Might Learn Logo Might Learn

SVN Class 8 General Science Chapter 14 Answer বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া পাঠটোৰ উত্তৰ

অধ্য়ায় ১৪

বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া

১ ) খালী ঠাই পূৰ কৰা –

 ক) বিদ্যুৎ পৰিবহণ ৰা বেছিভাগ জুলীয়া পদার্থই , ,    , ৰ দ্ৰৱ।

উত্তৰঃ সাৰ, আৰু,লৱণ।

 খ) দ্ৰৱ এটাৰ মাজেৰে প্রবাহিত হােৱা বিদ্যুতে  ক্ৰিয়াৰ সৃষ্টি হয়। 

উত্তৰঃ ৰাসায়নিক।

গ ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰীৰ   মেৰুৰ লগত সংযােগ কৰা পাটৰ ওপৰত তামৰ প্রলেপ পৰিব।

উত্তৰঃ ঋণাত্মক। 

ঘ) বিদ্যুতৰদ্বাৰা কোনাে এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কার্যক  বােলে।

উত্তৰঃ বিদ্যুৎ।

 ২ ) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্রব এটাত ডুবাই দিয়া হয়, টেষ্টাৰৰ মুক্ত মুৰ দুটাৰ মাজত খালী ঠাইখিনিৰে বিদ্যুৎ প্রবাহিত হোৱা কাৰণে চুম্বক শলাই বিক্ষেপন দেখুৱায়।

৩।  তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা , যিবােৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে।


উওৰঃ নিমখ পানী , ভিনেগাৰ আৰু নলৰ পানী ।

৪। চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। 

উত্তৰ: বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণবোৰ হ’ল –

(ক) বৰ্তনীটোৰ সংযোগ ঠিকমতে টানকৈ লগা নাই।

(খ) বাল্বটো ফিউজড্ হ’ব পাৰে।

(গ) বেটাৰীটোৰ কোষবোৰ শেষ হ’ব পাৰে।

(ঘ) পাত্ৰত থকা দ্ৰৱখিনি পতিত পানী হ’ব পাৰে।

৫. বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ?

উত্তৰঃবিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে। ইয়াক পৰিবাহী কৰিবলৈ নিমখ মিহলাব পাৰো।

৬. অগ্নিকাণ্ডত অগ্নি নির্বাপকসকলে পানীৰ নল খােলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যােগান বন্ধ কৰি দিয়ে । ইয়াৰ কাৰণ কি বুলি ভাবা। 

উত্তৰঃ আমি জানো যে পানী বিদ্যুতৰ সুপৰিবাহী। গতিকে, সু-পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হয়। সেইবাবে অগ্নি নির্বাপক বাহিনীৰ পানীৰ নলেবে ছটিওৱা পানীৰ দ্বাৰা যাতে ঠাইখিনিত বিদ্যুৎ প্রবাহিত নহয় সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয় ।

৭. উপকূলীয় অঞ্চলত থকা এটি শিশুৱে তেওঁৰ টেষ্টাৰৰ সহায়ত খােৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ কাৰণ সাগৰৰ পানীত অধিক নিমখ থাকে। খোৱা পানীত যিহেতু নিমখ কম থাকে গতিকে খোৱা পানী বিদ্যুতৰ কু-পৰিবাহী। আনহাতে সাগৰৰ পানীত অধিক নিমখ থাকে বাবে সাগৰৰ নিমখ মিহলি পানী বিদ্যুতৰ সু-পৰিবাহী। সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ পৰিলক্ষিত হয়।

৮. ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্রি এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? কাৰণ দশোৱা ।

উত্তৰঃ  নহয়। কাৰণ ধাৰাসাৰ বৰষুণৰ সময়ত বাহিৰত বিদ্যুৎ পৃষ্ট হোৱাৰ অধিক সম্ভাৱনা থাকে। বৰষুণৰ পানীত লৱণ বা নিমখ মিহলি হৈ থাকে বাবে বৰষুণৰ পানী বিদ্যুতৰ সু-পৰিবাহী, যাৰ বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰে।

 ৯. তােমাৰ চাৰিওফালৰ বিদ্যুৎলেপন বিশিষ্ট বস্তুবােৰৰ এখন তালিকা প্রস্তুত কৰা। 

উত্তৰঃ আমাৰ চাৰিওফালৰ বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰ হ’ল গাড়ীৰ যন্ত্রাংশ, বাথৰুমৰ নল, পাকঘৰৰ গেছ বাৰ্ণাৰ, চাইকেলৰ হেণ্ডেল, চকাৰ ৰিং ইত্যাদি।

১০. পানীত কপাৰ ছালফেট মিহলালে কিয় বিদ্যুৎ পৰিবাহী হয়? 

উত্তৰঃ পানীত কপাৰ ছালফেট মিহলালে কপাৰ ছালফেট অণু ভাঙি দুটা বৈদ্যুতিক ভাৱে আহিত আয়নলৈ পৰিবৰ্তিত হয়। ইয়াৰে এটা আয়ন তাম। ই ধনাত্মকভাৱে আহিত। আনটো আয়ন ছালফেট। ই ঋণাত্মকভাবে আহিত। সেইবাবে কপাৰ ছালফেট দ্রব বিদ্যুৎ পৰিবাহী হয়।

১১. এটা বর্তনীৰ চিত্ৰ আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চালিত আয়নৰ দিশ দেখুওৱা।

উত্তৰ

 ১২. তড়িৎলেপন কি?

উত্তৰঃ বিদ্যুৎ বিশ্লেষ্য তলত দুডাল ধাতুৰ দণ্ড আংশিকভাৱে ডুবাই ৰাখি দণ্ডদুডালৰ ওলাই থকা মুৰ দুটা বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ লগত সংযোগ কৰিলে তলৰ মাজেদি বিদ্যুৎ প্রবাহিত হয়। বিদ্যুৎ প্রবাহৰ সময়ত ধনাত্মকভাৱে আহিত আয়ন ঋণাত্মকভাৱে আহিত ধাতুৰ পাত খনত জমা হয়। ইয়েই হ’ল তড়িৎলেপন ।

 ১৩. এখন লােৰ চামুচত তামৰ প্রলেপ দিব লাগে। এই প্রলে কেনেকৈ দিব পাৰি বর্তনী চিত্রেৰে দেখুওৱা।

উত্তৰঃ 

 ১৪. বিদ্যুত বিশ্লেষ্য তৰল কাক বােলে? এনে তৰলৰ মাজেদি বিদ্যুৎ প্রবাহ কেনেদৰে চালিত হয়? 

উত্তৰঃ কপাৰ ছালফেটৰ দৰে যিবোৰ তৰলৰ মাজেদি বিদ্যুত প্ৰবাহ চালিত হয় সেইবোৰক বিদ্যুত বিশ্লেষ্য বোলা হয়।এনে তৰলত সদায় ধনাত্মক আৰু ঋণাত্মক ভাৱে আহিত আয়ন থাকে। 

১৫. বিদ্যুতলেপন কাক বােলে? এই পদ্ধতিৰে ধাতুৰ পাট এখনৰ ওপৰত ৰূপৰ প্রলেপ কেনেদৰে দিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ লোৰ পাতৰ ওপতৰ তামৰ প্ৰলেপ দিয়াৰ দৰে একে পদ্ধতিৰে বিভিন্ন পদাৰ্থৰ ওপৰত নানা ধাতুৰ প্ৰলেপ দিব পাৰি। এনেদৰে বিদ্যুত প্ৰবাহ চালিত কৰি ধাতুৰ প্ৰলেপ দিয়া ক্ৰিয়াক বিদ্যুতলেপন বোলা হয়। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects