বায়ু আৰু পানীৰ প্ৰদূষণ
অধ্যায় ১৯
অনুশীলনীঃ
১. খালী ঠাই পূৰণ কৰাঃ
ক) বায়ু , পানী আৰু মাটিৰ গুণ নষ্ট কৰা পদার্থক__বােলে।
উত্তৰঃ প্ৰদূষক।
খ) বিশুদ্ধ বায়ুত অম্লজানৰ পৰিমাণ শতকৰা_ভাগ থাকিব লাগে।
উত্তৰঃ ২১
গ) শতকৰা_ভাগ বায়ু প্ৰদূষিত কৰে গাড়ী – মটৰবােৰে।
উত্তৰঃ ৬০
ঘ) _নামৰ গেছ বিধে ‘ অজন ছিদ্র’ৰ সৃষ্টি কৰিব ধৰিছে।
উত্তৰঃ
ঙ) প্রত্যেক বছৰে জুন মাহৰ পাঁচ তাৰিখটো__হিচাপে পালন কৰা হয়।
উত্তৰঃ বিশ্ব পৰিৱেশ।
২. চমু উত্তৰ দিয়াঃ
ক) প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰঃ- পদাৰ্থবিলাকৰ অনুপাত কম-বেছি হৈ বা কিছুমান ক্ষতিকাৰক পদাৰ্থ বায়ু, পানী আৰু মাটিত লগ-লাগি জীৱকুলৰ বাসৰ অনুপযোগী হৈ পৰে। তাকেই প্ৰদূষণ বুলি কোৱা হয়।
খ) প্ৰদূষক কাক বােলে?
উত্তৰঃ- যিবোৰ পদাৰ্থ মিহলি হৈ বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে তাক প্ৰদূষক বুলি কোৱা হয়।
গ) বায়ুমণ্ডলত থকা অ’জন স্তৰটোৱে আমাক কি ধৰণে উপকাৰ কৰি আহিছে?
উত্তৰঃ-
ঘ) ‘সেউজ গৃহ’ পৰিণতি বুলিলে কি বুজা?
উত্তৰঃ- উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰোতে এই এঙাৰ গেছ ব্যৱহাৰ কৰি অম্লজান গেছ এৰি দিয়ে এনেকৈ পৰিৱেশত অম্লজান আৰু এঙাৰ গেছৰ অনুপাতৰ সমতা বৰ্তি থাকে। নিৰ্মল বায়ুত এঙাৰ গেছৰ পৰিমাণ শতকৰা 0.03 ভাগ থাকিব লাগে যদিও মানৱ সভ্যতাৰ লগে লগে দ্ৰুতগতিত বাঢ়ি অহা কল-কাৰখানা, পেট্ৰ’ল, কয়লাৰ লগতে অন্যান্য ইন্ধনৰ দহন আৰু বননিৰ অবাধ ধ্বংসৰ ফলত দিনক দিনে বায়ুমণ্ডলত এঙাৰ গেছৰ পৰিমাণ বাঢ়ি গৈ আছে। বৰ্তমান কোনো কোনো ঠাইত শতকৰা ১৪ ভাগলৈ এঙাৰ গেছৰ (CO2) পৰিমাণ বৃদ্ধি হোৱা বুলি বিজ্ঞানীসকলে প্ৰমাণ পাইছে। এঙাৰ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত উষ্ণতা বঢ়াৰ যি পৰিণতিৰ সৃষ্টি হৈছে তাকে ‘ সেউজ গৃহ ‘ পৰিণতি বুলি কোৱা হয়।
ঙ) সেউজ গৃহ গেছ দুটাৰ উদাহৰণ দিয়া।
উত্তৰঃ- সেউজ গৃহ গেছ দুটাৰ উদাহৰণ হ’ল- মিথেন আৰু কাৰ্বন-ডাই-অক্সাইড।
৩.গােলকীয় উষ্ণতাৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ- গোলকীয় উষ্ণতাৰ ফলত মানৱ সমাজলৈ ভয়ংকৰ বিপদ নমাই আনিছে। ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰপৃষ্ঠৰ উচ্চতা প্ৰায় আধা মিটাৰমান বৃদ্ধি হৈছে। সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে উপকূলীয় অঞ্চল আৰু সৰু সৰু দ্বীপবোৰলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে।
৪. স্থাপত্যৰ ওপৰত প্ৰদূষণে কেনে ধৰণে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা।
উত্তৰঃ- বায়ু প্ৰদূষণে অকল যে উদ্ভিদ আৰু প্ৰাণীজগতৰহে ক্ষতিসাধন কৰে এনে নহয়, ই পকী ঘৰ, প্ৰাচীন স্থাপত্য, ইস্পাটেৰে তৈয়াৰী কল-কাৰখানা, দলং, স্মৃতিস্তম্ভ আদিৰো ক্ষতিসাধন কৰে।
নানান উদ্যোগৰ পৰা নিৰ্গত হোৱা ছালফাৰ-ডাই-অক্সাইড নাইট্ৰ’জেন-ডাই-অক্সাইড আৰু কাৰ্বনৰ অক্সাইডে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ লগত লগ লাগি এচিডলৈ ৰূপান্তৰ হয়। এই এচিডবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ পৃথিৱীলৈ এচিড বৰষুণ ৰূপে নামি আহে। ইয়াৰ ফলত পৃথিৱীত প্ৰাচীন কীৰ্তিসমূহৰ ক্ষতি হ’বলৈ ধৰিছে। মথুৰাৰ তেল-শোধানাগাৰৰ প্ৰভাৱত হোৱা এচিড বৰষুণে পৃথিৱীবিখ্যাত তাজমহলৰ মাৰ্বলৰ ক্ষতিসাধন কৰি আহিছে। শোধানাগাৰৰ পৰা ওলোৱা ছাইবোৰে তাজমহলৰ ৰং হালধীয়া কৰি পেলাইছে।
৫. পানী প্ৰদূষণ হােৱাৰ কেইটামান কাৰণ উল্লেখ কৰা।
উত্তৰঃ পানী প্ৰদূষণ হোৱাৰ কেইটামান কাৰণ হ’ল-
(১) ডাঙৰ ডাঙৰ উদ্যোগ, যেনে – তেল শোধানাগাৰ, ৰাসায়নিক সাৰ কাৰখানা, প্লাষ্টিক, ৰবৰ, ঔষধ আদি কাৰখানাৰপৰা ওলোৱা বৰ্জিত পদাৰ্থসমূহ নদী নাইবা জলাশয়ত নিক্ষেপ কৰা হয়। ইয়াৰ ফলত সীহ, আৰ্ছেনিক, ফ্ল’ৰাইড আদি পানীত জমা হোৱাৰ ফলত জলজ উদ্ভিদ আৰু প্ৰাণীৰ মাৰাত্মক ক্ষতিসাধন হয়।
(২) চহৰ বা নগৰৰ মানুহৰ দৈনিক সৃষ্টি হোৱা নানা ধৰণৰ আৱৰ্জনা, যেনে – ৰন্ধন প্ৰণালীত ব্যৱহাৰ নোহোৱা অলাগতিয়াল পদাৰ্থ, ঘৰচীয়া প্ৰাণীৰ মল-মূত্ৰ, প্লাষ্টিক,পলিথিন, ৰবৰ, ঔষধ আদি নদী, খাল, বিল আদিত পেলাওঁ, ফলত এইবোৰৰ পানী প্ৰদূষিত হৈ জলচৰ প্ৰাণীৰ লগতে স্থলচৰ প্ৰাণীৰো যথেষ্ট ক্ষতিসাধন কৰে।
(৩) শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বৰষুণৰ পানীয়ে ধুই নি পুখুৰীত পেলোৱাৰ ফলত পুখুৰীত শেলাইৰ অত্যাধিক বৃদ্ধি হয়। মৃত শেলাইবোৰ পুখুৰীত থকা অণুজীৱই ভক্ষণ কৰি পানীত থকা অম্লজানৰ পৰিমাণ হ্ৰাস কৰি পেলায়। অম্লজান কমি গৈ পানী প্ৰদূষিত হোৱাৰ ফলত জলচৰ প্ৰাণী মৃত্যুমুখত পৰে।
৬. বায়ু আৰু পানীৰ প্ৰদূষণ ৰােধ কৰিবলৈ তােমালােকে কি কি পদক্ষেপ ল’বা বহলাই বর্ণনা কৰা।
উত্তৰঃ- বায়ু আৰু পানীৰ প্ৰদূষণ ৰোধ কৰিবলৈ লোৱা পদক্ষেপবোৰ তলত আলোচনা কৰা হ’ল-(১)
৭. পানী বিশুদ্ধ কৰাৰ কৌশল কেইটামান আলােচনা কৰা।
উত্তৰঃ- পানী বিশুদ্ধ কৰাৰ কৌশল কেইটা মান তলত আলোচনা কৰা হ’ল-(১) Type-
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post