰ্থাত পৰােক্ষ গণতন্ত্রত নাগৰিকে নির্বাচনৰ মাধ্যমেৰে অংশ গ্রহণ কৰে ।
২। ৩ টা বা ৪টা বাক্যত উত্তৰ দিয়া-
ক) নাগৰিক আৰু ভােটদাতাৰ মাজত পাথক্য কি ?
উত্তৰঃ এজন লােকে জন্ম হােৱাৰ লগে লগে জন্মসূত্রে , দেশীয়কৰণৰ দ্বাৰা বা ৰাজ্যক্ষেত্র চামিলকৰণৰ সূত্রে এখন দেশৰ নাগৰিক হ’ব পাৰে , কিন্তু জন্মাৰ লগে লগে ভােটদানৰ অধিকাৰ নাপায় । ভােটদাতা হ’বলৈ এটা নির্দিষ্ট বয়স হােৱা দৰকাৰ । ভাৰতবৰ্ষত এই বয়স ১৮ বছৰ আৰু ইয়াক প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয়।আকৌ ,সকলাে নাগৰিকেই ভােটদাতা নহয় কিন্তু ভােটদাতা হ’বলৈ নাগৰিক হ’বই লাগিব ।
খ) নাগৰিকসকল কেনেকুৱা হ’ব লাগে ?
উত্তৰঃ নাগৰিকসকল শিক্ষিত হােৱাটো অতি দৰকাৰ । তদুপৰি নাগৰিকসকল সজ , সাহসী আৰু সহনশীল হ’ব লাগে । নাগৰিকসকলৰ নিজৰ অধিকাৰ আৰু কৰ্তব্য , চৰকাৰৰ দায়িত্ব আৰু ক্ষমতাৰ সীমা , জনস্বার্থ , জনকল্যাণ আদিৰ বিষয়ে জ্ঞান থকাটো দৰকাৰ ।
গ) কোন দেশত এতিয়াও প্রত্যক্ষ গণতন্ত্ৰ আছে ?
উত্তৰঃ ছুইজাৰলেণ্ডত এতিয়াও প্রত্যক্ষ গণতন্ত্র আছে ।
ঘ) ভাৰতীয় নাগৰিকত্ব আইন কোন চনত প্রণয়ন কৰা হয় ?
উত্তৰঃ ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ চনত প্রণয়ন কৰা হয় ।
ঙ) ছিকিমৰ বাসিন্দাসকল ক’ৰ নাগৰিক ?
উত্তৰঃ ছিকিমৰ বাসিন্দাসকল ভাৰতৰ নাগৰিক ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post