SVN Class 8 Assamese Chapter 1 Answer বৰগীত পাঠটোৰ উত্তৰ

বৰগীত

Lesson: 1

শব্দ-টোকাঃ

বায় = বজায়।

ভুলে = ভোল যায়।

ৰহিয়া = ৰৈ।

গণ্ড = গণ্ডা, গলত থকা ৰেখা।

মধুপ = ভোমোৰা

ত্ৰিভং = ডিঙি, কঁকাল, আঠু বেকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ

ভাস = প্ৰকাশ

দৰশিয়া = দেখুৱাই।

মঞ্জীৰ = ভৰিৰ অলংকাৰ, নুপুৰ।

উচ্চায়া = ওখ বা ডাঙৰ, ওপৰলৈ তুলি বা ধৰি।

পঞ্চম = পঞ্চম স্বৰ।

বেত্ৰ = বেত।

ধ্ৰুং = বৰগীতৰ ধ্ৰুৱ পদ বা স্থায়ী অংশক বুজাবলৈ ‘ধ্ৰুং’ ব্যৱহাৰ হয়।

কাঞ্চি = ককাঁলত পিন্ধা কেইবাগছীয়া হাৰ।

ভ্ৰূৱ = চেলাউৰি।

কালিন্দী = কীলিন্দ পৰ্বতৰ পৰা ওলোৱা যমুনা নৈ।

তীৰে = নেৰ পাৰ।

পৰকাশ = প্ৰকাশ

তনু = শৰীৰ, দেহ।

কেয়ুৰ = বাহুৰ অলংকাৰ, বাজু।

ক্ৰিয়া-কলাপঃ

১। চমু উত্তৰ দিয়া।

(ক) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ বৰগীতটি শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা।

(খ) বৰগীতটি কি ৰাগত উল্লেখ আছে?

উত্তৰঃ বৰগীতটি আশোৱাৰী ৰাগত উল্লেখ আছে।

(গ) কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে?

উত্তৰঃ কালিন্দী নদীৰ তীৰত শ্ৰীকৃষ্ণই ধেনু চৰাইছে।

(ঘ) গােপ শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে?

উত্তৰঃ গােপ শিশুসকলে শ্ৰীকৃষ্ণৰ সৈতে আনন্দ কৰিছে।

(ঙ) কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত কিহে শােভা বঢ়াইছে?

উত্তৰঃ কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত বেশভূষা আৰু পীত বস্ত্ৰই শােভা বঢ়াইছে।

(চ) শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ কি?

উত্তৰঃ শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ কীৰ্ত্তন ঘোষা।

২। বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটোৰ চমু বর্ণনা দিয়া।

উত্তৰঃ বৃন্দাবনত গোপবিলকৰ সৈতে কৃষ্ণই গৰু চৰাইছিল। তেওঁলোকে নানা লীলা-খেলা কৰিছে। কৃষ্ণ উপস্থিতিত বৃন্দাবনত এক আনন্দ মূখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰে সকলোকে মোহিত কৰি তুলিছে। যমুনা নৈৰ পাৰত এক আনন্দৰ উৎসৱ চলিছে।

৩। শ্রীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য পাঠৰ আধাৰত বর্ণনা কৰা।

উত্তৰঃ শ্ৰীকৃষ্ণৰ শৰীৰটো হ’ল শ্যাম বৰণীয়া। সেই শৰীৰত তেওঁ নানা বেশভূষা আৰু পীত বস্ত্ৰ পৰিধান কৰিছে। যিয়ে তেওঁক এক অপৰূপ সৌন্দৰ্য দান কৰিছে।

৪। “ত্রিভঙ্গ ললিত হাস”-মানে কি?

উত্তৰঃ “ত্রিভঙ্গ ললিত হাস”-মানে হ’ল আঠুঁ বেকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ।

৫। ‘গণ্ড’ আৰু পঙ্কজ’ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ ‘গণ্ড’ শব্দৰ অৰ্থ গলত থকা ৰেখা আৰু পঙ্কজ’ শব্দৰ অৰ্থ কমল।

৬। বৰগীত কাক বােলে? ইয়াৰ তিনিটা লক্ষণ লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয়।

  ইয়াৰ তিনিটা লক্ষণ হ’ল –

(১) বৰগীতৰ মূল ভাষা ব্ৰজাৱলী।

(২) শাস্ত্ৰীয় ৰাগ আৰু আধ্যাত্মিক ভাবৰ প্ৰাধান্য।

(৩) বাৎসল্য, শান্ত আৰু দাস্য ভাবৰ প্ৰধান দেখা যায়।

৭। ভটিমা কাক বােলে? ই কেই প্ৰকাৰ আৰু কি কি?

উত্তৰঃ ‘ভাট’ (পুৰণি কালৰ ভ্ৰাম্যমান গায়ক) মূলৰ পৰা ওলোৱা ভক্তিপদক ভটিমা বোলা হয়। ভটিমা তিনি প্ৰকাৰৰ। (১) ৰাজ ভটিমা, (২) দেৱ ভটিমা, (৩) গুৰু ভটিমা।

৮। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

ক) কেয়ুৰ কঙ্কণ কৰে উৰে বনমালা লুলে

মধুৰ মধুপ মধু ভুলে।।

উত্তৰঃ উক্ত কথা ফাঁকি আমাৰ অষ্টম মান শ্ৰেণীৰ পাঠ্য়পুথিৰ অন্তৰ্গত শংকৰদেৱৰ ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

এই বৰগীতটিৰ জৰিয়তে কবিয়ে বৃন্দাবনত গৰু চৰাই থকা পৰম পুৰুষ শ্ৰীকৃষ্ণৰ এখন ধুনীয়া চিত্ৰ দাঙি ধৰিছে।

তেওঁ বৃন্দাবনত লগৰীয়াবোৰৰ সৈতে গৰু চৰাইছে। তেওঁৰ শ্য়ামবৰণীয়া দেহটো পীতবস্ত্ৰৰে আৱদ্ধ।

তেওঁ নানা অলংকাৰ পৰিধান কৰিছে। মূৰত ময়ূৰৰ পাখি, কানত কুণ্ডল, বাহুত কেয়ূৰ কঙ্কণ, ককাঁলত বিভিন্ন তৰপীয়া হাৰ, ভৰিত নুপুৰ আৰু ডিঙিত অজনুলম্বিত বনফুলৰ মালা। তাৰ মাজত আছে কদমৰ সুগন্ধি ফুল

ভুন ভুনকৈ উৰি ফুৰা ভোমাৰা শ্ৰীকৃষ্ণ কৃষ্ণৰ ডিঙিত মোলায়মান। ভোমাৰ সেই বনমালাত লোভত আহি পৰিছেহি।

খ ) ত্রিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰৱ ভাস

দৰশিয়া লীলা বিলাসে।

উত্তৰঃ

৯। শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘কীৰ্ত্তন ঘোষা’। তেখেতে ৰচনা কৰা সাহিত্যকৃতিসমূহ হ’ল –

১। কাব্য 一 হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলিচলন, অমৃত মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।

২। ভক্তিতত্বমূলক সংগ্ৰহ 一 ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ অনাদি পতন।

৩। অনুবাদমবলক 一 ভাগৱত – ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান মাত্ৰ), ৮ম (বলিছলন, অমৃত মন্থন), ১০ম, ১১ শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ।

৪। অংকীয়া নাট 一 পন্তীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰাম-বিজয়।

৫। গীত 一 বৰগীত, ভটিমা, টোটয় আৰু চাপয়।

৬। নাম প্ৰসংগ 一 কীৰ্ত্তন ঘোষা আৰু গুণমালা।

ভাষা বিচাৰঃ

১। সমাৰ্থক শব্দ লিখা-

তনু, নেত্ৰ, পদুম, অৰুণ, চৰণ।

উত্তৰঃ

তনু – দেহ।

নেত্ৰ – চকু।

পদুম – কমল।অৰুণ – সূৰ্য।

চৰণ – ভৰি।

২। আধুনিক ৰূপ লিখা-

ভাস, ভ্ৰূৱ, বেত্ৰ, মধুপ, দৰশিয়া।

উত্তৰঃ

ভাস – প্ৰকাশ।

ভ্ৰূৱ – চেলাউৰি।

বেত্ৰ – বেত।

মধুপ – ভোমোৰা।

দৰশিয়া – দেখুৱাই।