Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Social Science Chapter 5 Answer সম্পদ

সম্পদ

পাঠ-৫

১। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিকোনো দ্ৰব্য় বা পদাৰ্থ যেতিয়া ব্য়ৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে সাধাৰণ অৰ্থত সম্পদ বোলা হয়।

২। সম্পদৰ  প্ৰধান ভাগকেইটা কি কি?

উত্তৰঃ সম্পদৰ প্ৰধান প্ৰকাৰ তিনিটা হৈছে – প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট বা কৰ্ষিত সম্পদ।

৩। মানৱক কিয় সম্পদ বোলা হয়?

উত্তৰঃ মানুহে প্ৰকৃতিৰ সকলো সম্পদকে নিজৰ জ্ঞান-বুদ্ধি আৰু কৰ্মৰ দ্বাৰা ব্য়ৱহাৰৰ উপযোগী কৰি তুলিব পাৰে। সেয়েহে মানৱক সম্পদ বোলা হয়।

৪। প্ৰাকৃতিক সম্পদসমূহৰ বৰ্ণনা দিয়া।

উত্তৰঃ প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি, পানী, বায়ু, খনিজ পদাৰ্থ, উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। 

৫। অসমৰ হাবিত চাহগছ আৱিস্কাৰ কেতিয়া হৈছিল? কোনে কৰিছিল?

উত্তৰঃ অসমৰ হাবিত চাহগছ আৱিস্কাৰ ১৮২৩ চনত হৈছিল। ৰবাৰ্ট ব্ৰুছ নামৰ ইংৰাজ লোক এজনে এই আৱিষ্কাৰ কৰিছিল।

৬। মানৱসৃষ্ট সম্পদ কোনবোৰ?

উত্তৰঃ মানুহে নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মৰ দ্বাৰা তথা বিজ্ঞান প্ৰযুক্তিৰ বিকাশেৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা সম্পদসমূহেই হ’লমানৱসৃষ্ট সম্পদ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects