Might Learn Logo Might Learn

SVN Class 8 General Science Chapter 11 Answer বল আৰু গতি পাঠটোৰ উত্তৰ

বল আৰু গতি

অধ্যায় ১১

চমু প্ৰশ্নঃ

১. স্থিৰ অৱস্তাত থকা বস্তু এটাক কেনেকৈ গতি প্ৰদান কৰিব পাৰি?

উত্তৰঃ- স্থিৰ অৱস্থাত থকা বস্তু এটাক টানি বা ঠেলি গতি প্ৰদান কৰিব পাৰি।

২. গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে কি কি হ’ব পাৰে?

উত্তৰঃ- গৈ থকা বস্তু এটাৰ ওপৰত গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিলে বস্তুটো ৰৈ যাব ৷

গৈ থকা বস্তু এটাক একে দিশতে বল প্রয়োগ কৰিলে মুঠ বল যোগ হৈ লব্ধ বল হয় আৰু দ্ৰুতি বাঢ়ে।

৩. গতিৰ দিশ সলনি কৰিবলৈ কি কৰিব লাগে?

উত্তৰঃ- গতিৰ দিশ সলনি কৰিবলৈ গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিব লাগে।

৪. এটা গধুৰ বস্তু দাঙিবলৈ আমি বেছি বল প্ৰয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্ৰয়োগ কৰিব লাগিব। কাৰণ কি বুজাই লিখা।

উত্তৰঃ- মহাকৰ্ষণ বলৰ বাবে এটা গধুৰ বস্তু ডাঙিবলৈ আমি বেছি বল প্রয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে। প্ৰকৃততে, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে এটাই আনটোৰ ওপৰত বল প্রয়োগ কৰে। গধুৰ বস্তু এটাত মহাকর্ষণ বল বেছি, সেইবাবে, এটা গধুৰ বস্তুৰ ওজন বেছি হয় আৰু দাঙিবলৈ আমি বেছি বল প্রয়োগ কৰিব লাগে। ইপিনে, পাতল বস্তু এটাত মহাকর্ষণ বল কম বাবে ইয়াৰ ওজন কম হয় আৰু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে।

৫. বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়া উদাহৰণ দিয়া।

উত্তৰঃ-বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা প্ৰক্ৰিয়াৰ এটা উদাহৰণ – ক্রিকেট খেঁলোতে বেট ধৰোতাজনৰ ফাললৈ আহি থকা ক্ৰিকেটৰ বল এটা বেটখনেৰে বেঁকাকৈ কোবাই ঠেলি দিয়া অর্থাৎ বল প্রয়োগ কৰি বলটো দিশ সলনি কৰি বেলেগ দিশত গতি কৰিব।বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ টনা প্ৰক্ৰিয়াৰ উদাহৰণ পোনে পোনে গৈ থকা পুতলা গাড়ী এখনৰ তাত আগতে লগাই থোৱা সুতা এডালেৰে সোঁ বা বাওঁফালে টানিলে গাড়ীখনে গতিৰ দিশ সলায় ৷

৬. বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ- বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ’ল-

  1. বল প্রয়োগ কৰি লোৰ মাৰি এডালক বেঁকা কৰা।
  2. হাতুৰীৰে কোবাই একে পাত ধাতুৰ পৰা বিভিন্ন আকাৰৰ বস্তু বনোৱা।

৭. তলৰ বলকেইটা সংজ্ঞা দিয়াঃ

(ক) স্থিতিস্থাপক বল

উত্তৰঃ বল প্ৰয়োগ কৰি কোনো এটা বস্তুৰ দৈৰ্ঘ্য, আয়তন অথবা আকাৰ সলনি কৰিব বিচাৰিলে বস্তুটোৱে বাধা প্ৰদান কৰে। ফলত বস্তুটোৰ ভিতৰত প্ৰয়োগ কৰা বলৰ বিপৰীতে দিশত এটা নিজা বলৰ সৃষ্টি হয়। এই বলকে স্থিতিস্থাপক বল।

(খ) চুম্বকীয় বল

উত্তৰঃ চুম্বকে আন চুম্বকৰ ওপতৰ বা চুম্বকজাতীয় পদাৰ্থৰ ওপৰত যি বল প্ৰয়োগ কৰে সেই বলকে চুম্বকীয় বল বােলে।

(গ) মহাকৰ্ষনিক বল

উত্তৰঃ প্ৰখ্যাত বিজ্ঞানী নিউটনৰ সূত্ৰমতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে প্ৰতিটো বস্তুক আকৰ্ষণ কৰি আছে। বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত থকা এই আকৰ্ষণী বলেই মহাকৰ্ষণিক বল।

(ঘ) নিউক্লীয় বল

উত্তৰঃ প্ৰত্যেক পৰমাণুৰ কেন্দ্ৰস্থলত পৰমাণুৰ নিউক্লিয়াছ থাকে। এই নিউক্লিয়াছ প্ৰ’টন আৰু নিউট্ৰনেৰে গঠিত। প্ৰ’টন ধনাত্মক আধান বিশিষ্ট আৰু নিউট্ৰন আধানবিহীন। নিউক্লিয়াছত থকা এই প্ৰ’টন আৰু নিউট্ৰনবোৰক এক শক্তিশালী আকৰ্ষণী বলে বান্ধি থূপ খুৱাই ৰাখিছে। এই বলকে নিউক্লীয় বল বোলে।

৮. তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে চিনাক্ত কৰা।

(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।

(খ) টুথপেষ্ট টিবৰ পৰা পেষ্ট উলিওৱা

(গ) বেৰৰ হাঁকোটাৰপৰা ওলমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলমাই ৰখা হৈছে ।

(ঘ) নিৰ্দিষ্ট উচ্চতাৰ প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।

উত্তৰঃ

কাৰক—————-বল প্রয়োগ কৰা বস্তু——-পৰিণতি

(ক) হাতৰ আঙুলি————-নেমুৰস ——————–নির্গত হয়।

(খ) হাতৰ আঙুলি————-টুথপেষ্ট———————পেষ্ট ওলায় ৷

(গ) গধুৰ ভাৰ———–ওলোমাই থোৱা স্প্রিং——- আকৃতিৰ পৰিৱৰ্তন

(ঘ) প্রতিষ্ঠাপিত দণ্ড———খেলুৱৈ —————ঠাইৰ পৰিবৰ্তন

৯. এটা বস্তুৰ ওপৰত দুটা বলে একে সময়ত ক্ৰিয়া কৰিবলৈ মুঠ ফল কি হ’ব?

উত্তৰঃ-যেতিয়া দুটা বলে এটা বস্তুৰ ওপৰত একে দিশত অথবা বিপৰীত দিশত ক্ৰিয়া কৰে বস্তুটোৱে লব্ধ বলৰ দিশত ক্রিয়া কৰে। এইক্ষেত্ৰত বল দুটাৰ মুঠ প্রযুক্ত বল বা বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে।

১০. যেতিয়া দুটা বা তাতোধিক বলে এটা বস্তুৰ ওপৰত বিভিন্ন দিশত ক্ৰিয়া কৰে কি ঘটিব?

উত্তৰঃ- যেতিয়া এটা বস্তুৰ ওপৰত দুটা বা তাতোধিক বলে বিভিন্ন দিশত ক্রিয়া কৰে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ মুঠ লব্ধ বল অনুযায়ীহে বস্তুৰ ওপৰত প্ৰভাৱ পৰিব।

১১. দ্রুতি কাক বােলে? দ্রুতিৰ মান কেতিয়া বৃদ্ধি পায় আৰু কেতিয়া কমে?

উত্তৰঃ- কোনো এটা বস্তুৰ গতিশীল অৱস্থাক ইয়াৰ দ্ৰুতি বোলা হয়। বস্তু এটাৰ স্থিৰ অৱস্থা মানে দ্ৰুতি শূন্য। কোনো বস্তুৰ ওপৰত বল প্রয়োগ কৰিলে তাৰ দ্ৰুতিৰ পৰিবৰ্তন ঘটে। যদি বস্তুটোৰ গতিৰ দিশত বল প্রয়োগ কৰা হয় তেন্তে ইয়াৰ দ্ৰুতি বাঢ়ি যাব, আনহাতে, গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিলে বস্তুটোৰ দ্ৰুতি কমি যাব ৷

১২. বল প্রয়ােগ কৰিলে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন হ’বই নে? এটা উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ-বল প্রয়োগ কৰিলেও বহুক্ষেত্ৰত গতি অৱস্থাৰ পৰিবৰ্তন নহয়। উদাহৰণ স্বৰূপে, গধুৰ বাকচ এটা আমি সৰ্বোচ্চ বল প্রয়োগ কৰিও লৰাব নোৱাৰিব পাৰো ৷ ঠিক তেনেদৰে, পকী বেৰ এখন জোৰেৰে ঠেলিও লৰাব নোৱাৰি।

১৩. তলৰ উক্তিবােৰত খালী স্থান পূৰ কৰা—

ক) কুঁৱাৰপৰা পানী তুলিবলৈ আমি ৰছীডাল লাগে।

উত্তৰ : ৰছীডাল ।

খ) বােজাই কৰা ট্রলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক লাগিব।

উত্তৰ : ঠেলিব ।

গ ) দুটা বস্তুৰ ক্রিয়াৰ বাবে বলৰ জন্ম হয়।

উত্তৰ : পাৰস্পৰিক ।

ঘ ) বলৰ উৎস বৈদ্যুতিক আধান।

উত্তৰ :বৈদ্যুতিক

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects