SVN Class 8 General Science Chapter 1 Answer শস্য উৎপাদন পাঠটোৰ উত্তৰ

অধ্যায় ১শস্য উৎপাদন

১. খালী ঠাই পূৰণ কৰা –
(ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক  বােলে । উত্তৰঃ শস্য় ।
(খ) শস্য সিঁচাৰ আগতে মাটিডৰা  হয়।উত্তৰঃ চহাই লোৱা ।
(গ) নষ্ট হােৱা বীজবােৰ পানীত  থাকে ।উত্তৰঃ উপঙি ।
(ঘ) শস্য বৃদ্ধিৰ বাবে সূর্যৰ পোহৰ আৰু মাটিৰ পৰা —— আৰু —– ৰ প্ৰয়োজন ।উত্তৰঃ পানী আৰু খনিজ লৱনৰ প্ৰয়োজন ।
(ঙ) খেতি পথাৰত গজা অনাৱশ্যকীয় উদ্ভিদসমূহক বােলে।উত্তৰঃ অপতৃণ বোলে ।
(চ) শস্য চপােৱা আৰু মৰণা মৰা যন্ত্রটোক  বােলে ।উত্তৰঃ কম্পাইন যন্ত্ৰবুলি কোৱা হয় ।

২। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা

‘ক’‘খ’
(ক)ৰাসায়নিক সাৰ(ক) শস্য চপোৱা সঁজুলি
(খ) জৈৱিক সাৰ(খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য
(গ) দলিমাৰি(গ) গৰুৰ খাদ্য
(ঘ) কাচি(ঘ) ধান আৰু যৱ
(ঙ) খাৰিফ শস্য(ঙ) চপৰা ভঙা সঁজুলি
(চ) ৰবি শস্য(চ) ইউৰিয়া আৰু ছুপাৰ ফছফেট
 (ছ) ঘেঁহু, বুট, মটৰ মাহ

উত্তৰঃ (ক) ৰাসায়নিক সাৰ        (চ) ইউৰিয়া আৰু ছুপাৰ  ফছফেট           (খ) জৈবিক সাৰ              (খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য            (গ) দলিমাৰি                    (ঙ) চপৰা ভঙা সজুঁলি             (ঘ) কাচি                          (ক) শস্য় চপোৱা সজুঁলি             (ঙ) খাৰিফ শস্য়              (ছ) ঘেঁহু , বুট, মটৰ মাহ            (চ) ৰবি শস্য়                     (ঘ) ধান আৰু যৱ 
৩। চমুকৈ বর্ণনা কৰাঃ
i) মাটি চহোৱা উত্তৰঃ কৃষি কাৰ্যৰ প্ৰথম আৰু প্ৰয়োজনীয় কাম হ’ল খেতি কৰিবলৈ ধৰা মাটিডৰা চহাই ঢিলা কৰা । ঢিলা মাটিত উদ্ভিদৰ শিপা সহজতে তললৈ যাব পাৰে। গছৰ শিপাই কোমল ঢিলা মাটিত তললৈ গ’লেও অতি সহজে উশাহ লব পাৰে। তদুপৰি মাটিত বহুধৰণৰ পুষ্টিকৰ খনিজ দ্ৰব্য় অণুজীৱবোৰ পচোৱা পোষক দ্ৰব্য় আদি থাকে। গতিকে মাটিডৰা চহাই ঢিলা কৰাৰ ফলত উদ্ভিদে এই দ্ৰব্য়বোৰ সহজে শিপাৰদ্বাৰা শোষণ কৰি ল’ব পাৰে । সেয়েহে মাটি চহোৱা আৰু কোমল বা ঢিলা কৰা শস্য় উৎপাদনৰ বাবে অতি প্ৰয়োজনীয়।নাঙলৰদ্বাৰা হাল বোৱা বা মাটি চহোৱা হয়। হাল বোৱাৰ সময়ত মাটি বেছি শুকান হৈ থাকিলে পথাৰত পানী ছটিয়াই লোৱা হয়। ii) বীজ সিঁচা উত্তৰঃ শস্য় উৎপাদনৰ কাৰনে  মাটি চহোৱাৰ পাছত বীজ সিচাঁ হয়। বীজ উন্নত মানৰ হ’লে শস্য় ভাল হয়। উন্নত জাতৰ বীজ সাধাৰণতে পৰিষ্কাৰ কৰি তথা নিৰোগী ভাল সঁচৰপৰা গোটোৱা হয়। বীজ সিঁচাৰ বাবে পৰম্পৰাগত সঁজুলি বা আধুনিক বীজ সিঁচা যন্ত্ৰ ব্য়ৱহাৰ কৰা হয় যাতে বীজবোৰ একে ঠাইতে নপৰি সমানভাবে বিস্তাৰিত হৈ পৰে।আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰদ্বাৰা বীজ সিঁচা হয়।এই সঁজুলিয়ে সমান দুৰত্ব আৰু গভীৰতাত বীজবোৰ সিঁচে আৰু সিঁচাৰ পিছত বীজবোৰ সমানভাৱে মাটিৰে ঢাক খুবাই দিয়ে যাতে চৰাইয়ে ভক্ষণ কৰিব নোৱাৰে। বীজসিঁচা যন্ত্ৰৰদ্বাৰা বীজ সিঁচিলে বীজবোৰ নিৰ্দিষ্ট দূৰত্বত পৰে, গতিকে উদ্ভিদজোপাই পৰ্যাপ্ত পৰিমাণৰ পানী,খনিজ লৱন, বায়ু আৰু পোহৰ পায়।তদুপৰি যন্ত্ৰৰদ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শ্ৰম আৰু সময় দুয়োটাই কম লাগে।
iii) বন-বাত নিৰোৱাউত্তৰঃ খেতিপথাৰত সাধাৰণতে শ্ৰস্য়ৰ বাহিৰেও স্বাভাবিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্য়কীয় উদ্ভিক সমূহকে অপতৃণ বোলে। যিহেতু এই অপতৃণ উদ্ভিকবোৰকো শ্ৰস্য়ৰ সমানে পানী, পোষকদ্ৰব্য়, ঠাই আৰু পোহৰৰ প্ৰয়োজন হয় অপতৃণ আতৰ কৰাৰ অতি প্ৰয়োজন। অন্য়থা অপতৃণেই শ্ৰস্য়ৰ বৃদ্ধিত প্ৰভাৱ পেলায় আৰু খেতি চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰে।                   কিছুমাণ অপতৃণ প্ৰাণী আৰু মানুহৰ কাৰণে বিষাক্ত। বীজ সিঁচাৰ আগতে মাটি চহাওঁতেও অপতৃণ উভালি পেলোৱা হয়। বজাৰত অপতৃণ নাশত বহুতো ৰাসায়নিক দ্ৰব্য় পোৱা যায়।
iv) মৰণা মৰা উত্তৰঃ শ্ৰস্য় চপোৱাৰ পিছত গা-গছৰ পৰা শ্ৰস্য় বা বীজবোৰক পৃথক কৰা প্ৰক্ৰিয়াটোকে মাৰণা মৰা বুলি কোৱা হয়। মৰণা মৰা কাৰ্যটো কম্বাইন মেচিনৰ দ্বাৰা কৰা হয় আৰু কিছুমানে হালোৱা গৰুৰ সহায়ত মৰণা মাৰে। ক্ষুদ্ৰ খেতিয়ক সকলে এটুকুৰা মুকলি ঠাইত বা দিয়া যন্ত্ৰৰ সহায়ত পতানৰ পৰা বীজ পৃথক কৰে।মৰণা মৰাৰ পিছত শ্ৰস্য় ভঁৰালত চপাই সকলোৱে মিলি অতি উৎসাহেৰে উৎসৱ পালন কৰা হয়। 
v) ৰবি শস্যউত্তৰঃ শীতকালত উৎপাদিত শস্য়ক ৰবি শস্য় বোলে। সাধাৰণতে ৰবি শস্য় অক্টোবৰৰ পৰা মাৰ্চমাহলৈ থাকে। এনেবোৰ শস্য়ৰ পানীৰ প্ৰয়োজন কিছু কম। ৰবি শস্য়ৰ উদাহৰণ হ’ল- ঘেঁহু, সৰিয়হ, মটৰমাহ ইত্য়াদি। ৰবি শস্য়ৰ ভিতৰত শীত কালত হোৱা শাক- পাচলি আদিকো ধৰা হয়।
vi) খাৰিফ শস্যউত্তৰঃ বাৰিষা কালত যি শস্য় সিঁচা হয় তাকে খাৰিফ শস্য় বোলে। খাৰিফ শস্য়ক যথেষ্ট পৰিমানে পানীৰ প্ৰয়োজন হয়। সাধাৰণতে খাৰিফ শস্য় বাৰিষা কালত জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ থাকে। বৰষুণ নিয়মীয়া হ’লে এই শস্য় বিধ ভাল হয়। খাৰিফ শস্য়ৰ উদাহৰণ হ’ল- ধান, কপাহ, মাকৈ,চয়াবিন আদি।
৪। খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ’ব? উত্তৰঃ– সাধাৰণতে ঘেঁহু খেতি কৰা হয় অক্টোবৰৰ পৰা মাৰ্চমাহলৈ। ঘেঁহু খেতি ৰবি শস্য়ৰ ভিতৰত ধৰা হয়। ঘেঁহু খেতিক পানীৰ প্ৰয়োজন কম । যদি ঘেঁহু খেতি খৰিফ ঋতুত কৰা হয় তেতিয়া পানীৰ পৰিমাণ বেছি হোৱাৰ ফলত বীজ বোৰ পঁচিবলৈ ধৰিব আৰু শস্য় ভাল নহব।
৫। খেতি পথাৰত সাৰৰ প্রয়ােজনীয়তা সম্পর্কে চমুকৈ বর্ণনা কৰা।উত্তৰঃ– উদ্ভিদ বৃদ্ধিৰ বাবে পোষক দ্ৰব্য়ৰ অতি প্ৰয়োজন। এই পোষক দ্ৰব্য় সমূহ উদ্ভিদে মাটিৰ পৰা গ্ৰহন কৰে। উদ্ভিদ সুস্থভাৱে বৃদ্ধি হবৰ বাবে মাটিত কৃত্ৰিমভাৱে যিবোৰ পোষক দ্ৰব্য় প্ৰয়োগ কৰা হয় তাকে সাৰ বোলে। সাৰ দুই প্ৰকাৰৰ হ’ব পাৰে- জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ। যদি একেডৰা মাটিতে এবিধ শস্য়ৰ পিছত আন এবিধ শস্য় একেলেথাৰিতে কৰা হয় তেতিয়া মাটিত ডৰাত পোষক দ্ৰব্য় কমি আহে তেতিয়া খেতিয়কে মাটিডৰাত সাৰ যোগান ধৰি পুনৰায় উৰ্বৰতা ঘূৰাই আনিব পাৰে।খেতিয়কে জৈৱিক আৰু ৰাসায়নিক দুই ধৰনে সাৰ প্ৰয়োগ কৰিব পাৰে। জৈৱিক সাৰ প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা এবিধ সাৰ।এই সাৰ প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত আৰু অবশিষ্ট দ্ৰব্য় পাচন ঘটাই প্ৰস্তুত কৰা হয় আৰু ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়।জৈৱিক সাৰে মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে পানী ধৰি ৰাখাৰ শক্তি বৃদ্ধি কৰে আৰু উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। ৰাসায়নিক সাৰে নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে বৃদ্ধি কৰে গতিকে খেতি পথাৰত সাৰৰ প্ৰয়োজনীয়তা বহুত বেছি।
৬।  পচন সাৰৰ উৎপাদন কিদৰে কৰা হয়? উত্তৰঃ-পচন সাৰক জৈৱিক সাৰ বুলিও কোৱা হয়। জৈৱিক সাৰ হ’ল এবিধ জৈৱ দ্ৰব্য়। প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত দ্ৰব্য়সমূহৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায়।যিকোনো এটা ঠাইত বা বাৰীৰ একাষত গাঁত খান্দি তাত উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য় বোৰ পচিবৰ বাবে ৰখা হয় ।এই পচন কাৰ্য কিছুমান অণুজীৱৰদ্বাৰা হয়। এই পচি যোৱা বস্তুখিনিয়েই পচন সাৰ। আজিকালি বজাৰত পচন সাৰ প্ৰস্তুত কৰা মেচিনো পোৱা যায়।
৭। জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্রভেদ কি? বর্ণনা কৰা।উত্তৰঃ– জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰভেদ সমূহ হ’ল-
১) জৈৱিক সাৰ প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা হয়, এই সাৰ প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত আৰু অৱশিষ্ট দ্ৰব্য়ৰ পচন ঘটাই প্ৰস্তুত কৰা হয় আনহাতে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ ।
২) জৈৱিক সাৰ ঘৰ আৰু পথাৰত প্ৰস্তুত কৰিব পাৰি আনহাতে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়।
৩) জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে, কিন্তু এই সাৰত পোষক দ্ৰব্য়সমূহ তুলনামূলকভাৱে কম পৰিমাণে থাকে আনহাতে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে কিন্তু উদ্ভিদৰ পোষক দ্ৰব্য় নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমানে যোগান ধৰিব পাৰে।
৪) ৰাসায়নিক সাৰ অধিক প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস হয় আনহাতে জৈৱিক সাৰ প্ৰয়োগৰ ফলত মাটিৰ কোনো ক্ষতি নহয়।
৮। জলসিঞ্চন কি? ইয়াৰ পৰম্পৰাগত পদ্ধতিসমূহৰ নাম লিখা 
উত্তৰঃ- বিভিন্ন সময়ত মিয়মিতভাৱে শস্য় পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে।                  জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতিসমূহ হ’ল—
১) খাৱৈ বা পানীৰ লোৰ (কপিকল পদ্ধতি)২) শিকলি পাম্প৩) ঢেঁকি পদ্ধতি৪) ৰাইট (লিভাৰ পদ্ধতি)
৯। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বর্ণনা কৰা।
উত্তৰঃ- পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ’ল-
ক) পানী ছটিওৱা ব্যৱস্থা:-

 পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী । পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণন শীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপ যুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হলে ঘূৰ্ণন শীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত  পানীৰ ছিটিকনি পৰে ।খ) পানী নিগৰোৱা ব্যৱস্থা:- 

এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ।

১০। একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্রভাৱ পৰে বৰ্ণনা কৰা।
উত্তৰঃ- একে লেথাৰিয়ে শস্য়ৰ উৎপাদন কৰিলে মাটিডৰাৰ উৰ্বৰতা হ্ৰাস হয়। উদ্ভিদ বৃদ্ধিৰ বাবে পোষক দ্ৰব্য়ৰ অতি প্ৰয়োজন। এই পোষক দ্ৰব্য় সমূহ মাটিয়ে যোগান ধৰে।যদি একেলেথাৰিয়ে শস্য় কৰি থকা হয় তেতিয়া মাটিডৰাত পোষক দ্ৰব্য় কমি যাব আৰু শস্য় খিনি বাঢ়ি নাহিব ফলত শস্য়ত বীজৰ পৰিমান কমি যাব আৰু খেতিয়কৰ শাৰীৰিক শ্ৰম অথলে যাব। 
১১। অপতৃণ বুলিলে কি বুজা? অপতৃণক কিদৰে নিয়ন্ত্রণ কৰিব পাৰি।
উত্তৰঃ- খেতি পথাৰত সাধাৰণতে শস্য়ৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে, এই অনাৱশ্য়কীয় উদ্ভিদসমূহকে অপতৃণ বোলে।                         অপতৃণ আঁতৰোৱাৰ আৰু সিঁহতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্য়ৱস্থা কৰিব লগা হয়। শস্য়ৰ বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণবোৰ উভালি পেলোৱা হয় যাতে এইবোৰ শুকাই মাটিৰ লগত মিহলি হৈ যায়। ফুল ফুলাৰ আগতে অপতৃণ আঁতৰোৱাৰ উপযুক্ত সময়। অপতৃণ নাশক ৰাাসায়নিক দ্ৰব্য় ব্য়ৱহাৰ কৰিও অপতৃণ নিয়ন্ত্ৰণ কৰা হয়। 

 ১২। তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে ধান উৎপাদনৰ এখন ক্রমতালিকা পােৱা যায়। 

জলসিঞ্চন১সাৰ প্ৰয়োগ২ভঁৰালত ধান মজুতকৰণ৩
পথাৰত হাল বোৱা৪খেতি চপোৱা৫মাটি চহোৱা৬
 বীজ সিঁচা \ ৰোৱা৭ 

উত্তৰঃ ১) মাটি চহোৱা২) পথাৰত হাল বোৱা৩)বীজ সিঁচা / ৰোৱা৪)সাৰ প্ৰয়োগ৫) জলসিঞ্চন৬)খেতি চপোৱা৭) ভঁৰালত ধান মজুতকৰণ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top