Lesson: 3
বসতি
১। মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা?
উত্তৰঃ আদিম যুগত মানুহে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰি অঘৰী জীৱন-যাপন কৰিছিল। পাছলৈ মানুহে কৃষিকাৰ্য শিকি বীজৰ পৰা শস্য উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে। খাদ্য উৎপাদনৰ বাবে একে ঠাইতে দীঘলীয়া সময় থাকিবলগীয়া হোৱাৰ ফলত মানুহে পানী, সাৰুৱা মাটি আৰু সুৰক্ষাৰ সুবিধা থকা ঠাই বাছি লৈ স্থায়ী বসতি স্থাপন কৰিবলৈ ধৰিলে।
২। মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ কি?
উত্তৰঃ নদীৰ পাৰৰ অঞ্চল স্থায়ী বসতিৰ বাবে উপযোগী হোৱাৰ প্রধান কাৰণসমূহ হ’ল—
(i) নদীৰ পলসে মাটি সাৰুৱা কৰে।
(ii) খোৱা পানী আৰু কৃষিৰ বাবে পানী সহজে পোৱা যায়।
(iii) মাছ ধৰি জীৱিকা নিৰ্বাহ কৰিব পাৰি।
(iv) নদীপথে যাতায়ত আৰু বাণিজ্য সহজ হয়।
(v) কৃষি আৰু পশুপালনৰ বাবে সুবিধা থাকে।
(vi) বহু ক্ষেত্ৰত সমতল ভূমিত ঘৰ-বাৰী নিৰ্মাণ সহজ হয়।
৩। গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি?
উত্তৰঃ নগৰত চাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ, শিক্ষা, চিকিৎসা, যাতায়ত আৰু যোগাযোগৰ সুবিধা অধিক থাকে। উন্নত জীৱন-যাপনৰ সুবিধা আৰু অধিক কৰ্মসংস্থাপনৰ সুযোগৰ বাবে বহু লোক গাঁৱৰ পৰা নগৰলৈ আহে। ফলত নগৰ অঞ্চলত জনসংখ্যা অধিক ঘন হয়।
৪। গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ পাৰ্থক্য লিখা।
উত্তৰঃ
| গ্রাম্য বসতি | নগৰীয়া বসতি |
|---|---|
| কৃষি, পশুপালন, মাছ ধৰা আদি প্ৰাথমিক বৃত্তি প্রধান। | উদ্যোগ, ব্যৱসায়, বাণিজ্য আৰু সেৱামূলক বৃত্তি প্রধান। |
| বসতি তুলনামূলকভাৱে পাতল আৰু বিস্তৃত। | বসতি তুলনামূলকভাৱে ঘন আৰু কেন্দ্ৰীভূত। |
| যাতায়ত আৰু যোগাযোগৰ সুবিধা কম হ’ব পাৰে। | যাতায়ত আৰু যোগাযোগ সাধাৰণতে উন্নত। |
| শিক্ষানুষ্ঠান আৰু চিকিৎসা সেৱা তুলনামূলকভাৱে কম। | শিক্ষা আৰু চিকিৎসাৰ সুবিধা অধিক। |
| ব্যৱসায়-বাণিজ্যৰ সুযোগ তুলনামূলক কম। | ব্যৱসায়-বাণিজ্য আৰু চাকৰিৰ সুযোগ অধিক। |
৫। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ গাঁৱলীয়া বসতিৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল—
(i) কৃষি প্রধান জীৱিকা।
(ii) বসতি তুলনামূলক পাতল আৰু বিস্তৃত।
(iii) বহু ঘৰ থলুৱা সামগ্ৰীৰে নিৰ্মিত।
(iv) প্ৰকৃতিৰ সৈতে মানুহৰ ঘনিষ্ঠ সম্পৰ্ক থাকে।
(v) উদ্যোগ আৰু বৃহৎ ব্যৱসায়ৰ সংখ্যা কম।
(vi) সামাজিক সম্পৰ্ক তুলনামূলক ঘনিষ্ঠ হয়।
(vii) শিক্ষা, চিকিৎসা আৰু যাতায়তৰ সুবিধা নগৰৰ তুলনাত কম হ’ব পাৰে।
৬। কেন্দ্রীভূত বসতি কেনে ধৰণে সৃষ্টি হয়?
উত্তৰঃ যি অঞ্চলত পানী, সাৰুৱা মাটি, যাতায়ত, বজাৰ, শিক্ষা, সুৰক্ষা আৰু জীৱিকাৰ সুবিধা একে ঠাইতে সহজে পোৱা যায়, তেনে ঠাইত বহু মানুহে ওচৰা-ওচৰিকৈ ঘৰ সাজে। এইদৰে এক নির্দিষ্ট অঞ্চলত ঘৰ-বাৰী থূপ খাই গঢ় লৈ উঠা বসতিক কেন্দ্ৰীভূত বসতি বোলে।
৭। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনে ধৰণৰ?
উত্তৰঃ পৌৰ বা নগৰীয়া বসতিৰ মানুহৰ প্রধান জীৱিকাৰ উপায় হ’ল—
(i) ব্যৱসায়-বাণিজ্য
(ii) উদ্যোগ আৰু কল-কাৰখানা
(iii) চৰকাৰী আৰু বেচৰকাৰী চাকৰি
(iv) পৰিবহণ
(v) বেংক, বীমা, শিক্ষা, স্বাস্থ্য আদি সেৱামূলক কাৰ্য
৮। গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ গাঁও আৰু নগৰৰ মাজত ঘনিষ্ঠ আৰু পাৰস্পৰিক নিৰ্ভৰশীল সম্পৰ্ক আছে। গাঁৱে নগৰলৈ ধান, শাক-পাচলি, ফল-মূল, গাখীৰ, মাছ আৰু অন্যান্য কৃষিজ সামগ্ৰী যোগান ধৰে। আনহাতে, নগৰে গাঁৱলৈ উদ্যোগজাত সামগ্ৰী, ঔষধ, যন্ত্ৰপাতি, শিক্ষা, বেংকিং, বীমা, বজাৰ আৰু বিভিন্ন সেৱা প্ৰদান কৰে।
যাতায়ত, মোবাইল ফোন, টেলিভিছন আৰু ইণ্টাৰনেটৰ উন্নতিৰ ফলত গাঁও আৰু নগৰৰ মাজৰ যোগাযোগ অধিক ঘনিষ্ঠ হৈছে।
৯। চমুটোকা লিখা—
(ক) ৰৈখিক বসতি
উত্তৰঃ ৰাস্তা, ৰে’লপথ, নদী, খাল, মথাউৰি বা সাগৰীয় উপকূলৰ কাষে কাষে দীঘলীয়া শাৰীত গঢ় লৈ উঠা বসতিক ৰৈখিক বসতি বোলে। এনে বসতি দেখাত ৰেখাৰ দৰে হয়।
(খ) বৰ্গক্ষেত্ৰাকাৰ বসতি
উত্তৰঃ যেতিয়া ৰাস্তা-ঘাটসমূহ পৰস্পৰ সমকোণত কাটি যায় আৰু সেই ৰাস্তাৰ কাষে কাষে বৰ্গ বা আয়তাকাৰ আৰ্হিত ঘৰ-বাৰী গঢ় লৈ উঠে, তেনে বসতিক বৰ্গক্ষেত্ৰাকাৰ বা আয়তাকাৰ বসতি বোলে।
(গ) তৰাৰূপী বসতি
উত্তৰঃ কোনো কেন্দ্ৰত বহু ৰাস্তা আহি মিলিলে সেই সংযোগস্থলৰ পৰা ৰাস্তাবোৰৰ কাষে কাষে বসতি বিস্তৃত হয়। এনেদৰে তিনিআলি, চাৰিআলি বা বহু ৰাস্তাৰ সংযোগস্থলক কেন্দ্ৰ কৰি তৰাৰ দৰে বিস্তৃত বসতিক তৰাৰূপী বসতি বোলে।
(ঘ) পাতল বসতি
উত্তৰঃ যি অঞ্চলত মানুহৰ ঘৰ-বাৰী দূৰে দূৰে সিঁচৰিত হৈ থাকে আৰু জনসংখ্যা কম, তেনে বসতিক পাতল বা বিৰল বসতি বোলে। অতি ঠাণ্ডা অঞ্চল, মৰুভূমি, দুর্গম পাহাৰীয়া অঞ্চল আৰু অনুৰ্বৰ ভূমিত এনে বসতি দেখা যায়।
১০। নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ কেইখনমান নগৰ-চহৰৰ নাম লিখা।
উত্তৰঃ নদীৰ পাৰত অৱস্থিত কিছুমান নগৰ হ’ল—
-
গুৱাহাটী — ব্ৰহ্মপুত্ৰ
-
ডিব্ৰুগড় — ব্ৰহ্মপুত্ৰ
-
পাটনা — গংগা
-
লণ্ডন — টেমছ
-
কাইৰো — নীল
-
বাগদাদ — টাইগ্ৰিছ
-
হায়দৰাবাদ — মুছি নদী
১১। প্রাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ অন্তৰ্গত বিভিন্ন কাৰ্য কি কি?
উত্তৰঃ
প্ৰাথমিক বৃত্তি
প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সম্পদ আহৰণ কৰা কাম।
যেনে—কৃষি, মাছ ধৰা, পশুপালন, বনজ সম্পদ আহৰণ, খনন।
দ্বিতীয়ক বৃত্তি
কেঁচামালক প্ৰস্তুত সামগ্ৰীলৈ ৰূপান্তৰ কৰা কাম।
যেনে—কল-কাৰখানা, উৎপাদন, নিৰ্মাণ উদ্যোগ।
তৃতীয়ক বৃত্তি
সেৱামূলক কাম।
যেনে—ব্যৱসায়-বাণিজ্য, পৰিবহণ, বেংকিং, শিক্ষা, স্বাস্থ্য, যোগাযোগ।
চতুৰ্থক বৃত্তি
জ্ঞান, তথ্য আৰু উচ্চ দক্ষতাভিত্তিক কাম।
যেনে—গৱেষণা, তথ্য-প্ৰযুক্তি, পৰিকল্পনা, পৰামৰ্শ, তথ্য বিশ্লেষণ।
১২। উচ্চভূমি অঞ্চলত কেনে ধৰণৰ খেতি কৰা হয়?
উত্তৰঃ পাহাৰীয়া বা উচ্চভূমি অঞ্চলত ঢালযুক্ত ভূমিৰ বাবে সাধাৰণ সমতল কৃষি সকলো ঠাইতে সম্ভৱ নহয়। এনে অঞ্চলত বেদিকা বা ধাপ কৃষি কৰা হয়। কিছুমান পাহাৰীয়া অঞ্চলত পৰম্পৰাগতভাৱে ঝুম খেতিও কৰা হয়।
ধান, মাকৈ, আলু, আদা, হালধি, কমলা, আনাৰস আৰু বিভিন্ন শাক-পাচলি উচ্চভূমিৰ উপযোগী ঠাইত উৎপাদন কৰা হয়।
১৩। খালী ঠাই পূৰ কৰা
(ক) ______ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
উত্তৰঃ কৃষি
(খ) ______ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।
উত্তৰঃ পানীৰ
(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ______ বসতি বোলে।
উত্তৰঃ ৰৈখিক
(ঘ) পাঠত উল্লেখ কৰা অনুসৰি অসমত গাঁৱৰ সংখ্যা ______ খন।
উত্তৰঃ ২৫,৫৯০
(ঙ) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্রধান উপায় ______।
উত্তৰঃ কৃষি
(চ) পাঠ্যপুথিত উল্লেখ কৰা অনুসৰি উন্নত দেশসমূহত প্ৰায় ______ শতাংশ লোক নগৰ অঞ্চলত বাস কৰে।
উত্তৰঃ ৭০
(ছ) কৃষিয়েই ______ মূল ভিত্তি।
উত্তৰঃ গ্রাম্য বসতিৰ
(জ) আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নথকাত মানুহে ______ জীৱন-যাপন কৰিছিল।
উত্তৰঃ অঘৰী
(ঝ) বসতি বুলিলে সাধাৰণতে মানুহে কোনো ঠাইত ______ কার্যক বুজায়।
উত্তৰঃ স্থায়ীভাৱে বসবাস কৰা
বহুবিকল্পী প্ৰশ্ন (MCQ)
১। মানুহে স্থায়ী বসতি আৰম্ভ কৰাৰ সৈতে কোনটো কাৰ্যৰ গভীৰ সম্পৰ্ক আছে?
(ক) কৃষি
(খ) যুদ্ধ
(গ) নৌযাত্ৰা
(ঘ) শিকার
উত্তৰঃ (ক) কৃষি
২। নদীৰ পাৰৰ মাটি সাধাৰণতে কিয় সাৰুৱা?
(ক) বৰফৰ বাবে
(খ) নদীয়ে পলস জমা কৰাৰ বাবে
(গ) অধিক শিলৰ বাবে
(ঘ) বতাহৰ বাবে
উত্তৰঃ (খ) নদীয়ে পলস জমা কৰাৰ বাবে
৩। তলৰ কোনটো গ্রাম্য বসতিৰ প্রধান জীৱিকা?
(ক) বেংকিং
(খ) তথ্য-প্ৰযুক্তি
(গ) কৃষি
(ঘ) বিমান পৰিবহণ
উত্তৰঃ (গ) কৃষি
৪। নগৰীয়া বসতিত প্রধানকৈ কোনধৰণৰ কাৰ্য অধিক?
(ক) কেৱল কৃষি
(খ) কেৱল পশুপালন
(গ) কেৱল মাছ ধৰা
(ঘ) উদ্যোগ, ব্যৱসায় আৰু সেৱা
উত্তৰঃ (ঘ) উদ্যোগ, ব্যৱসায় আৰু সেৱা
৫। ৰাস্তা বা নদীৰ কাষে কাষে শাৰী পাতি গঢ়ি উঠা বসতি কি?
(ক) ৰৈখিক বসতি
(খ) বৰ্গক্ষেত্ৰাকাৰ বসতি
(গ) তৰাৰূপী বসতি
(ঘ) পাতল বসতি
উত্তৰঃ (ক) ৰৈখিক বসতি
৬। বহু ৰাস্তা মিলিত হোৱা ঠাইৰ পৰা বিস্তাৰ হোৱা বসতি কি?
(ক) ৰৈখিক
(খ) তৰাৰূপী
(গ) পাতল
(ঘ) বিচ্ছিন্ন
উত্তৰঃ (খ) তৰাৰূপী
৭। অতি ঠাণ্ডা বা মৰুভূমি অঞ্চলত সাধাৰণতে কেনে বসতি দেখা যায়?
(ক) ঘন বসতি
(খ) কেন্দ্ৰীভূত বসতি
(গ) পাতল বসতি
(ঘ) বৃহৎ নগৰ
উত্তৰঃ (গ) পাতল বসতি
৮। তলৰ কোনটো দ্বিতীয়ক বৃত্তি?
(ক) কৃষি
(খ) মাছ ধৰা
(গ) গৱেষণা
(ঘ) কল-কাৰখানাত উৎপাদন
উত্তৰঃ (ঘ) কল-কাৰখানাত উৎপাদন
৯। তলৰ কোনটো তৃতীয়ক বৃত্তি?
(ক) বেংকিং
(খ) খনন
(গ) কৃষি
(ঘ) বনজ সম্পদ সংগ্ৰহ
উত্তৰঃ (ক) বেংকিং
১০। তলৰ কোনটো চতুৰ্থক বৃত্তি?
(ক) পশুপালন
(খ) তথ্য-প্ৰযুক্তি আৰু গৱেষণা
(গ) মৎস্য পালন
(ঘ) কৃষি
উত্তৰঃ (খ) তথ্য-প্ৰযুক্তি আৰু গৱেষণা
১১। লণ্ডন কোন নদীৰ পাৰত অৱস্থিত?
(ক) নীল
(খ) টাইগ্ৰিছ
(গ) টেমছ
(ঘ) গংগা
উত্তৰঃ (গ) টেমছ
১২। কাইৰো কোন নদীৰ পাৰত অৱস্থিত?
(ক) গংগা
(খ) ব্ৰহ্মপুত্ৰ
(গ) টেমছ
(ঘ) নীল
উত্তৰঃ (ঘ) নীল
১৩। কেন্দ্ৰীভূত বসতি গঢ়ি উঠাৰ এটা প্রধান কাৰণ কি?
(ক) সকলো সুবিধা একে অঞ্চলত পোৱা
(খ) পানীৰ সম্পূর্ণ অভাৱ
(গ) অত্যন্ত দুর্গম ভূমি
(ঘ) কৃষিৰ সম্পূর্ণ অভাৱ
উত্তৰঃ (ক) সকলো সুবিধা একে অঞ্চলত পোৱা
১৪। পাহাৰীয়া ঢালত কোনধৰণৰ কৃষি উপযোগী?
(ক) গভীৰ সাগৰীয় কৃষি
(খ) বেদিকা কৃষি
(গ) নগৰ কৃষি
(ঘ) মৰুভূমি কৃষি
উত্তৰঃ (খ) বেদিকা কৃষি
১৫। গাঁও আৰু নগৰৰ মাজৰ প্রধান সম্পৰ্ক কিহৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) কেৱল ৰাজনীতি
(খ) কেৱল ধৰ্ম
(গ) সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদান
(ঘ) কেৱল খেল-ধেমালি
উত্তৰঃ (গ) সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদান
১৬। বসতিৰ অৰ্থ কি?
(ক) কেৱল পথ নিৰ্মাণ
(খ) কেৱল কৃষি কৰা
(গ) কেৱল বজাৰ বহা
(ঘ) মানুহে কোনো ঠাইত বাসস্থান স্থাপন কৰি বসবাস কৰা
উত্তৰঃ (ঘ) মানুহে কোনো ঠাইত বাসস্থান স্থাপন কৰি বসবাস কৰা
Teacher Generate Question Answer
বসতি
১। মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা লিখা?
উত্তৰঃ আদিম অৱস্থাত মানুহে অঘৰী হিচাপে জীৱন যাপন কৰিছিল। খাদ্য়ৰ সন্ধানত তেওঁলোকে এঠাই পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল। কালক্ৰমত জনসংখ্য়া বৃদ্ধি হৈ অহাৰ ফলত তেওঁলোকে বিভিন্ন ঠাই ঘূৰি ফুৰি খাদ্য় সংগ্ৰহ কৰাটো তেওঁলোকৰ বাবে অধিক অসুবিধাজনক হৈ পৰিছিল। এইদৰে ঘূৰি ফুৰাটো তেওঁলোকৰ বাবে সুৰক্ষিতো নাছিল। যেতিয়া তেওঁলোকে গুটি গজাই শস্য় উৎপাদন কৰিব পৰা অৱস্থা পালে তেতিয়া তেওঁলোকৰ অঘৰী জীৱনৰ অন্ত পৰিল। তেতিয়া তেওঁলোকে সুবিধাজনক আৰু সুৰক্ষিত ঠাই নিৰ্বাচন কৰি তাতে কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে আৰু স্থায়ীভাৱে বসতি কৰিবলৈ ল’লে ।
২। মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ কি?
উত্তৰঃমানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতীৰ বাবে নিৰ্বচন কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-
১) নদীৰ পাৰৰ সাৰুৱা মাটিত খেতি ভাল হয়।
২) নৈ পৰীয়া জলবায়ু স্বাস্থ্য়কৰ।
৩) মাছ ধৰা কাৰ্যক বৃত্তি হিচাপে লৈও জীৱন-নিৰ্বাহ কৰিব পাৰি।
৪) ঘৰ-দুৱাৰ সাজিবৰ বাবে সামগ্ৰী সহজতে পোৱা যায়।
৫) পানীৰ অভাৱ নহয়।
৩। গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি?
উত্তৰঃগাঁৱতকৈ নগৰত জনসংখ্য়া অধিক হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-
১) নগৰত যাতায়ত ব্য়ৱস্থা উন্নত।
২) উন্নত মানৰ চিকিৎসা ব্য়ৱস্থা।
৩) শিক্ষানুষ্ঠানৰ সুবিধা ভাল।
৪) নিযুক্তিৰ পথ সহজ।
৫) উদ্য়োগ-প্ৰতিষ্ঠানত সহজে নিযুক্তি পাব পাৰি।
৪। গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ পাৰ্থক্য লিখা।
উত্তৰঃ গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-
১) গাঁওৰ লোকৰ প্ৰধান বৃত্তি হৈছে কৃষি।
আনহাতে, নগৰীয়া লোকৰ প্ৰধান বৃত্তি হৈছে ব্য়ৱসায়-বাণিজ্য়,উদ্য়োগ-প্ৰতিষ্ঠান আৰু সেৱামূলক কাৰ্য।
২) গ্ৰাম্য় বসতি পাতল আৰু বিস্তৃত ।
আনহাতে, নগৰীয়া বসতি ঘন আৰু স্তূপীকৃত।
৩) গ্ৰাম্য় বসতি অঞ্চলত যাতায়ত ব্য়ৱস্থা উন্নত নহয়।
আনহাতে, নগৰীয়া বসতিৰ যাতায়ত ব্য়ৱস্থা উন্নত আৰু সুচল।
৪) গ্ৰাম্য় বসতি অঞ্চলত যান-বাহনৰ সংখ্য়া কম।
আনহাতে, নগৰীয়া বসতি অঞ্চলত যান-বাহনৰ সংখ্য়া বেছি।
৫) গ্ৰাম্য় বসতি অঞ্চলত ব্য়ৱসায়-বাণিজ্য়ৰ সুবিধা কম।
আনহাতে, নগৰীয়া বসতি অঞ্চলত ব্য়ৱসায়-বাণিজ্য়ৰ সুবিধা বেছি।
৫। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ’ল-
১) গাঁৱত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে কৃষি।
২) গাঁৱৰ ঘৰ-দুৱাৰসমূহ সাধাৰণতে পৰম্পৰাগত আৰু থলুৱা সামগ্ৰীৰে নিৰ্মিত।
৩) গাঁৱত বসতি পাতল আৰু বিস্তৃত্ব।
৪) গাঁৱলীয়া বসতি অঞ্চলত যাতায়ত ব্য়ৱস্থা উন্নত নহয়।
৫) গাঁৱলীয়া বসতি অঞ্চলত ব্য়ৱসায়-বাণিজ্য়ৰ সুবিধা কম।
৬। কেন্দ্রীভূত বসতি কেনে ধৰণে সৃষ্টি হয়?
উত্তৰঃ যেতিয়া কোনো এটা অঞ্চলত সকলো ধৰণৰ সুবিধা পোৱা যায়, যেনে- সাৰুৱা মাটি, পানীৰ সুবিধা, ঘৰ-দুৱাৰ সাজিবৰ বাবে সা-সঁজুলি সহজতে পোৱা, পৰিবহণ,যাতায়ত আদি সুচল হয় তেনে ঠাইত মানুহে বেছিকৈ বাস কৰিবলৈ লয়। তেনে অঞ্চললৈ মানুহ বেছিকৈ আকৰ্ষিত হোৱাৰ বাবে মানুহৰ বসতি থূপ খাই কেন্দ্ৰীভূত বসতিৰ সৃষ্টি হয়।
৭। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনে ধৰণৰ?
উত্তৰঃ পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায়সমূহ হ’ল ব্য়ৱসায়-বাণিজ্য়, উদ্য়োগ আৰু সেৱামূল কাৰ্য।
৮। গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃগাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সাধাৰণতে বেপাৰ-বাণিজ্য় আৰু সেৱামূলক কাৰ্য়সমূহৰ দ্বাৰা গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক বৰ্তি থাকে। গাঁওৰ লোকে খেতিৰ দ্বাৰা উৎপাদিত সামগ্ৰী নগৰলৈ যোগান ধৰে আৰু নগৰৰ মানুহেও ঔদ্য়োগিক উৎপাদিত দ্ৰব্য় আৰু অন্য়ান্য় সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক,ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তি আছে। কিন্তু বৰ্তমান আধুনিক যুগত ম’বাইল ফোন, টেলিভিছন, ইন্টাৰনেটৰ যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে।
৯। চমুটোকা লিখা—
ৰৈখিক বসতি, বৰ্গক্ষেত্রাকাৰ বসতি, তৰাৰূপী বসতি, পাতল বসতি।
উত্তৰঃ
ৰৈখিক বসতিঃ গাঁও অঞ্চলত ওখ ৰাস্তা, নদীৰ পাৰে পাৰে, ওখকৈ বন্ধা মথাউৰি অথবা সাগৰীয় উপকূলৰ কাষে কাষে, দীঘলীয়া শাৰী শাৰীকৈ কিছুমান বসতি গঢ় লৈ উঠা দেখা যায়। এনেকৈ ৰেখাৰ সদৃশ শাৰী শাৰীকৈ গঢ় লৈ উঠা জনবসতিৰ প্ৰতিৰূপক ৰৈখিক বসতি বোলে।
বৰ্গক্ষেত্ৰাকাৰ বসতিঃ কোনো কোনো অঞ্চলত ৰাস্তা-ঘাটবিলাক আয়তাকৃতিত নিৰ্মাণ কৰা হয়। ৰাস্তাবোৰৰ পৰিপ্ৰেক্ষিতত যিবোৰ আয়তাকৃতিৰ আৰ্হিত বসতি গঢ় লৈ উঠে তাক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে।
তৰাৰূপী বসতিঃ সাধাৰণতে গাঁৱৰ যিবোৰ ঠাইত দুটা বা ততোধিক ৰাস্তা লগলাগে সেইবোৰ ঠাইত ঘন বসতি গঢ় লৈ উঠা দেখা যায়। ৰাস্তাৰ কাষে কাষে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলতে তিনিআলি, চাৰিআলি বা পাঁচআলি কেন্দ্ৰ কৰি বসতি বাঢ়ি গৈ তৰাৰ দৰে হয়। তাকে তৰাৰূপী বসতি বোলে।
পাতল বসতিঃ পৃথিৱীৰ যিবোৰ ঠাই অতি মাত্ৰা গৰম বা অতি মাত্ৰা ঠাণ্ডা, ভূ-প্ৰকৃতি অসমান, পহাৰ-পৰ্বতে আৱৰা তথা শিলাময়, তেনে ঠাইত মানুহৰ বসতি সেৰেঙা বাবে তেনে ঠাইৰ বসতিক বিৰল বসতি বা পাতল বসতি বোলে এনে ঠাইবোৰত মানুহৰ জীৱন বৰ কষ্টকৰ হয় আৰু খেতি-বাতিও কৰিব নোৱাৰে। উদাহৰণস্বৰূপে; বিষুৱীয় অঞ্চল, মেৰু অঞ্চল, মৰুভূমি অঞ্চল, পৰ্বতপাহাৰৰ ঢাল আদি।
১০। নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ কেইখনমান নগৰ-চহৰৰ নাম লিখা।
উত্তৰঃডিব্ৰুগড়, গুৱাহাটী,লণ্ডন, বাগদাদ, কাইৰো, পাটনা, হায়দৰাবাদ আদি।
১১। প্রাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ অন্তৰ্গত বিভিন্ন কার্য কি কি?
উত্তৰঃ প্ৰাথমিক বৃত্তি- কৃষি কাৰ্য।
দ্বিতীয়ক বৃত্তি- উদ্য়োগ – প্ৰতিষ্ঠান।
তৃতীয়ক বৃত্তি- সেৱামূলক কাৰ্য।
চতুৰ্থক বৃত্তি- বেপাৰ-বাণিজ্য়।
১২। উচ্চভূমি অঞ্চলত কেনে ধৰণৰ খেতি কৰা হয়?
উত্তৰঃ উচ্চভূমি অঞ্চল পাহাৰ-পৰ্বতেৰে অৱৰা ওখোৰা-মোখোৰা ঠাই। এই অঞ্চলত পানীৰ সুবিধা নাই আৰু ঠাইবোৰ এঢলীয়া হোৱাৰ বাবে খেতিৰ বাবে উপযোগী নহয়। সেয়েহে এই অঞ্চলত বেদিকা আৰু ঝুম পদ্ধতিৰে খেতি কৰা হয়। এই পদ্ধতিৰে উৎপাদিত খাদ্য়-শস্য়বোৰ হৈছে ধান, মাকৈ, তিল, আলু, কচু, শাক-পাচলি, কমলা, মাটি কঁঠাল আদি।
১৩। খালী ঠাই পূৰ কৰা :
ক)______কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
উত্তৰঃকৃষি
খ) _______ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।
উত্তৰঃপানীৰ
গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক _______ বসতি বোলে।
উত্তৰঃৰৈখিক
ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা_______ খন।
উত্তৰঃ ২৫,৫৯০
ঙ) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় _______হৈছে
উত্তৰঃ কৃষি
চ) উন্নত দেশবোৰত শতকৰা_______ জন লোক নগৰ অঞ্চলত বাস কৰে।
উত্তৰঃ ৭০
ছ) কৃষিয়েই_______ মূল ভিত্তি।
উত্তৰঃ গ্ৰাম্য় বসতিৰ
জ) আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নথকাত মানুহে_______জীৱন-যাপন কৰিছিল।
উত্তৰঃঅঘৰী
ঝ) বসতিয়ে সাধাৰণতে মানুহৰ _______কার্যকহে বুজায়।
উত্তৰঃস্থায়ী ভাৱে বসবায় কৰা
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post