প্ৰাণীৰ প্ৰজনন
১। জীৱৰ প্ৰজননৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ- প্ৰজনন হৈছে জীৱৰ বংশ বিস্তাৰ কৰা প্ৰক্ৰিয়া।এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন প্ৰক্ৰিয়া অত্যাৱশ্যকীয়। কোনো প্রজাতিৰ জীৱৰ বংশ বৃদ্ধিহোৱাৰ বাবেহে জীৱসমূহ দেখিবলৈ পোৱা যায়। যদি কোনো ঠাইত এটা মাত্ৰ জীৱ বংশ বৃদ্ধি নকৰা কৈ থাকে, তেতিয়া প্ৰকৃততে ভৱিষ্যতে ইয়াৰ অস্তিত্ব নাথাকিব। পৰিবেশত একে প্ৰজাতিৰ বহুত জীৱ বা ব্যক্তি দেখিবলৈ পোৱা যায়। একে প্ৰজাতিৰ অস্তৰ্ভুক্ত দুটা বেলেগ জীৱৰ সিহঁতৰ পৰস্পৰৰ মাজত যদি সাদৃশ্য থাকে তেতিয়া সিহঁতে প্ৰজননৰ সহায়ত দেখাত একে ধৰণৰ কিছু নতুন জীৱৰ সৃষ্টি কৰে ৷ বিভিন্ন জীৱৰ দেহৰ গঠন শৈলীৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে বেলেগ বেলেগ প্ৰথাৰ প্ৰজননৰ সহায়ত বংশ বিস্তাৰ কৰে। কিছুমানে, অযৌন প্রথাৰে, যেনে দ্বিবিভাজন, মুকুলন বা আংগিক বিস্তাৰণৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি কৰে। আকৌ যৌন প্রজননত দুটা পৃথক বিশিষ্ট জীৱ জড়িত হৈ নতুন প্রজন্মৰ সৃষ্টি কৰে। গতিকে যিয়েই নহওক কিন্তু প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি হোৱাৰ বাবেহে জীৱসমূহে বংশ বিস্তাৰ কৰে ৷
২। মানুহৰ নিষেচনৰ প্রক্রিয়া বর্ণনা কৰা।
উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় হৈছে শুক্ৰাণু ডিম্বাণুৰ সংযোজন। শুক্ৰাণুবোৰ যেতিয়া এটা ডিম্বাণুৰ সংস্পৰ্শলৈ আহে তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ লগত সংযোজন হ’ব পাৰে। ডিম্বাণু আৰু শুক্ৰাণুৰ সংযোজনকে নিষেচন বোলে। নিষেচনত শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুটাৰ সংযোজন হৈ এটা একক কোষকেন্দ্ৰ গঠন কৰে।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা।
(ক) আভ্যন্তৰীণ নিষেচন সম্পন্ন হয়।
(i) স্ত্রীৰ দেহৰ বাহিৰত
(ii) স্ত্রীৰ দেহত
(iii) পুং দেহত
(iv) পুং দেহৰ বাহিৰত
উত্তৰঃ (ii) স্ত্রীৰ দেহত
(খ) এটা লালুকী প্রাপ্তবয়স্ক ভেকুলী এটালৈ বিকশিত হােৱা প্ৰক্ৰিয়াটো হৈছে।
(i) নিষেচন।
(ii) কায়ান্তৰণ।
(iii) সংস্থাপন
(iv) মুকুলন
উত্তৰঃ (ii) কায়ান্তৰণ।
৪। শুদ্ধ ( শু ) নে অশুদ্ধ ( অ ) চিহ্নিত কৰা।
(ক) ডিম্বজ প্রাণীয়ে পােৱালি জন্ম দিয়ে।
উত্তৰঃ অশুদ্ধ
(খ) শুক্রাণু এটা একক কোষ।
উত্তৰঃ শুদ্ধ
(গ) ভেকুলীত বাহ্যিক নিষেচন সম্পন্ন হয়।
উত্তৰঃ শুদ্ধ
(ঘ ) যােজন কোষৰপৰা মানুহৰ বিকাশ হয়।
উত্তৰঃ শুদ্ধ
(ঙ) নিষেচনৰ ফলত যােজন কোষৰ গঠন হয়।
উত্তৰঃ শুদ্ধ
৫। যোজন কোষ আৰু গৰ্ভভ্ৰূণৰ দুটা পাৰ্থক্য লিখা।
উত্তৰঃ-শুক্রাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত সৃষ্টি হোৱা আৰু মাত্ৰ এটা কোষেৰে গঠিত হয়। আনহাতে যোজন কোষৰ বাৰম্বাৰ বিভাজন ঘটি সৃষ্টি হোৱা ভ্রূণৰ যি দশাত দেহৰ সকলোবোৰ অংশ চিনাক্ত কৰিব পৰা অৱস্থা হয়।
নিষেচনৰ ফলত ডিম্বাশয়ত যোজন কোষটোৰ সৃষ্টি হয়। আনহাতে গৰ্ভভ্রূণৰ বিকাশ জৰায়ুৰ বেৰত হয়।
৬। অযৌন প্ৰজননৰ সংজ্ঞা লিখা। প্ৰাণীৰ দুটা অযৌন প্ৰজননৰ পদ্ধতি বৰ্ণনা কৰা।
উত্তৰঃ- যিবোৰ প্ৰজননত কেৱল মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাকে অযৌন প্রজনন বোলে ৷
প্ৰাণীৰ দুটা অযৌন প্রজনন পদ্ধতি হ’ল মুকুলন আৰু দ্বৈত বিভাজন দ্বি বিভাজন।
মুকুলন – হাইড্ৰাত এই ধৰণৰ অযৌন প্রজনন হয়। হাইড্ৰাবোৰত এটা বা ততোধিক টেমুনা নাথাকিব পাৰে ৷ এইবিলাক প্ৰকৃততে বিকশিত জীৱ। এইবোৰক মুকুল বোলে। হাইদ্রাৰ এটা একক জনকৰ পৰা নতুন জীৱবোৰ বিকশিত হয়। হাইড্ৰাত যিহেতু মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হৈছে সেইবাবে এই ধৰণৰ অযৌন প্রজননক মুকুলন বোলে ৷
দ্বিবিভাজন – এনেধৰণৰ অযৌন প্রজনন য’ত এটা প্রাণী বিভাজিত হৈ দুটা প্ৰাণীৰ সৃষ্টি কৰে তাক দ্বিবিভাজন বোলে। এনেধৰণৰ অযৌন প্রজনন এমিবাত পোৱা যায়।এমিবা এবিধ এককোষী জীৱ।এমিবাৰ কোষ কেন্দ্ৰটোৰ বিভাজন হৈ ইয়াৰ প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ হয় । কোষকেন্দ্ৰটো দুভাগত বিভক্ত হোৱাৰ পাছত ইয়াৰ দেহটোও দুভাগত বিভক্ত হয়। প্রতিটো অংশই একোটা কোষকেন্দ্র পায়। অৱশেষত এটা জনক এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হয়।
৭। কোনটো স্ত্ৰীজনন অংগত ভ্ৰূণ সংস্থাপিত হয়?
উত্তৰঃ- স্ত্রীজনন অংগৰ জৰায়ুত ।
৮। কায়ন্তৰণ কি? উদাহৰণ দিয়া।
উত্তৰঃ- পলু অথবা লালুকী অৱস্থাৰ পৰা বহুতো পৰিবৰ্তনৰ মাজেৰে প্ৰাপ্ত বয়স্ক অৱস্থালৈ সলনি হোৱাকে কায়াস্তৰণ বোলে। উদাহৰণ স্বৰূপে পাট পলুৰ জীৱন চক্ৰত চাৰিটা অৱস্থা পাওঁ কণী – পলু – লেটা – প্রাপ্ত বসস্ক পখিলা।
৯। আভ্যন্তৰীণ আৰু বাহ্যিক নিষেচনৰ পার্থক্য লিখা।
উত্তৰঃ আভ্যন্তৰীণ নিষেচনত ভ্রূণৰ বিকাশ মাতৃদেহৰ ভিতৰত স্ত্রীজনন অংগত হয়। যিবোৰ প্ৰাণীত বাহ্যিক নিষেচন হয় সেইবোৰক ভ্ৰূণৰ বিকাশ মাতৃদেহৰ বাহিৰত হয়।
আভ্যন্তৰীণ নিষেচন স্ত্ৰীৰ দেহৰ ভিতৰত হয়। আনহাতে, বাহ্যিক নিষেচন স্ত্ৰীৰ দেহৰ বাহিৰত হয়।
১০। খালী ঠাই পূর্ণ কৰা।
(ক) এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হােৱা প্রক্রিয়াক প্ৰজনন বোলে।
(খ) এমিবাই দ্বিবিভাজনৰ দ্বাৰা প্ৰজন কৰে।
(গ) হাইদ্রাই মুকুলনৰ দ্বাৰা প্ৰজনন কৰে।
(ঘ) পােৱালি জন্ম দিয়া প্রাণীকজৰায়ুজ প্রাণী বােলে।
(ঙ) ডিম্বাণু আৰু শুক্রাণুৰ সংযােজনক নিষেচন বোলে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post