নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া
পাঠ – ১৮
অনুশীলনী
১। দুটা বাক্যত উত্তৰ লিখা-
ক) নিৰ্বাচন কি ?উত্তৰঃ নিৰ্বাচন হ’ল গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া।
খ) নিৰ্বাচন কোনে পৰিচালনা কৰে ?উত্তৰঃ নিৰ্বাচন এটা নিৰ্বাচন আয়োগে পৰিচালনা কৰে।
গ) ভাৰতবৰ্ষত কি পদ্ধতিৰে নিৰ্বাচন পতা হয় ?
উত্তৰঃভাৰতবৰ্ষত দুটা পদ্ধতিৰে নির্বাচন পতা হয়— প্রত্যক্ষ আৰু পৰােক্ষ ।
ঘ) লোকসভাৰ সদস্যসকলক কোনে কেনেকৈ নিৰ্বাচন কৰে ?উত্তৰঃ লােকসভাৰ সদস্যসকলক ভােটদাতাসকলে প্রত্যক্ষভাৱে বা পােনপটীয়াকৈ নির্বাচন কৰে । এই নির্বাচনত সদস্যসকলক ৫ বছৰৰ বাবে নির্বাচিত কৰা হয় ।
ঙ) প্ৰতীক চিহ্নৰে সৈতে ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দল হৈছে —
১.ভাৰতীয় জনতা দল । ভাৰতীয় জনতা দলৰ প্রতীক চিহ্ন‘ পদুম ফুল ’
২. ভাৰতীয় জাতীয় কংগ্রেছ । ভাৰতীয় জাতীয় কংগ্রেছৰ প্রতীক চিহ্ন হৈছে ‘ হাত ‘ ।
২। ৩ টা বা ৪ টা বাক্যত উত্তৰ দিয়া-
ক) নির্বাচন আয়ােগৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ‘ নির্বাচন আয়ােগ ’ হৈছে আমাৰ দেশৰ নির্বাচন পৰিচালনা কৰা এটা বিশেষ বিভাগ । ইয়াৰ মুৰব্ৰীজনক ‘ মুখ্য নির্বাচন আয়ুক্ত ’ বােলা হয় । তেওঁক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে ।
খ) প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ পার্থক্য কি ?
উত্তৰঃ প্রত্যক্ষ নির্বাচনত ভােটদাতাসকলে প্রত্যক্ষভাবে বা পােনপটীয়াকৈ ভােটদান কৰি প্রতিনিধি নির্বাচন কৰে ৷ পৰােক্ষ নির্বাচনত ভােটদাতাসকলে প্রত্যক্ষভাবে বা পেপানপটীয়াকৈ অংশগ্রহণ কৰিব বা ভােট দিব নােৱাৰে । পৰােক্ষ নির্বাচনত ভােটদাতাসকলে ইতিমধ্যে প্রত্যক্ষ নির্বাচনৰ দ্বাৰা নির্বাচিত কৰি পঠিওৱা প্রতিনিধিসকলেহে অংশগ্রহণ কৰে । লােকসভা , বিধান সভা আৰু স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠান নির্বাচন প্রত্যক্ষ ; আনহাতে , ৰাজ্যসভা , ৰাজ্য বিধান পৰিষদ , ৰাষ্ট্রপতি , উপ – ৰাষ্ট্রপতি নির্বাচন পৰােক্ষ ।
গ) ৰাজনৈতিক দল বুলিলে কি বুজা ?
উত্তৰঃ ৰাজনৈতিক দল হ’ল একে ৰাজনৈতিক ভাবাদৰ্শৰ কিছুমান সচেতন ব্যক্তিৰ গােট বা সংগঠন । একে ৰাজনৈতিক ভাবাদর্শৰ ব্যক্তিৰ এনেকুৱা গােট বা সংগঠন এটাই ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত হ’বলৈ এটা নাম লৈ নির্বাচন আয়ােগৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগে । প্ৰতিটো ৰাজনৈতিক দলৰে এটা নামৰ উপৰি এটা প্রতীক চিহ্ন থাকে । প্রতীক চিহ্নটো নির্বাচন আয়ােগৰ দ্বাৰা অনুমােদিত হ’ব লাগিব ।
ঘ) বিৰােধী দলৰ ভূমিকা কি ?
উত্তৰঃগণতন্ত্রৰ কৃতকার্যতাৰ বাবে বিৰােধী দলে বিশেষ ভূমিকা গ্রহণ কৰিব লাগে । বিৰােধী দলৰ কাম হ’ল চৰকাৰৰ ভুল – ভ্রান্তিবােৰ আঙুলিয়াই দিয়া , গঠনমূলক পৰামৰ্শ আগবঢ়াই চৰকাৰৰ আঁচনি কার্যকৰীকৰণত সহযােগিতা কৰা , চৰকাৰ দ্বাৰা ক্ষমতাৰ অপপ্রয়ােগ , কর্তব্যৰ গাফিলতি , দুর্নীতি আদিৰ সমালােচনা কৰা । বিৰােধী পক্ষ সচেতন আৰু শক্তিশালী হলে শাসক দলেও সংযমী হৈ নিষ্ঠাৰে কাম কৰিবলৈ বাধ্য হয়। এক কথাত ক’বলৈ গ’লে বিৰােধীদল চৰকাৰ এখনৰ নিয়ন্ত্রক ।
ঙ) ৰাষ্ট্রপতিক কোনে কেনেকৈ নির্বাচন কৰে ?উত্তৰঃ ৰাষ্ট্রপতি নির্বাচন পৰোক্ষ । ইয়াত ভােটদাতাসকলে ইতিমধ্যে নির্বাচন কৰি পঠিওৱা প্রতিনিধি সকলেহে অংশগ্রহণ কৰে । ৰাষ্ট্রপতিৰ নির্বাচনত সংসদৰ দুয়ােটা সদন ( লােকসভা আৰু ৰাজ্যসভা ) ৰ নির্বাচিত সদস্যসকলৰ লগতে ৰাজ্যিক বিধানসভাৰ সদস্যসকলেও অংশ গ্রহণ কৰে । ৰাষ্ট্রপতিক পাঁচ বছৰীয়া কাৰ্যকাল এটিৰ বাবে নির্বাচন কৰা হয় ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post